ETV Bharat / lifestyle

দীপাৱলীৰ নিশা কি বিধি পালন কৰিলে লাভ কৰিব শুভ ফল

জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাৰ পৰা জানক দীপাৱলীৰ নিশা কৰিবলগীয়া কিছু বিধি...

DIWALI 2023
জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 2:15 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি পোহৰৰ উৎসৱ দীপাৱলী । সমান্তৰালভাবে আজিকালি পূজাও উদযাপন কৰা হয় । দৰাচলতে কালী পূজা বছৰৰ প্ৰতিটো অমাৱস্যা তিথিতে কৰা হয় । দীপাৱলীৰ দিনাও যিহেতু অমাৱস্যা তিথি থাকে সেয়ে দীপাৱলীৰ দিনাও কালী পূজা কৰা হয় । দীপাৱলীৰ নিশাটো খুব বেছি শক্তিশালী হয় । সেইবাবে দীপাৱলীৰ এই সময়ছোৱাত মা লক্ষ্মীৰো পূজা কৰা হয় ।

দীপাৱলীৰ তাৎপৰ্য

লোকবিশ্বাস অনুসৰি ভগবান ৰামচন্দ্ৰই ১৪ বছৰৰ বনবাসৰ অন্তত লগতে লংকাপতি ৰাৱণক বধ কৰি আজিৰ দিনটোতে অযোধ্যালৈ উভতি আহিছিল । ৰামচন্দ্ৰ অযোধ্যালৈ ওভতাৰ দিনা ৰামচন্দ্ৰক আদৰিবলৈ চৌদিশে আলোকেৰে সজ্জিত কৰা হৈছিল । ইফালে আন এক লোকবিশ্বাস অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত দীপাৱলীৰ দিনটোত মা লক্ষ্মী সমুদ্ৰ মন্থনৰ পৰা আবিৰ্ভাৱ হৈছিল আৰু একেদিনা মা লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ।

দীপাৱলীৰ নিশা কি কৰিব ?

দীপাৱলীৰ নিশা মা লক্ষ্মীৰো পূজা কৰা হয় ৷ সন্ধিয়া 7 বজাৰ পাছত লক্ষ্মী পূজা কৰিলে ভাল ৷ লগতে সিংহ লগ্ন ল’ব লাগে নাইবা কুম্ভ লগ্ন, বৃষ লগ্ন ল’ব পাৰিলে ভাল ৷ বৃষ লগ্ন ল‘লে ভাল হয় ৷ সেই সময়খিনিত আপোনালোকে পূজা-পাতল কৰিব পাৰে ৷

দীপাৱলী দিনা পূজা কৰোতে আপোনালোকে এটা সৰু যজ্ঞ কৰিব পাৰে ৷ সৰু মাটিৰ মলা এটা পাৰিলে গংগাজলেৰে শুদ্ধ কৰি ল’ব ৷ তাত অকণমান শুকান গোবৰ আৰু কৰ্পূৰ দি ল’ব ৷ যদি সম্ভৱ হয় সৰু সৰু আম খৰি কেইডাল মান দি ল’ব ৷ কৰ্পূৰে দিব পাৰে ৷ লগতে এটা সৰু নাৰিকল সৰু সৰু কৈ 108 টুকুৰা কৰি ল’ব ৷ নাৰিকলখিনিত অকণমান ঘি মিহলাই আৰু অকণমান নভগা অৰ্থাৎ অক্ষত চাউল মিহলাই মা লক্ষ্মীৰ হোমত অৰ্পণ কৰিব ৷

যেতিয়া জুইকুৰা প্ৰজ্বলিত কৰিব তেতিয়া ভালদৰে ভগৱানক স্মৰণ কৰিব ৷ বস্তুখিনি অৰ্পণ কৰা সময়ত "ওম শ্রীং স্বাহা" উচ্চাৰণ কৰিব ৷ এনেকৈ 108 বাৰ আহুতি দিব ৷ মন কৰিব যে আপোনাৰ আহুতি সম্পূৰ্ণ নোহোৱালৈকে জুইকুৰা যাতে নুমাই নাযায় ৷ আহুতি সম্পূৰ্ণ হোৱাৰ পাছত সেই মাটিৰ মলাটো হাতত লৈ ধোঁৱাখিনি গোটেই ঘৰতে দিব ৷ যজ্ঞৰ ছাইখিনি অকণমান অকণমান আপুনি আপোনাৰ ঘৰত কেচৰ লকাৰত থ’ব পাৰে ৷ টিলক লগাব পাৰে অথবা কাগজত বান্ধি মানি বেগত থ’ব পাৰে ৷ দীপাৱলীৰ দিনটোত লক্ষ্মী পূজা কৰিলে গোটেই বছৰটোয়ে ধনে ধন্যে পৰিপূৰ্ণ হৈ থাকে বুলি কোৱা হয় ৷

লক্ষ্মী পূজাৰ লগতেই গণেশ, নাৰায়ণ আৰু সৰস্বতী পূজা কৰাটো উচিত ৷ উপাৰ্জনৰ ক্ষেত্ৰত বাধা নাশৰ বাবে গণেশক পূজা কৰা হয় ৷ উপাৰ্জনৰ ভাৰসাম্যৰ বাবে নাৰায়ণ দেৱতাক পূজা কৰা হয় ৷ জ্ঞানৰ বাবে অৰ্থাৎ উপাৰ্জিত ধন ক’ত খৰছ কৰিছো যদি তাৰ জ্ঞান যদি আমাৰ নাথাকে তেতিয়া ধনৰ অপচয় হ'ব পাৰে, সেয়ে সৰস্বতী পূজা কৰা হয় ৷ ধনতেৰচৰ পৰা দীপাৱলী সময়ছোৱাত যদি আমি গোটেই কেইগৰাকী দেৱ দেৱতাৰ পূজা কৰিব পাৰো তেন্তে ধন ধন্যৰে পৰিপূৰ্ণতা থকা হয় বুলি কোৱা হয় ৷

লগতে পঢ়ক : গৌৰৱেৰে কওক, এইয়া স্বদেশী; দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কৰিলে বিশেষ আহ্বান

দীপাৱলী উপলক্ষে বিভিন্ন ফুল-মিঠাইৰ আৰ্হিৰ ম'মবাতি প্ৰস্তুত কৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিছে সুৰভিয়ে

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই দীপাৱলীত আতচবাজী নহয়, মাটিৰ চাকিৰে আলোকিত কৰাৰ আহ্বান কংগ্ৰেছৰ