ETV Bharat / lifestyle

আজি সৰস্বতী পূজা : কিয় আজিৰ দিনটোৰ পৰাহে বগৰী খাব পাৰি বুলি কোৱা হয় ?

দেৱী সৰস্বতীক সন্তুষ্ট কৰিবলৈ কি কৰিব ? সৰস্বতী পূজাৰ দিনাৰ পৰাই কিয় বগৰী খোৱাৰ কথা আহে ? জ্যোতিষী ড৹ পৰশ মণি শৰ্মাৰ মুখেৰে শুনক -

Saraswati Puja
আজি সৰস্বতী পূজা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 22, 2026 at 6:27 PM IST

|

Updated : January 23, 2026 at 7:17 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি (শুকুৰবাৰ) বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয় । প্ৰতিখন শিক্ষানুষ্ঠান মুখৰিত হৈ পৰে বাগদেৱীৰ আৰাধনাৰে ৷

এই সৰস্বতী পূজাৰ দিনটোতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক সন্তুষ্ট কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰে কেইটামান সৰু কাম-

জ্যোতিষী ড৹ পৰশ মণি শৰ্মা (ETV Bharat Assam)

১) সৰস্বতী পূজাৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে পুৱাই গা-পা ধুই নিজৰ পঢ়া টেবুলখন চাফা কৰি লোৱাৰ লগতে অপ্ৰয়োজনীয় কিতাপ-পত্ৰসমূহ আঁতৰাই ৰাখিলে ভাল ।

২) টেবুল ক্লথখন নতুন পাৰিব পাৰিলে ভাল, নতুন নাথাকিলেও পুৰণিখনকে ভালদৰে ধুই যদি পাৰিব পাৰে, তেন্তে ভাল । পাৰিলে হালধীয়া নহ’লে সেউজীয়া ৰঙৰ টেবুল ক্লথ ব্যৱহাৰ কৰিব পাৰে ।

৩) এটা বাটিত কৰ্পূৰ, নিমখ আৰু চেনি লৈ আপোনাৰ পঢ়া টেবুলত ৰাখিব পাৰে, তেতিয়াও পঢ়া-শুনাত যিবোৰ বাধা থাকে সেইবোৰ দূৰ হ'ব ।

৪) পূজাস্থলীত তিনিগছি ঘি চাকি লগোৱাৰ লগতে যদি তিনিপাহ বগা বা হালধীয়া ফুল দেৱীৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰে তেন্তে ভাল ফলাফল লাভ কৰিব ।

৫) লগতে পূজাস্থলীত সৰস্বতী মাৰ চৰণত নৈবদ্যত ফল হিচাপে কল আৰু বগৰী আগবঢ়াব পাৰে । নহ'লে বগা-হালধীয়া ৰঙৰ মিঠাই অৰ্পণ কৰিব পাৰে ।

৬) পূজাৰ ভোগৰ সামগ্রী হিচাপে হালধি, বুটৰ দাইল, মগু দাইল, নিমখ দান কৰিব পাৰে । যদি শিক্ষাত কোনো বাধা আছে নিমখ দান কৰিলে সেই বাধা দূৰ হ’ব ৷

৭) সৰস্বতী পূজাৰ দিনা মা সৰস্বতীৰ লগতে ব্ৰহ্মাক আৰাধনা কৰিলেও ভাল ফল লাভ কৰিব ।

৮) সৰস্বতী পূজাৰ দিনা আপোনাৰ পঢ়া টেবুলত ময়ূৰৰ পাখি ৰাখিব পাৰে । সৰস্বতী পূজাৰ দিনা সেই ময়ূৰৰ পাখি কেইটা মাৰ চৰণত ৰাখি, যি কেইটা বিষয় অকণমান টান পাই সেই বিষয়কেইটাৰ কিতাপৰ ভিতৰত ৰাখিব পাৰে ।

৯) নীলা অপৰাজিতাৰ গুটিও আপুনি আপোনাৰ পঢ়া টেবুলত ৰখাৰ লগতে যি কেইটা বিষয় অকণমান টান পাই, সেই কেইটা বিষয়ৰ কিতাপৰ ভিতৰত ৰাখিব পাৰে ।

১০) যদিহে বিদ্যা আৰম্ভ কৰিব বিচাৰিছে বা কিবা প্ৰতিযোগিতামূলক পৰীক্ষা দিব বিচাৰিছে, তেন্তে সৰস্বতী পূজাৰ দিনা শিৱলিংগত মৌ অৰ্পণ কৰি সেই বটলটোৰ পৰাই ডালিমৰ ডালিৰে যাৰ পঢ়া-শুনা ভাল কৰিব বিচাৰিছে, তেওঁ জিভাত এম(M) অৰ্থাৎ মা সৰস্বতীৰ যিটো বীজ মন্ত্ৰ, সেইটো লিখিব পাৰিলেও বিদ্যা ভাল হয় ।

সৰস্বতী পূজাৰ দিনা কি ৰঙৰ কাপোৰ পৰিধান কৰিব ?

সৰস্বতী পূজাৰ দিনা বগা আৰু হালধীয়া কাপোৰ পৰিধান কৰিব পাৰিলে ভাল । যিহেতু ২০২৬ বৰ্ষ, সেয়ে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰিলে বেছি ভাল ।

সৰস্বতী পূজাৰ দিনাৰ পৰাই কিয় বগৰী খোৱা হয় ?

যেতিয়া ব্যাসদেৱে মা সৰস্বতীক পূজা কৰিছিল আৰু মা সৰস্বতীৰ পৰা বৰ লাভ কৰিবৰ বাবে চেষ্টা কৰিছিল, তেতিয়া মা সৰস্বতীয়ে তেওঁক এটা ফলৰ গুটি দি তেওঁ য’ত ধ্যান কৰে তাৰ ওচৰতেই সেই গুটিটো ৰোপন কৰিবলৈ কৈছিল । লগতে দেৱী সৰস্বতীয়ে কৈছিল- যেতিয়া সেই গছডাল ডাঙৰ হৈ ফল লাগি ব্যাসদেৱৰ গাত পৰিব, তেতিয়া তেওঁ গম পাব যে সেই তপস্যা তেওঁৰ ভংগ হৈছে । মাঘ মাহৰ শুক্লা পঞ্চমী তিথিৰ দিনাই সেই গছডালৰ ফল ব্যাসদেৱৰ গাত পৰিছিল ৷ সেইবাবে সৰস্বতী পূজাৰ দিনাৰ পৰাই বগৰী খোৱাৰ নিয়ম প্ৰচলন আছে ।

লগতে পঢ়ক : গণেশ দেৱতাক সন্তুষ্ট কৰিব কেনেকৈ, জ্যোতিষীয়ে কি কয় ?

Last Updated : January 23, 2026 at 7:17 AM IST