ব্যয়বহুল বিদেশ যাত্ৰা কিয়! অসমতে আছে এইসমূহ সুন্দৰ স্থান
যদি আপুনিও পৰা ব্যস্ততাৰে ভৰা ঠাইৰ কোলাহলৰ পৰা আঁতৰি এখনি শান্তিপূৰ্ণ ঠাইত যাবলৈ বিচাৰিছে তেন্তে উত্তৰ-পূবৰ এই পাঁচখন ধুনীয়া ঠাইলৈ এবাৰ হ’লেও যাব পাৰে-

Published : November 6, 2025 at 3:08 PM IST
আমাৰ উত্তৰ-পূৰ্বাঞ্চলখন প্ৰাকৃতিক সৌন্দৰ্য, সংস্কৃতি, শান্তিৰ বাবেই জনাজাত ৷ ইয়াৰ মনোমোহা পাহাৰ, জলপ্ৰপাত, নীলা আকাশ, আৰু সৰল জীৱনশৈলীয়ে সকলোকে আকৰ্ষণ কৰে ৷ সাত ভগ্নী নামেৰে পৰিচিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ নিজস্ব স্বকীয় পৰিচয় আৰু কাহিনী আছে ৷
যদি আপুনিও ব্যস্ততাৰে ভৰা ঠাইৰ কোলাহলৰ পৰা আঁতৰি এখনি শান্তিপূৰ্ণ ঠাইত যাবলৈ আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব বিচাৰিছে তেন্তে উত্তৰ-পূবৰ এই পাঁচখন ধুনীয়া ঠাইলৈ এবাৰ হ’লেও যাব পাৰে ৷ চাও আহক তালিকা-
শ্বিলং, মেঘালয়
মেঘালয়ৰ ৰাজধানী শ্বিলং শীতল বতাহ, জলপ্ৰপাত, পাহাৰ আদিৰ বাবে জনাজাত ৷ হাতী জলপ্ৰপাত আৰু শ্বিলং শৃংগৰ পৰা চহৰখনৰ মনোমোহা দৃশ্য দেখা যায় ৷ উমিয়াম হ্ৰদৰ নিশ্চিন্ততা আৰু ব্যস্ততাৰে ভৰা শ্বিলঙৰ পুলিচ বজাৰে ইয়াৰ সৌন্দৰ্য আৰু অধিক বৃদ্ধি কৰে ৷ এই চহৰখন সংগীতপ্ৰেমীসকলৰ বাবে এক বিশেষ স্থান, কিয়নো ইয়াত স্থানীয় বেণ্ড সংস্কৃতি অতি জনপ্ৰিয় ৷
গেংটক, ছিকিম
গেংটক ছিকিমৰ ৰাজধানী আৰু হিমালয়ৰ কোলাত নিহিত এখন শান্ত চহৰ ৷ ইয়াৰ পৰা কাঞ্চনজংঘা পৰ্বতৰ দৃশ্য সপোনৰ দৰে দৃশ্য ৷ এম জি ৰোড, ৰুমটেক মঠ, টছমগো হ্ৰদ আৰু নাথুলা পাছ আদি মূল আকৰ্ষণ ৷ বৌদ্ধ সংস্কৃতি, ৰঙীন ধৰ্মীয় পতাকা আৰু শীতল বতাহে প্ৰতিজন পৰ্যটককে শান্তিৰ অনুভূতি প্ৰদান কৰে ৷
টাৱাং, অৰুণাচল প্ৰদেশ
টাৱাং বৰফেৰে আবৃত পাহাৰ আৰু মঠ-মন্দিৰৰ বাবে জনাজাত ৷ টাৱাং মঠ ভাৰতৰ অন্যতম বৃহৎ বৌদ্ধ মঠ ৷ ইয়াৰ স্থাপত্য আৰু আধ্যাত্মিক শক্তি অনন্য ৷ শীতকালত ইয়াৰ হ্ৰদবোৰ বৰফেৰে আবৃত হয় আৰু সমগ্ৰ উপত্যকাটো বগা ৰঙৰ আৱৰণেৰে আবৃত হয় ৷ যদি আপুনি দুঃসাহসিক আৰু শান্তি দুয়োটা অনুভৱ কৰিব বিচাৰে তেন্তে টাৱাং আপোনাৰ বাবে এক নিখুঁত গন্তব্যস্থান ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসম
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰকৃতি আৰু বন্যপ্ৰাণী প্ৰেমীৰ বাবে কোনো স্বৰ্গতকৈ কম নহয় ৷ এই উদ্যানখন এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰও ৷ ইয়াত জীপ ছাফাৰী বা হাতী যাত্ৰাৰ জৰিয়তে হাতী, বাঘ, চৰাই, হৰিণ আদি প্ৰাকৃতিক বাসস্থানত দেখা পোৱা যায় ৷
আইজল, মিজোৰাম
আইজল মিজোৰামৰ ৰাজধানী আৰু ইয়াৰ নিস্তব্ধ উপত্যকা, পাহাৰ, আৰু সংস্কৃতিৰ বাবে পৰিচিত ৷ ৰাস্তাৰ পৰা উপত্যকাৰ দৃশ্যবোৰে নিশ্চয় আপোনাৰ মন মোহিবলৈ সক্ষম হ’ব ৷ স্থানীয় বজাৰত মিজো হস্তশিল্প আৰু বাঁহৰ শিল্পকৰ্ম চাবলৈ নাপাঢ়িব ৷ ইয়াৰ স্থানীয় লোকসকল অত্যন্ত বন্ধুত্বপূৰ্ণ, আৰু চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই ইয়াক আৰু অধিক বিশেষ কৰি তোলে ৷
লগতে পঢ়ক

