ৰক্তদান মহান দান : আজি বিশ্ব ৰক্তদাতা দিৱস, মুখ্যমন্ত্রী শৰ্মাৰ ৰক্তদান
ৰক্তদান মহৎ দান - এই মহান দানৰ প্ৰতি লক্ষ্য ৰাখি ২০০৪ চনৰ পৰা প্ৰতি বছৰে ১৪জুনৰ দিনটোত ৰক্তদাতা দিৱস হিচাপে পালন কৰি অহা হৈছে ।

Published : June 14, 2026 at 3:22 PM IST
গুৱাহাটী : আজি বিশ্ব ৰক্তদাতা দিৱস । ৰক্তদানৰ যোগেদি এজন লোকে আন এজন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে । দৈনিক প্ৰতি দুই ছেকেণ্ডৰ মূৰে মূৰে কোনো নহয় কোনো এজন ৰোগীক তেজৰ প্ৰয়োজন হয় । যাৰ বাবে ৰক্তদানৰ বিশেষ প্ৰয়োজনীয়তা আছে ।
প্ৰত্যেক বছৰে একো একোটা বিষয়বস্তু লৈ বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ঘোষিত এই বছৰৰ বিশ্ব ৰক্তদাতা দিৱসৰ বিষয়বস্তু হৈছে 'One Drop of Humanity, Give Blood Save Lives' ।

ৰক্তদানৰ গুৰুত্ব আৰু এই দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বিশিষ্ট ৰক্তৰোগ বিশেষজ্ঞ ডাঃ পবিত্র গগৈৰে ইটিভি ভাৰতৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল । ডাঃ পবিত্র গগৈৰে হোৱা বাৰ্তালাপৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
ডাঃ পবিত্র গগৈৰ সৈতে সাক্ষাৎকাৰ...
বিশ্ব ৰক্তদাতা দিৱসৰ মূল উদ্দেশ্য সন্দৰ্ভত ডাঃ পবিত্র গগৈয়ে কয়, "নিয়মিত আৰু স্বেচ্ছাসেৱী ৰক্তদানৰ প্ৰতি মানুহক উৎসাহিত কৰা । তেজ বা প্লাজমা দানে কিদৰে মানৱ জীৱন ৰক্ষা কৰে সেই বিষয়ে সজাগতা বৃদ্ধি কৰা । লগতে ৰক্তদাতাসকলক তেওঁলোকৰ মহৎ অৱদানৰ বাবে কৃতজ্ঞতা জনোৱা ।"
সকলো মানুহে ৰক্তদান কৰিব পাৰে নে বুলি সোধা প্ৰশ্নৰ উত্তৰত ডাঃ গগৈয়ে কয়, "ৰক্তচাপ স্বাভাৱিক থাকিলে অৰ্থাৎ এজন সুস্থ সবল লোকে ১৮ বছৰ বয়সৰ পৰা ৬৫ বছৰ বয়সলৈকে ৰক্তদান কৰিব পাৰে । ৰক্তদান কৰাৰ সময়ত ব্যক্তিগৰাকীৰ ওজন ন্যূনতম ৪৫ কেজি বা তাৰ ওপৰত হ'ব লাগে । লগতে হিম'গ্লবিন ১২.৫ গ্রাম বা তাতকৈ বেছি হ'ব লাগিব ৷ ১২.৫ গ্রামৰ পৰা ১৭.৫ গ্রামলৈ হিম'গ্লবিনৰ ভিতৰৰ মানুহে ৰক্তদান কৰিব পাৰে । ডায়েবেটিছ ৰোগীসকলেও ৰক্তদান কৰিব পাৰে । নিয়ন্ত্রণত থকা সকলে দিব পাৰে । অৱশ্যে ইনচুলিন ব্যৱহাৰৰ কৰা ৰোগীসকলে ৰক্তদান কৰিব নোৱাৰে । আনহাতে পুৰুষ-মহিলা বুলি কথা নাই সকলোৱে ৰক্তদান কৰিব পাৰে । অৱশ্যে মহিলাসকলে মাহেকীয়া হৈ থকা সময়ত আৰু গৰ্ভৱস্থাৰ সময়ছোৱাত ৰক্তদান কৰিব নোৱাৰে ।"
ডাঃ গগৈয়ে লগতে কয়, "হেপাটাইটিছৰ সমস্যা থকা ৰোগীয়ে গোটেই জীৱন ৰক্তদান কৰিব নোৱাৰে । সেইদৰে কৰ্কট ৰোগীসকলে ৰক্তদান কৰিব নোৱাৰে । আনহাতে এইচ আই ভি থকা সকলে নোৱাৰে । তদুপৰি থাইৰডকে ধৰি আন কেতবোৰ ক্ৰণিক ৰোগৰ ক্ষেত্রত ৰক্তদান নকৰাটো ভাল ।"
ৰক্তদানৰ প্ৰসংগত ডাঃ গগৈয়ে কয়, "এজন সুস্থ সৱল মানুহে তিনি মাহৰ অন্তৰত ৰক্তদান কৰিব পাৰে । এটা ইউনিট ৰক্তৰ দ্বাৰা দহজন ৰোগীৰ চিকিৎসা কৰাৰ ব্যৱস্থা চিকিৎসা বিজ্ঞানত আছে । ৰক্তদান কৰিলে অকল ৰোগীজনৰে লাভ নহয় । পৰোক্ষভাৱে ৰক্তদান কৰা লোকজনৰো লাভ হয় । ৰক্তদান কৰাৰ ফলত ব্যক্তিজনৰ শৰীৰৰ ৰক্তসঞ্চালন ভাল হয় । ৰক্তদান কৰাৰ ৩ ঘণ্টা পিচত এজন লোকে স্বাভাৱিক ধৰণে নিজৰ কাম-কাজ কৰিব পৰা হয় ।"
ডাঃ গগৈয়ে কয়, "ৰক্তদান কৰা ৰক্তৰ দ্বাৰা গুৰুতৰভাৱে ৰক্তহীনতাত ভোগা মহিলা, শিশু, অধিক ৰক্তক্ষৰণ হোৱা দুৰ্ঘটনাগ্ৰস্ত লোক, শল্য চিকিৎসাধীন ৰোগী, কৰ্কট ৰোগী, থেলাসীমিয়া ৰোগী, হেম'ফিলিয়া ৰোগত আক্ৰান্ত ৰোগী, ৰক্তজাত ব্যাধি, তেজ গোটামৰা ব্যাধি আৰু অন্যান্য বহুতো ৰোগীৰ প্ৰাণ ৰক্ষা কৰা হয় ।"
বিশ্ব ৰক্তদাতা দিৱসৰ প্ৰসংগত ডাঃ গগৈয়ে কয়, "১৪ জুনৰ দিনটো সমগ্র বিশ্বতে প্ৰতি বছৰে ৰক্তাদাতা দিৱস ৰূপে পালন কৰা হয় । ২০০৪ চনত প্ৰথমবাৰৰ বাবে সুৰক্ষিত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু অবৈতনিক ৰূপত স্বেচ্ছাকৃতভাৱে শাৰিৰীকভাৱে সবল ব্যক্তিৰ দ্বাৰা ৰক্তদানৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বাবে এই দিৱস পালন কৰা হৈছিল । বিশ্ব ৰক্তদাতা দিৱসৰ পালনৰ দ্বাৰা সকলো ৰক্তদাতাক ৰাষ্ট্রীয় আৰু আৰ্ন্তৰাষ্ট্রীয় পৰ্যায়ত ৰক্তদান কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয় । কাৰ্ললেণ্ডষ্টেইনাৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী আছিল আৰু যিগৰাকীয়ে ৰক্তগোষ্ঠীৰ আবিষ্কাৰৰ বাবে নোবেল বঁটা লাভ কৰিছিল । স্বেচ্ছাকৃত ৰক্তাদাতাসকলক অনুপ্ৰাণিত কৰি ৰক্ত পৰিবহণ সেৱাক শক্তিশালী কৰিবলৈ এই দিৱস পালন কৰা হয় । বৰ্তমান সময়ত ৰক্তদানৰ ক্ষেত্রত ৰাইজৰ মাজত যথেষ্ট সজাগতা বৃদ্ধি পাইছে ।"
মুখ্যমন্ত্রীৰ ৰক্তদান আৰু শুভেচ্ছা বাৰ্তা :
বিশ্ব ৰক্তদাতা দিৱস উপলক্ষ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জি এম চি এইচত ৰক্তদান কৰে । ৰক্তদান কৰি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ৰক্তদান কৰক, জীৱন বচাওক বুলি উল্লেখ কৰে ৷
তেওঁ কয়, "বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে স্বেচ্ছাই ৰক্তদান কৰি অসংখ্য জীৱন বচোৱা প্ৰতিগৰাকী মহান দাতাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো । অসমত উন্নত ব্লাড বেংক ব্যৱস্থা আৰু সজাগতা অভিযানৰ জৰিয়তে আমি স্বাস্থ্যখণ্ডক অধিক শক্তিশালী কৰি তুলিছো । আহক, নিয়মিত ৰক্তদানৰ সংকল্প লওঁ । কাৰণ আপোনাৰ এটোপাল ৰক্তই কাৰোবাৰ জীৱনত নতুন আশাৰ পোহৰ বিয়পাব পাৰে ।"
বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা বাৰ্তাৰ জৰিয়তে স্বেচ্ছাসেৱী ৰক্তদানৰ গুৰুত্বৰ দিশত আলোকপাত কৰে । মুখ্যমন্ত্রীয়ে কয় যে ৰক্তদান কেৱল এক মানৱীয় কৰ্তব্যই নহয়, ই অসংখ্য জীৱন ৰক্ষাৰ এক মহৎ উপায় । মুখ্যমন্ত্রীয়ে সকলোকে নিয়মিতভাৱে ৰক্তদানৰ বাবে আগবাঢ়ি আহি এক সুস্থ, সুৰক্ষিত আৰু সহানুভূতিশীল সমাজ গঢ়াৰ আহ্বান জনায় ।

