বনভোজলৈ যোৱাৰ কথা ভাবিছে নেকি ? কম খৰচতে যাব পাৰিব এইসমূহ ঠাইলৈ
পৰিয়াল, বন্ধুবৰ্গ তথা আত্মীয় স্ব-জনৰ সৈতে যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা কিছু নিলগত গৈ আনন্দ উল্লাসেৰে এসাঁজ খাই পুৰণি বছৰটোক বিদায় দিব পাৰে এই বিশেষ ৫খন বনভোজস্থলীত

Published : November 29, 2025 at 4:05 PM IST
ব্যস্ততাৰে ভৰা জীৱনৰ পৰা আঁতৰি নিজৰ পৰিয়াল, বন্ধুবৰ্গ তথা আত্মীয় স্ব-জনৰ সৈতে যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা কিছু নিলগত গৈ আনন্দ উল্লাসেৰে এসাঁজ খাই পুৰণি বছৰটোক বিদায় দিবলৈ সাজু সকলো ৷ কিন্তু আপুনি যদি এতিয়াও খেলি-মেলিত আছে যে এইবাৰ আপুনি পৰিয়াল, বন্ধুবৰ্গৰ সৈতে ক’ত বনভোজ বা পিকনিক খাবলৈ যাব তেন্তে এই বিশেষ ৫খন বনভোজস্থলী আপোনাৰ বাবে একেবাৰে উত্তম ৷ আজি জানো আহক এই স্থানসমূহৰ বিষয়ে…
ৰাজ্যৰ পৰ্যটনস্থলীসমূহৰ বিষয়ে জানো আহক
দীপৰ বিল
দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি ৷ ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল ৷ ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল ৷ ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয় ৷ ইয়াৰ উপৰিও, বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bired Area) বুলি চিহ্নিত কৰিছে ৷
ইতিহাসে দাবী কৰা মতে, দীপৰ বিল পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল আৰু মেঘালয় ৰাজ্যৰ শাসনকৰ্তা (ৰায়ব্ৰাই চিয়েম) ইয়াত শাসন কৰিছিল বুলি জনা যায় ৷ আহোম আৰু মোগলৰ দিনত দীপৰ বিলখনত জাহাজ মেৰামতি আৰু বয়-বস্তু উঠা-নমা কৰা ঠাই হিচাপে ব্যৱহৃত হৈছিল ৷ ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয় ৷
চানডুবি বিল
চানডুবি বিল অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল ৷ ১৮৯৭ চনৰ অসমৰ বৰভুঁইকপত এই বিলৰ সৃষ্টি হৈছিল ৷ ভূমিকম্পত এই ঠাইৰ হাবি তললৈ বহি গৈ বিল হৈ পৰে ৷ গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত ৷ অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত ৷ এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা ৷ প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে ৷ প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন-সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল ৷ চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো ‘চান্দডুবি’ নাম পায় ৷
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে ৷ সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি ৷ পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয় ৷ প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয় ৷ এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে
উল্লেখ্য যে, চানডুবি বিলৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ইয়াত পৰ্যটকৰ উপৰি ছবি, মিউজিক ভিডিঅ’ ইত্যাদিৰ দৃশ্যগ্ৰহণৰ বাবে নিতৌ বিভিন্নজনৰ আগমন হয় ৷ ইং ২੦২২ চনৰ নৱেম্বৰ মাহত বলিউডৰ বলিষ্ঠ অভিনেত্ৰী কংগনা ৰানাৱটে ইয়াত “ইমাৰ্জেন্সি” শীৰ্ষক বলিউডৰ এখন ছবিৰ শ্বুটিং সম্পন্ন কৰে ৷ এই ছবি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷ ইয়াৰ উপৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত ছুপাৰ হিট অসমীয়া ছবি মিশ্বন চাইনাৰো বহু দৃশ্য চানডুবি বিলৰ পাৰতে গ্ৰহণ কৰা হৈছিল ৷
বগামাটি
বনভোজকাৰী দলবোৰৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰই হৈছে বগামাটি ৷ কেৱল মনোমোহা সৌন্দৰ্যই নহয়, বৰনদীৰ নিৰ্মল জলধাৰাত চলা দুঃসাহসিক অভিযান তথা ৰাফটিঙেও বনভোজকাৰী দলক বগামাটিলৈ আকৰ্ষণ কৰে৷ ইয়াৰ পাহাৰত ট্ৰেকিং তথা পৰ্বতাৰোহণৰ সুবিধা ভ্ৰমণকাৰীসকলৰ বাবে অন্যতম আকৰ্ষণ ৷ অসমৰ ভূ-স্বৰ্গ বগামাটি, হিমালয়ৰ ক’লা ভালুকৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু তথা সৰীসৃপ, বৃক্ষ-গুল্ম-লতা জাতীয় মূল্যৱান গছ-গছনিৰে পৰিৱেষ্টিত এই স্থান কোনো স্বৰ্গতকৈ কম নহয় ৷ যদি প্ৰিয়জনৰ সৈতে এইবাৰ পিকনিকৰ প্লেন আছে তেন্তে এই স্থানলৈ নিশ্চয় যাব পাৰে ৷
উমৰাংছু
উমৰাংছু অসমৰ ডিমা হাছাও জিলাৰ এখন সৰু চহৰ ৷ চহৰখন অসম আৰু মেঘালয়ৰ সীমাত অৱস্থিত, আৰু ডিমা হাচাও জিলাৰ সদৰঠাই হাফলঙৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ১১২ কিলোমিটাৰ ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উমৰাংচুৰ সৌন্দৰ্যই আপোনাকো মোহিত কৰিব ৷ অসমৰ অন্যতম পাহৰীয়া জিলাৰ ঔদ্যোগিক চহৰ উমৰাংচুৰ পানিমুৰত আছে ইক’ ট্যুৰিজিম পার্ক(Eco Tourism Park)৷ ইণ্ডিয়ান নায়েগ্ৰা খ্যাত পানিমুৰ জলপ্ৰপাত(Panimur Waterfalls)ৰ সমীপত সেউজ পৰিৱেশৰ মাজতে নিৰ্মাণ কৰা হৈছে এই পাৰ্কখন ৷
নেপকো শক্তিখণ্ডত ভাৰত চৰকাৰৰ এক উপক্ৰম- উমৰাংছুস্থিত কপিলী জলবিদ্যুৎ সংযন্ত্ৰ নেপকোৰ প্ৰথম প্ৰকল্প ৷ এই প্ৰকল্প অসম মেঘালয়ৰ সীমাত অৱস্থিত ৷ এই অঞ্চলটোত আগতে এটা গৰমপানীৰ উঁহ আছিল, যি এতিয়া প্ৰকল্পৰ উমৰং জলাধাৰৰ তলত বুৰ গৈছে ৷ এই প্ৰকল্পৰ মূল বান্ধটো কপিলী নদীত বন্ধা হৈছে ৷ ১৯৭৬ চনত কামকাজ আৰম্ভ হোৱা এই প্ৰকল্পটোৱে ১৯৮৪ চনৰ পৰা বিদ্যুৎ উৎপাদন কৰি আহিছে ৷ এই প্ৰকল্পটোৰ বাবেই ড॰ ভূপেন হাজৰিকাই তেওৰ কালজয়ী কপিলী কপিলী ৰাংঢালী ছোৱালী গীতটোৰ সৃ্ষ্টি কৰিছিল ৷ উমৰাংছুৰ ওচৰে পাজৰে পোৱা বৃহৎ চূনশিলৰ ভাণ্ডাৰৰ বাবে ইয়াত কেইবাটাও চিমেণ্ট উদ্যোগ প্ৰতিষ্ঠা হৈছে ৷
চৰাইদেউ
ন-কৈ জিলাৰূপে ঘোষণা কৰা পূৰ্বে সামগ্ৰিকভাৱে ই ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা আছিল ৷ বিভাজনৰ পাছত চৰাইদেউ জিলাত আহোম সম্ৰাজ্যৰ প্ৰসাদ কাৰেংঘৰ, এছিয়াৰ পিৰামিডৰূপে বিখ্যাত চৰাইদেউ মৈদাম, শ-ধোৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিকে কৰি বহুতো পুৰণি গাঁও থাকি যায় ৷
আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে ৷ এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলি উঠিছে ৷ আহোম ৰাজশাসনৰ আটাইতকৈ ওখ আৰু একেলগে বহু মৈদাম থকা ঠাইখিনিয়ে হ’ল চৰাইদেউ মৈদাম ক্ষেত্ৰ ৷ ইতিহাসত উল্লেখ থকা অনুসৰি, চৰাইদেউ মৈদাম হিচাপে পৰিচিত মৈদামসমূহ হৈছে ৰাজপৰিয়ালৰ সদস্যসকলক কবৰ দিয়া স্থান ৷ আহোম ৰজা চাওলুং চ্যুকাফাই নিজৰ শাসনকালত চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ৷ ইয়াৰ পাছৰে পৰা চৰাইদেউত আহোম ৰজা আৰু ৰাজপৰিয়ালৰ মৃতকৰ মৈদাম দিয়া হৈছে বুলি জানিব পৰা যায় ৷ ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতেই দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে ৷ বৰ্তমান দেশত স্থিত ৩২টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ (সাংস্কৃতিক)ৰ ভিতৰত উত্তৰ-পূবৰ পৰা কোনো স্থান অন্তৰ্ভুক্ত হোৱা নাই৷ অৱশ্যে, প্ৰাকৃতিক শ্ৰেণীৰ অধীনত থকা ভাৰতৰ সাতটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ বন্যপ্ৰাণী অভয়াৰণ্যৰ নামো সন্নিৱিষ্ট হৈছে৷
মানস ৰাষ্ট্ৰীয় উদ্যান
মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান, ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল, হস্তী সংৰক্ষিত বনাঞ্চল, তথা বায়’ছফিয়েৰ ৰিজাৰ্ভ ৷ ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিলোমিটাৰ নিলগত বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত ৷ উত্তৰে মানস নদী তথা ভূটান ৰাজ্য, দক্ষিণে বাঁহবাৰী, পালসিগুৰি আৰু কাটাঝাৰ গাঁও, পশ্চিমে সোণকোষ নদীৰ পৰা পূৱে ধনশিৰি নদীলৈকে এই ৰাষ্ট্ৰীয় উদ্যানখন বিস্তৃত হৈ আছে ৷ এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যান অধোক্ৰান্তীয় মণ্ডলৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ জলবায়ু সেমেকা তথা ক্ৰান্তীয় ধৰণৰ ৷ এই ৰাষ্ট্ৰীয় উদ্যান বহুতো আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী নল গাহৰি (Pygmy Hog), সোণালী বান্দৰ (Golden Langur) আদিৰ বাসস্থান হিচাপে খ্যাত ৷ বনৰীয়া ম’হৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানস ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে ৷
সোণাপুৰ
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু নদীৰ কাষতে অৱস্থিত এই স্থান প্ৰাকৃতি সৌন্দৰ্যৰে ভৰপূৰ ৷ বৰ্তমান এসময়ত সোণাপুৰৰ আশে-পাশে দেখিবলৈ পোৱা প্ৰাকৃতিক দৃশ্য আৰু সৰিয়হৰ খেতিৰ সৌন্দৰ্যতা সঁচাকৈ অতুলনীয় ৷ ইয়াৰ সমীপত থকা বহুকেইটা জলপ্ৰপাত খুবেই ধুনীয়া ৷ সেয়ে মুঠতে ক’বলৈ গ’লে বনভোজত পৰিয়াল তথা বন্ধু-বান্ধৱৰ সৈতে একেলগে সময় কটাবৰ বাবে এয়াও এক উত্তম স্থান ৷
লগত পঢ়ক

