বিবাহৰ বাবে জীৱনসংগী বাচনি কৰোঁতে মানি চলক চাণক্যৰ এই পৰামৰ্শ, অন্যথা...
আচাৰ্য চাণক্যই বিবাহ সম্পৰ্কত বহু উপদেশ আগবঢ়াই গৈছে, তেওঁৰ এই উপদেশ বুজি সংগী নিৰ্বাচনৰ ক্ষেত্ৰত আগবাঢ়িলে ভৱিষ্যত জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰিব, জানো আহক এই বিষয়ে-

Published : November 26, 2025 at 4:58 PM IST
ভাৰতীয় সমাজত আচাৰ্য চাণক্যই এক সুকীয়া স্থান দখল কৰি আহিছে । এই প্ৰাচীন ভাৰতীয় পণ্ডিতগৰাকী ভাৰতীয় ইতিহাসৰ অন্যতম জ্ঞানী তথা বুদ্ধিমান ব্যক্তি হিচাপে পৰিচিত । অৱশ্যে কেৱল ইতিহাসৰ পাততে নহয়, নিজৰ অসাধাৰণ জ্ঞানৰ জৰিয়তে আচাৰ্য চাণক্য বৰ্তমানৰ লগতে ভৱিষ্যতৰ সমাজখনতো প্ৰাসঙ্গিক হৈ থাকিব । মানৱ জীৱনৰ সৈতে জড়িত প্ৰতিটো দিশৰ ওপৰতে চাণক্যই নিজৰ বিচাৰ-বুদ্ধিৰে উপযুক্ত পৰামৰ্শ তথা বিধান আগবঢ়াই গৈছে । বিবাহৰ ক্ষেত্ৰতো চাণক্যৰ বচন অত্যন্ত গুৰুত্বপূৰ্ণ ।
আচাৰ্য চাণক্যৰ মতে বিবাহ কেৱল দুগৰাকী ব্যক্তিৰ মাজৰ সম্পৰ্ক নহয়, ই দুটা পৰিয়ালৰো মিলন । সেয়ে আচাৰ্য চাণক্যই বিবাহ সম্পৰ্কত বহু উপদেশ আগবঢ়াই গৈছে । তেওঁৰ এই উপদেশ বুজি সংগী নিৰ্বাচনৰ ক্ষেত্ৰত আগবাঢ়িলে ভৱিষ্যত জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰিব । জানো আহক এই বিষয়ে-
পৰিয়াল আৰু মূল্যবোধ
চাণক্য নীতি মতে এজন ব্যক্তিৰ ওপৰত পৰিয়াল বা তেওঁ বাস কৰা পৰিবেশটোৱে যথেষ্ট প্ৰভাৱ পেলায় । সেয়ে বিবাহৰ পূৰ্বে সংগীৰ লগতে তেওঁৰ পৰিয়ালটোক বুজি লোৱাটো প্ৰয়োজনীয় । আচাৰ্য চাণক্যৰ মতে বিবাহৰ পিছত কেৱল দুজন ব্যক্তিয়েই নহয়, দুটা পৰিয়ালৰ সৈতেও সংযুক্ত হৈ পৰে । মূল্যবোধ আৰু ইতিবাচক পৰিৱেশে সম্পৰ্ক অধিক দৃঢ় কৰি তোলে ।
স্বভাৱ
আচাৰ্য চাণক্যৰ মতে এটা সম্পৰ্ক সম্পূৰ্ণৰূপে সংগীৰ স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰে । সংগী নিৰ্বাচনৰ সময়ত তেওঁ শান্ত স্বভাৱৰ নে ৰুক্ষ স্বভাৱৰ সেয়া পৰীক্ষা কৰক । লগতে সংগী ভালদৰে বুজন হয় নে তথা তৰ্ক কৰাৰ অভ্যাস আছে নেকি, সেয়া চাওক । বৈবাহিক সম্পৰ্কত বুজাবুজিৰ ভাৱ অতি প্ৰয়োজনীয় ।
অভ্যাস আৰু আচৰণ
সংগীৰ সৰু সৰু অভ্যাসেও আপোনাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে বুলি আচাৰ্য চাণক্যই সকীয়াই দিছে । মিছা কথা কোৱাৰ অভ্যাস, প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ, অপ্ৰয়োজনীয়ভাৱে ধন খৰচ কৰাৰ অভ্যাস থাকিলে পিছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । সেয়ে বৈবাহিক জীৱনত মানসিক চাপ আৰু ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ বিয়াৰ পূৰ্বে এই অভ্যাস চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ বুলি তেওঁ কয় ।
দায়িত্ববোধ আৰু ধনৰ ব্যৱহাৰ
চাণক্য বচন মতে, জীৱনৰ বাবে ধন অপৰিহাৰ্য, কিন্তু ধনৰ সঠিক ব্যৱহাৰ আৰু সঞ্চয় অধিক গুৰুত্বপূৰ্ণ । বিয়াৰ পূৰ্বে সেয়ে সংগী ধন খৰচ আৰু উপাৰ্জনৰ ক্ষেত্ৰত কিমান দায়বদ্ধ সেয়া ভালদৰে লক্ষ্য কৰক । যদি আপোনাৰ সংগী এইক্ষেত্ৰত সচেতন নহয়, তেতিয়া পিছলৈ আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে ।
আচাৰ্য চাণক্যৰ এই সকলোবোৰ উপদেশ কেৱল প্ৰাচীন গ্ৰন্থৰ পাতত সীমাবদ্ধ নহয়, বৰ্তমানৰ দ্ৰুতগতিত চলি থকা জীৱনতো ই অতি প্ৰাসঙ্গিক আৰু কাৰ্যকৰী । বিবাহ এটা সিদ্ধান্ত নহয়, এটা জীৱনৰ সৰ্ববৃহৎ দায়বদ্ধতা । যিটো সিদ্ধান্তই আপোনাৰ আগন্তুক কেইবা দশকৰ শান্তি, সুখ আৰু মানসিক স্থিৰতা নিৰ্ধাৰণ কৰিব । চাণক্যই কোৱাৰ দৰে, “যি ব্যক্তিয়ে বিবাহৰ আগতে চকু মেলি চায়, বিবাহৰ পিছত চকু বন্ধ কৰি সুখেৰে থাকে; কিন্তু যি ব্যক্তিয়ে বিবাহৰ আগতে চকু বন্ধ কৰি ৰোমান্টিকতাৰ মোহত পৰে, তেওঁ বিবাহৰ পিছত চকু মেলিলে কেৱল দুখ আৰু অনুশোচনাহে পায় ।”আজিৰ দিনত আমি প্ৰেম, সৌন্দৰ্য, চাকৰি, ধন-সম্পত্তিৰ ওপৰত গুৰুত্ব দিওঁ, কিন্তু চাণক্যই আমাক সোঁৱৰাই দিয়ে যে এই সকলোবোৰ ক্ষণস্থায়ী । স্থায়ী সুখ কেৱল স্বভাৱৰ মিল, মূল্যবোধৰ ঐক্য, দায়িত্ববোধ আৰু পৰিয়ালৰ সংস্কাৰৰ মাজতহে লুকাই থাকে ।
যিটো সম্পৰ্কত এই গুণসমূহ থাকে, সেই সম্পৰ্কই যিকোনো বাধা-বিঘিনিৰ মাজতো নিজৰ সম্পৰ্কত অটল থাকে আৰু দুয়োজনেই একেলগে জীৱনত আগবাঢ়ি যায় । সেয়েহে, যেতিয়া আপুনি জীৱনসংগী বাছনি কৰে, তেতিয়া কেৱল হৃদয়ৰ কথা নুশুনি, চাণক্যৰ নীতিৰ এই পৰামৰ্শসমূহো মনত ৰাখক । প্ৰেমৰ ৰং ম্লান হৈ যোৱাৰ পিছতো যাতে সন্মান, বিশ্বাস আৰু বুজাপৰা জীয়াই থাকে, তাৰ বাবে আজিৰ পৰাই সচেতন হওক । এই সৰু সৰু কথাবোৰত মনোযোগ দিলে আপোনাৰ বৈবাহিক জীৱন কেৱল সুখীয়েই নহয়, পৰিপূৰ্ণ আৰু এক আদৰ্শ সম্পৰ্কও হৈ উঠিব । চাণক্যৰ এই অমৰ বাণী সদায় মনত ৰাখিব-
“যস্য সত্যং হৃদয়ং তস্য সৰ্ব্বং সত্যং ভৱতি”
যাৰ মন সত্য আৰু শুদ্ধ, তেওঁৰ সকলো সম্পৰ্ক সত্য আৰু মধুৰ হৈ থাকে ।
লগতে পঢ়ক

