অশান্ত ফাগুনৰ ধূলিয়ৰি বাটত কেনেদৰে যতনাই ৰাখিব আপোনাৰ চুলি আৰু ছাল ?
এই সময়ছোৱাত ঘৰুৱাভাৱে কেনেদৰে ছাল-চুলিৰ যতন ল'ব ? চুলি সৰা, উফিৰ সমস্যা নাইকিয়া কৰিবলৈ কি কৰিব ? এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞ মালা মহন্তই ।

Published : February 25, 2026 at 10:12 PM IST
গুৱাহাটী : ফাগুনৰ এই সময়ছোৱাত চৌদিশে এক ধূলিময় পৰিৱেশে বিৰাজ কৰে । সমান্তৰালভাৱে এই সময়ছোৱাত বৰষুণৰ প্ৰভাৱ অকণমান কম হোৱাৰ বাবে চৌদিশে এক শুকান পৰিৱেশে বিৰাজ কৰে । বতৰ সলনি হোৱাৰ বাবে এই সময়ছোৱাত বহুতৰে বিভিন্ন ধৰণৰ ছাল-চুলিৰ সমস্যাই দেখা দিয়ে । ছাল-চুলিৰ যতনৰ সমান্তৰালকৈ সকলোৱে খাদ্যাভ্যাসত গুৰুত্ব প্ৰদান কৰা উচিত।
সদায় আমাৰ জলবায়ু অনুযায়ী খাদ্যাভ্যাস হোৱাটো উচিত । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰচলিত যিবোৰ খাদ্যাভ্যাস আছে, সেইবোৰ যদি আমি নিয়মিতভাৱে গ্ৰহণ কৰি থাকোঁ, আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পায় ।
এই সময়ছোৱাত কেনেদৰে ঘৰুৱাভাৱে ছাল-চুলিৰ যতন ল'ব
ধূলিৰ সমস্যাৰ বাবে এইকেইটা দিনত ছালত গুটি গুটি উঠা দেখা যায়, ছালখন টানি টানি ধৰা যেন অনুভৱ হয় । আনহাতে, ধূলিৰ বাবে চুলি লেতেৰা হয়, যাৰবাবে খুব চুলি সৰে । লগতে চুলি যথেষ্ট শুকানো হয় । এই সময়ছোৱাত ঘৰুৱাভাৱে কিছুমান উপায় অৱলম্বন কৰি আপোনাৰ ছাল-চুলিৰ যতন ল'ব পাৰে ।
ছালৰ যতনৰ বাবে আমি সদায় ছালখনক হাইড্ৰেট কৰি ৰাখিব লাগিব । তাৰ বাবে যদি আমি আমাৰ খাদ্যাভ্যাসত পানীলাও, বন্ধাকবি আদি খাব পাৰোঁ তেন্তে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ছালখন আৰ্দ্ৰতাপূৰ্ণ হৈ থাকিব । তদুপৰি চুলিকোছাৰ ক্ষেত্ৰত যদি বাহিৰলৈ ওলাই যায় তেন্তে বাহিৰৰ পৰা আহি চেম্পু কৰিব । চেম্পু কৰাৰ ১ ঘণ্টামানৰ পূর্বে চুলিকোছাত অকণমান তেল লগাব পাৰে ।
চুলি সৰা আৰু উফিৰ সমস্যা নাইকিয়া কৰিবলৈ এই উপায়
চুলি সৰা আৰু উফিৰ সমস্যা নাইকিয়া কৰিবলৈ অতি সহজ পদ্ধতিত ঘৰতে এবিধ তেল প্ৰস্তুত কৰি ল'ব পাৰে । তাৰবাবে আপোনাক লাগিব নাৰিকলৰ তেল, মেঠিগুটিৰ গুড়ি আৰু আমলখিৰ শুকান গুড়ি । আটাইকেইটা সামগ্রী খুব ভালদৰে মিহলাই ঠাণ্ডা কৰি ল'ব । ঠাণ্ডা হোৱাৰ পাছত এটা বটলত ভৰাই এইখিনি সংৰক্ষণ কৰি ৰাখিব পাৰে । প্ৰতিবাৰ চেম্পু কৰাৰ আগত চুলিৰ গুৰিত লগাব । প্ৰতিদিনে এনে কৰাৰ ফলত চুলিৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰিব ।
ছালৰ উজ্জ্বলতাৰ বাবে কি কৰিব
ছালৰ উজ্জ্বলতাৰ লগতে ছালখন টানি টানি ধৰাৰ ভাব নাইকিয়া কৰা আৰু মৃত কোষবোৰ নাইকিয়া কৰি ছালখন শুকান আৰু নিমজ কৰি ৰাখিবলৈ দুচামুচমান অটচ্ গুড়ি কৰি লৈ বা গাখীৰত তিয়াই ৰাখিব পাৰে । তাৰ লগত অকণমান নাৰিকলৰ তেল মিহলাই, দৈনিক বা এদিনৰ মূৰে মূৰে গা ধোৱাৰ পূৰ্বে এই মিশ্ৰণটো মুখ আৰু ডিঙিৰ ছালত লগাই ১০-১৫ মিনিটমান সময় ৰখাৰ পাছত গা ধুব ।
যদিহে ছালত মৃতকোষৰ সমস্যা হৈছে তেন্তে মিশ্ৰণটো ১০-১৫ মিনিটমান লগাই আঙুলিৰে ঘহি ঘহি ধুই পেলাব । এই মিশ্ৰণটো লগোৱাৰ দিনা চাবোন বা বডী ৱাশ্ব ব্যৱহাৰ নকৰিব ।
শালমইনাৰ সমস্যা নাইকিয়া কৰিবলৈ কি কৰিব
যিসকলৰ এই সময়ছোৱাত শালমইনাৰ সমস্যা হয় তাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱে এটা ট'নাৰ প্ৰস্তুত কৰিব পাৰে । তাৰবাবে আপোনাক লাগিব এমুঠি নিমপাত আৰু এমুঠি ক'লা তুলসীৰ পাত । খুব ভালদৰে ধুই এগিলাচমান ফিল্টাৰ পানীত উতলাই ঠাণ্ডা কৰি ল'ব । বটল এটাত ভৰাই এসপ্তাহমানলৈ ফ্ৰিজিং কৰি ৰাখিব । দিনটোত যিমানেই সময় পায়, মুখ ধোৱাৰ পাছত মুখত স্প্ৰে কৰিব ।
এই সময়ত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত
এই সময়ছোৱাত প্ৰকৃতিৰ পৰা উপলদ্ধ এনে কিছু শাক-পাচলি আছে, যিবোৰ খালে আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায় । ইয়াৰে ভিতৰত এটা হৈছে মানিমুনি শাক । মানিমুনি শাক নিয়মিত খালে আমি পেটৰ কিছু সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰোঁ । তদুপৰি আমি যদি প্ৰতি সপ্তাহত তিতা কেৰেলা এদিনকৈ হ'লেও বইল কৰি খাব পাৰোঁ, নাইবা কম তেলত অকণমান ভাপত দি ভাজি খাব পাৰোঁ, তেন্তে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পাব । লগতে ছালৰ কিছুমান সমস্যাৰ পৰাও মুক্ত হৈ থাকিব পাৰিম ।

