নেপাল-তিব্বত সীমান্তৰ বান পৰিস্থিতিক লৈ চীনৰ পৰ্যালোচনা
দুৰ্যোগৰ ফলত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ । অনুসন্ধান আৰু উদ্ধাৰৰ পৰিকল্পনা বৈজ্ঞানিকভাৱে কৰাৰ সিদ্ধান্ত চীনৰ...

By PTI
Published : August 28, 2026 at 4:21 PM IST
বেইজিং : নেপাল-তিব্বত সীমান্তৰ বান পৰিস্থিতিক লৈ ধাৰাবাহিকভাৱে চীনে গুৰুত্ব আৰোপ কৰি আহিছে । বুধবাৰৰ পৰিস্থিতিৰ পিছত চীনে কেইবাটাও পৰামৰ্শ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
তাৰ মাজতে শুকুৰবাৰে ৰাষ্ট্ৰপতি ঝি জিনপিঙে শাসকীয় কমিউনিষ্ট পাৰ্টিৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰে । বৈঠকত ৰাষ্ট্ৰপতিয়ে নেপাল-তিব্বত সীমান্তৰ আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা ভয়াৱহ পৰিস্থিতিৰ বুজ লয় ।
চীনা কৰ্তৃপক্ষৰ মতে বুধবাৰে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ গিয়ৰং কাউণ্টিত হোৱা বানৰ পিছত উদ্ধাৰ আৰু সাহায্যৰ ক্ষেত্ৰত আলোচনা আৰু ব্যৱস্থা গ্ৰহণৰ বাবে এই বৈঠক অনুষ্ঠিত হয় । চৰকাৰী সংবাদ সংস্থা জিনহুৱাই প্ৰকাশ কৰা অনুসৰি বৈঠকৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি আৰু অন্যান্য নেতাসকলে দুৰ্যোগৰ ফলত নিহত লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে ।
বৈঠকত অংশগ্ৰহণ কৰা বিষয়াসকলে কয় যে জৰুৰীকালীন উদ্ধাৰ অভিযান দ্ৰুত আৰু সুসমন্বিতভাৱে কৰা হৈছে । ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ বাবে ব্যাপক প্ৰচেষ্টা চলোৱা হৈছে।
অনুসন্ধান আৰু উদ্ধাৰৰ পৰিকল্পনা বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰিব লাগে বুলি বৈঠকত সিদ্ধান্ত লোৱা হয় । খবৰ অনুসৰি নিৰুদ্দেশ হোৱা সকলো চীনা আৰু বিদেশী নাগৰিকক বিচাৰি উলিওৱাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হ'ব বুলি সিদ্ধান্ত লোৱা হয় ।
উল্লেখ্য যে নেপালৰ আকস্মিক বানত মৃত্যুৰ সংখ্যা প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে । শেহতীয়া তথ্য অনুসৰি এতিয়ালৈ ৪৬৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিব্বতত ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।
তিব্বতত ৫৫০ তকৈ অধিক লোক নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে আৰু নেপালত এতিয়াও ১০০ গৰাকী চীনা লোকৰ সন্ধান পোৱা নাই । চীনা বিষয়াসকলৰ মতে ৫৫৫ গৰাকী পৰ্যটককে ধৰি প্ৰায় ১০০০ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।
বিষয়াসকলে এতিয়াও উদ্ধাৰ হোৱা পৰ্যটকসকলৰ নাগৰিকত্বৰ তথ্য প্ৰকাশ কৰা নাই । কৈলাস মানসৰোৱৰ যাত্ৰাত যোৱা কেইবাজনো ভাৰতীয় তীৰ্থযাত্ৰী বানৰ পিছত আবদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ।
ইফালে চীনে আকস্মিক বানৰ পিছত চতুৰ্থ স্তৰৰ সতৰ্কবাণী জাৰি কৰিছে । চীনে সতৰ্ক কৰি দিছে যে দুখন নদীৰ সংগমস্থলীত নতুনকৈ সৃষ্টি হোৱা হ্ৰদ এটা যিকোনো মুহূৰ্তত খহি পৰিব পাৰে আৰু পুনৰ ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ।
চীনৰ জলসম্পদ মন্ত্ৰালয়ে বৃহস্পতিবাৰে নিশা তিব্বতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ছ'চেন খোলা আৰু পুৰেপু ছাংপো নদীৰ সংগমস্থলীৰ ওচৰত সৃষ্টি হোৱা হ্ৰদটোৱে সৃষ্টি কৰিব পৰা সম্ভাৱ্য ভাবুকিৰ বিষয়ে সতৰ্ক কৰি দিয়ে । এই নদীবোৰৰ উৎপত্তি তিব্বতত আৰু ভোটে কোশী নদী সংলগ্ন, যি নেপাললৈ বৈ গৈছে ।
লগতে পঢ়ক :

