আপোনাৰ ছালখন উজ্জ্বল কৰিবলৈ শীতৰ এই সময়ছোৱাত কি কৰিব ?
শীতৰ এই সময়ত ঘৰুৱাভাৱে কেনেদৰে আপোনাৰ ছালৰ যতন ল'ব ? হাত-ভৰিৰ শুকান সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

Published : January 7, 2026 at 5:13 PM IST
শীতৰ এই সময়ছোৱাত শৰীৰৰ যতন লোৱাটো অতি প্ৰয়োজনীয় ৷ কাৰণ আমাৰ শৰীৰত বহু বেলেগ বেলেগ ধৰণে ঠাণ্ডাই প্ৰভাৱ পেলাব পাৰে ৷ আমাৰ শৰীৰৰ লগতে প্ৰভাৱ পৰে আমাৰ ছাল আৰু চুলিটো ৷ সঘনাই জলবায়ু পৰিবৰ্তনৰ লগতে শীতৰ এই সময়ছোৱাত আমাৰ ছাল আৰু চুলিৰ বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰে ভিতৰত এটা সমস্যা হৈছে ছালৰ শুকানভাৱ আৰু মৃতকোষৰ সমস্যা ৷
শীতৰ বতাহৰ বাবে জলবায়ুত আদ্ৰতা কম থাকে ৷ যাৰ বাবে আমাৰ ছালখন অকমান শুকানৰ লগতে টানি টানি ধৰা যেন অনুভৱ হয় ৷ লগতে মৃত কোষৰ সমস্যা বৃদ্ধি হয় ৷ সেয়ে এই সময়ছোৱাত আপোনাৰ ছালখনক উজ্জ্বল কৰি তুলিবৰ বাবে ঘৰতে কৰিব পৰা এটা সৰু উপায় জানো আহক ৷ লগতে শীতৰ এই সময়ত ঘৰুৱাভাৱে কেনেদৰে আপোনাৰ ছালৰ যতন ল'ব ? হাত-ভৰিৰ শুকান সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷
শীতৰ সময়ত ঘৰুৱাভাৱে কেনেদৰে ল’ব আপোনাৰ ছালৰ যতন
শীতৰ এই সময়ছোৱাত আপোনাৰ ছালখনৰ শুকানভাৱ লগতে মৃতকোষৰ সমস্যা দূৰ কৰিব ছালখন উজ্বল আৰু নিমজ কৰিবলৈ আপোনালোকক লাগিব কফি পাউদাৰ, মিল্ক পাউদাৰ, ৰোজ ৱাটাৰ ৷ উন্নত মানৰ এচামুছ কফি পাউদাৰৰ, পাউদাৰ মিল্ক এচামুছ এই সামগ্রীখিনিৰ সৈতে মিহলাব ৰোজ ৱাটাৰ, যদিহে আপোনাৰ ছালখন বেছি শুকান তেনেহলে তাৰ লগত কেইটোপাল মান কাঠবাদামৰ তেল মিহলাই ভালদৰে এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব ৷ আটাইকৈইটা সামগ্রী ভালদৰেই মিহলাই মুখ আৰু ডিঙিত ভালদৰে লগাব ৷
১০ মিনিটমান সময় ৰৈ হাত দুখন অকমান কেঁচা গাখীৰত তিয়াই মুখখনত আঙুলিৰে লাহে লাহে ঘূৰাই পেকটো উঠাই দিব ৷ তাৰপাছত কুহুমীয়া গৰম পানীৰে মুখ খন ভালদৰে ধুই মশ্বেৰাইজাৰ লগাব ৷
এনেদৰে যদি সপ্তাহত অন্তত দুদিনকৈও কৰে তেন্তে আপোনাৰ ছালত জমা হোৱা মৃতকোষ সমূহ দূৰ হোৱাৰ লগতে ছালখন উজ্জ্বল হ'ব ৷
কেনেদৰে নিজৰ যতন ল'ব ?
নিজকে ধুনীয়া কৰি ৰাখিবলৈ ঘৰুৱা কিছুমান উপায়ৰ লগতে খোৱা খাদ্যৰ ওপৰটো গুৰুত্ব দিব লাগিব ৷ যিহেতু এই সময়চোৱাত বজাৰত সেউজীয়া শাক-পাচলিৰ বজাৰত উপলব্ধ, গতিকে সন্ধিয়াৰ সময়ছোৱাত যদি চুপখোৱাৰ অভ্যাস গঢ়ি তোলে খুব ভাল ৷ বিভিন্ন ধৰণৰ শাকৰ চুপখোৱাৰ লগতে মাংসৰ চুপো খাব পাৰে ৷
লগতে এইসময়ত ছালখন বহুত শুকান হয়, লগতে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত হাত-ভৰিবোৰৰ বিষ অনুভৱ হয় এনেবোৰ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ সকলোৱে ঘিউ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে ৷ আপোনাৰ খাদ্য তালিকাত দিনটোত যদি এচামুছ ঘিউ খাব পাৰে তেনেহলে বিষৰ সমস্যা সমূহ কমাৰ লগতে ছাল নিমজ হৈ থকাৰ লগতে শীতৰ এই দিনকেইটাত ঠাণ্ডালগাৰ ফলত যি সমস্যা হয় সেই সমূহৰ পৰা হাতসাৰি থাকিব পাৰিব ৷
হাত-ভৰিৰ শুকান সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব ?
শীতৰ এই সময়চোৱাত আমাৰ হাত-ভৰিবোৰ খুব শুকান হয় ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এচামুছ ঘিউৰ লগত গোটা দানাৰ চেনি খুব ভালদৰে মিহলাই হাত-ভৰিত যদি খুব ভালদৰে মালিচ কৰি কপাহী সূতাৰ মোজা পিন্ধি শোৱে তেন্তে ভৰিৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে ছালখনো ভালদৰে নিমজ হৈ থাকিব ৷
লগতে পঢ়ক

