ফিট হোগা ভাৰত : ই টিভি ভাৰতৰ ফিটনেছ অনুষ্ঠানত অংশগ্ৰহণকাৰীৰ ব্যাপক উৎসাহ
ময়ুৰী ফিল্ম কাৰ্যালয় আৰু অনলাইনযোগে ফ্ৰিডম হেল্থী কুকিং অইলৰ সহযোগত ইটিভি ভাৰতে আয়োজন কৰা ৩০ দিনীয়া স্বাস্থ্য সজাগতা কাৰ্যক্ৰমে লাভ কৰিছে প্ৰচুৰ প্ৰশংসা ।

Published : February 16, 2026 at 5:34 PM IST
হায়দৰাবাদ: হায়দৰাবাদৰ স্বাস্থ্য সচেতন ৰাইজৰ বাবে সুখবৰ । দেওবাৰে বেগমপেটস্থিত হায়দৰাবাদ পাব্লিক স্কুল (এইচ পি এছ)ৰ বিপৰীতে থকা ময়ুৰী ফিল্ম ডিষ্ট্ৰিবিউটৰৰ কাৰ্যালয়ত ই টিভি ভাৰতৰ উদ্যোগত আয়োজিত ‘ফিট হোগা ভাৰত’ শীৰ্ষক ৩০ দিনীয়া ফিটনেছ কাৰ্যসূচীত বৃহৎ সংখ্যকে যোগদান কৰে ।
২২ ফেব্ৰুৱাৰীত একেটা চৌহদতে অনুষ্ঠিত হ’বলগীয়া অন্তিমটো কাৰ্যসূচীৰ পূৰ্বে উক্ত স্থানতে অংশগ্ৰহণকাৰীসকলক পঞ্জীয়ন কৰিবলৈ আমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে । সমগ্ৰ ভাৰতবৰ্ষৰ অনুৰাগীসকলে https://www.etvbharat.com/fit-hoga-bharat ত কৰিব পাৰিব অনলাইন পঞ্জীয়ন ।
এই অনুষ্ঠান ই টিভি ভাৰত আৰু ফ্ৰিডম হেল্থী কুকিং অইলৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছে ৷ এই কাৰ্যসূচীৰ জৰিয়তে দ্ৰুতগতিত চলি থকা পৃথিৱীখনৰ বাবে আমাৰ স্বাস্থ্যৰ ওপৰত পৰিব পৰা নেতিবাচক প্ৰভাৱৰ কথা বিবেচনা কৰা হৈছে, যিয়ে জীৱনশৈলী আৰু খাদ্যাভ্যাসত প্ৰভাৱ পেলাইছে । গতিহীন জীৱনশৈলী, সহজে পোৱা প্ৰচেছড খাদ্য আৰু মানসিক চাপৰ মাত্ৰা বৃদ্ধিৰ ফলত হোৱা মেদবহুলতা, উচ্চমাত্ৰাৰ কলেষ্টৰেল, উচ্চ ৰক্তচাপ আৰু অন্যান্য জীৱনশৈলীজনিত সমস্যাৰ সৃষ্টি হয় । ইয়াৰ পৰিণাম কি ? লাখ লাখ মানুহে দীৰ্ঘসময় ধৰি ভাগৰ, অলস আৰু চিন্তিত অনুভৱ কৰে ।
ফিট হোগা ইণ্ডিয়া হৈছে ঘৰতে বা সমাজত থাকি নিজৰ স্বাস্থ্যৰ যতন লোৱা, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা উন্নত কৰা, কলেষ্টৰেল নিয়ন্ত্ৰণৰ লগতে দীৰ্ঘম্যাদী ফিটনেছৰ অভ্যাস গঢ়ি তোলাত সহায় কৰিবলৈ গ্ৰহণ কৰা এক কাৰ্যসূচী ৷ ইয়ে এক সজীৱ পৰিৱেশৰ মাজত নিৰ্দেশনাপুষ্ট ৱৰ্কআউট, পুষ্টি সম্বন্ধীয় নীতি-নিৰ্দেশনা আৰু দৈনন্দিন প্ৰয়োজনীয় সহায় আগবঢ়ায় ৷
‘‘বিনামূলীয়া যোগ, জুম্বা আৰু নৃত্যৰ মাধ্যমৰে দিয়া ফিটনেছৰ প্ৰশিক্ষণ, চিকিৎসা বিশেষজ্ঞৰ তত্বাৱধানত নিয়মীয়া অনলাইন ছেছন - আমি এনে সুযোগ লাভ কৰি সুখী ৷ ইমানবোৰ লোকৰ সৈতে ব্যক্তিগতভাৱে অনুশীলন কৰাৰ সুযোগ লাভ কৰি আমি নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো’’ - দেওবাৰে ফিট হোগা ভাৰত শীৰ্ষক অনুষ্ঠানত উপস্থিত থকা অংশগ্ৰহণকাৰীসকলে এইদৰে কয় ।
অন্যান্যসকলৰ বাবে অনলাইন ছেছনসমূহ ইটিভি ভাৰতৰ ৱেবছাইটত পোনপটীয়াকৈ উপলব্ধ ৷ ৰছিদা সিদ্ধপুৰৱালা, বিজয়া থুপুৰানি আৰু বনশ্ৰী শৰ্মাৰ দৰে বিশেষজ্ঞই অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ পুৱা ৬ বজাত যোগ ছেছন, ৭ বজাত জুম্বা আৰু ৭.৩০ বজাত নৃত্য সম্বন্ধীয় ফিটনেছ ছেছন সম্প্ৰচাৰ কৰা হয় ।
স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান কি ?
‘ফিট হোগা ভাৰত - ৩০ দিনীয়া স্বাস্থ্য প্ৰত্যাহ্বান’ ৰ লক্ষ্য হৈছে স্বাস্থ্য, জীৱনশৈলীৰ ৰোগ আৰু মানসিক আৰু শাৰীৰিক ফিটনেছৰ বিষয়ে সজাগতা সৃষ্টি কৰা ৷ ৱেবছাইটটোত চিকিৎসা বিশেষজ্ঞৰ সাক্ষাৎকাৰ, জীৱনশৈলীৰ ৰোগ আৰু ইয়াৰ লক্ষণসমূহৰ ওপৰত প্ৰবন্ধ আৰু অনলাইন ক্লাছ আদিৰ ব্যৱস্থা কৰা হৈছে, যিবোৰ সম্পূৰ্ণ বিনামূলীয়া ।
সেউজ আৰু স্বাস্থ্যকৰ পৰিবেশত পুৱাৰ ভাগত অনুষ্ঠিত পোনপটীয়া ছেছনত অংশগ্ৰহণ কৰি হায়দৰাবাদী লোকসকলে সহজ যোগ কৌশল শিকিব পাৰে । দেওবাৰে(১৫ ফেব্ৰুৱাৰী) চিকিৎসা বিশেষজ্ঞসকলে শৰীৰত জমা হোৱা অশুদ্ধি আৰু উচ্চ কলেষ্টৰেল হ্ৰাস কৰাৰ পৰামৰ্শ আৰু টিপছ প্ৰদান কৰে । অংশগ্ৰহণকাৰীসকলৰ উৎসাহ বৃদ্ধিৰ উদ্দেশ্যে মেডিকভাৰ হাস্পতালে ঠাইতে পুৰস্কাৰ প্ৰদান কৰাৰ লগতে পানী আৰু জলপানৰ ব্যৱস্থাও কৰে ।
অংশগ্ৰহণকাৰীসকলৰ মাজৰে শ্বেখপেটৰ গংগাধৰ পানী নামৰ লোকজনে কয়, ‘‘সজাগতা বৃদ্ধি কৰি সকলোকে সুস্থ কৰি ৰখাৰ লক্ষ্যৰে ইটিভি ভাৰতে এক অতি উত্তম কাৰ্যসূচী আৰম্ভ কৰিছে । অনলাইন ছেছনত অংশগ্ৰহণ কৰি দেওবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সুযোগ পাই মই অতিশয় আনন্দিত হৈছো ।’’
দিলসুখনগৰৰ বাসিন্দা শমশাদে কয়, ’’ফিট হোগা ভাৰতত অংশগ্ৰহণ কৰি মই অতি সুখী । বহুদিনৰ পৰা ডান্সৰ জৰিয়তে ফিটনেছৰ কৌশল আয়ত্ব কৰিবলৈ মোৰ ইচ্ছা আছিল । আজি এনে এটা ছেছনত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছো, যিটোৱে মোক বহুত সুখী কৰি তুলিছে । ইয়াত সকলোৱে অংশগ্ৰহণ কৰা উচিত ।’’
অংশগ্ৰহণকাৰীসকলে জনোৱা মতে, বিজয়া থুপুৰানীৰ নেতৃত্বত অনুষ্ঠিত হোৱা ফিটনেছ নৃত্যই তেওঁলোকক নতুন শক্তিৰে সমৃদ্ধ কৰি তুলিছিল ৷ সংগীতৰ তালে তালে নাচি থকাৰ সময়ত তেওঁলোক মন্ত্ৰমুগ্ধ হৈ উঠিছিল । ইয়াৰ পূৰ্বে ৰছিদা সিদ্ধপুৰৱালাই তেওঁলোকক যোগ আসন অনুশীলন কৰাইছিল আৰু শ্বাস-প্ৰশ্বাসৰ সৈতে জড়িত ব্যায়াম, ধ্যান আৰু অন্যান্য দিশৰ বিষয়ে বুজাই দিছিল ।
লগতে পঢ়ক: মানসিক চিন্তা, নিদ্ৰাহীনতাৰ বাবেও হ'ব পাৰে ডায়েবেটিছ

