ETV Bharat / international

বিশ্ব ফটোগ্ৰাফী দিৱসত ইটিভি ভাৰতৰ বিশেষ

২০১০ চনৰ ১৯ আগষ্টত প্ৰথম 'বিশ্ব ফটোগ্ৰাফী দিৱস' পালন কৰা হৈছিল । এই দিনটোত ফটোগ্ৰাফীৰ কলা, বিজ্ঞান, ইতিহাসক সন্মান জনোৱা হয়...

WORLD PHOTOGRAPHY DAY 2026
প্ৰতিনিধিত্বমূলক ছবি (X handle)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 3:35 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ফটো উঠি ভালপোৱা বা ফটো তুলি ভালপোৱা লোকসকলৰ বাবে আজিৰ দিনটো এটা বিশেষ দিন ৷ এয়া ‘বিশ্ব ফটোগ্ৰাফী দিৱস’ ৷ প্ৰতি বছৰে ১৯ আগষ্টৰ দিনটোত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয় । এই দিনটোত ফটোগ্ৰাফীৰ কলা, বিজ্ঞান, ইতিহাসক সন্মান জনোৱা হয় ।

বিশ্ব ফটোগ্ৰাফী দিৱসৰ ইতিহাস

২০১০ চনৰ ১৯ আগষ্টত প্ৰথম বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হৈছিল । একেদিনাই এই তাৰিখতে প্ৰায় ২৭০ জন ফটোগ্ৰাফাৰে তেওঁলোকৰ এখন ফটো গ্ল'বেল অনলাইন গেলেৰীত শ্বেয়াৰ কৰিছিল । ১০০ খনতকৈও অধিক দেশৰ মানুহে এই অনলাইন গেলেৰীটো পৰিদৰ্শন কৰিছিল । এই অনুষ্ঠানটোৱে প্ৰথম আনুষ্ঠানিক বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে চিহ্নিত হৈছিল ।

অৱশ্যে এই দিনটো ১৯ আগষ্টত পালন কৰা হয় কিয়নো ১৮৩৯ চনৰ এই দিনটোত ফ্ৰান্সৰ চৰকাৰে ডাগুৱেৰোটাইপ প্ৰক্ৰিয়াৰ বাবে পেটেণ্ট ক্ৰয় কৰিছিল । ফ্ৰান্স চৰকাৰে ডাগুৱেৰোটাইপ প্ৰক্ৰিয়াৰ আৱিষ্কাৰক বিশ্বৰ বাবে এক বিনামূলীয়া উপহাৰ বুলি অভিহিত কৰিছিল ।

ডাগুৱেৰোটাইপৰ আৱিষ্কাৰৰ পৰা বিশ্ব ফটো দিৱসৰ উৎপত্তি হৈছে, যি হৈছে ১৮৩৭ চনত ফৰাচী লুই ডাগুৱেৰে আৰু জোচেফ নাইচফোৰ নিপচে বিকশিত কৰা এক ফটোগ্ৰাফিক প্ৰক্ৰিয়া ।

এই দিৱসৰ উদ্দেশ্য

ফটোগ্ৰাফীৰ কলা, শিল্প, বিজ্ঞান আৰু ইতিহাসৰ প্ৰচাৰ কৰাটোৱে হৈছে বিশ্ব ফটোগ্ৰাফী দিৱসৰ উদ্দেশ্য । দিনটোৱে সমগ্ৰ বিশ্বৰ ফটোগ্ৰাফাৰসকলক তেওঁলোকে তোলা বিশেষ এখন ফটো শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰে । এই দিনটোৱে এই আৱিষ্কাৰক সন্মান জনাই ফটোগ্ৰাফীক এক মাধ্যম হিচাপে উদযাপন কৰে ।

এয়া ফটোগ্ৰাফাৰ আৰু উৎসাহীসকলৰ বাবে একগোট হোৱা তেওঁলোকৰ আবেগ শ্বেয়াৰ কৰা, তেওঁলোকৰ কাম প্ৰদৰ্শন কৰা আৰু বিশ্বব্যাপী ফটোগ্ৰাফীৰ প্ৰশংসা বৃদ্ধি কৰাৰ বাবে এক বিশ্বব্যাপী মঞ্চ হিচাপে কাম কৰে ।

২০২৬ চনৰ বিশ্ব ফটোগ্ৰাফী দিৱসৰ বিষয়বস্তু

চলিত বৰ্ষৰ ‘বিশ্ব ফটোগ্ৰাফী দিৱস’ৰ বিষয়বস্তু হৈছে ‘ঘৰ’ ৷ এই বিষয়বস্তুৱে মানুহক তেওঁলোকে বাস কৰা ঠাই, ডাঙৰ হোৱা ঠাই বা তেওঁলোকৰ বাবে বিশেষ তাৎপৰ্য বহন কৰা স্থানৰ ফটো তুলিবলৈ অনুপ্ৰাণিত কৰে ।

কেইগৰাকীমান ৰাজনীতিকৰ দৃষ্টিৰে বিশ্ব ফটোগ্ৰাফী দিৱস

আচলতে প্ৰতিগৰাকী লোকৰে ভিতৰত এটা কলাসুলভ মন জীয়াই থাকে ৷ যাৰ দ্বাৰা তেওঁলোকে নিজৰ নিজৰ চখবোৰ পূৰণ কৰে ৷ সাধাৰণতে সকলোৱে ফটো উঠি বা উঠাই ভালপায় ৷ ৰাজনীতিকসকলো এইক্ষেত্ৰত পিছপৰি থকা নাই ৷ বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে কেইবাগৰাকীও ৰাজনীতিকে নিজৰ নিজৰ সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ জৰিয়তে এই দিৱসৰ ভাৱধাৰাসমূহ প্ৰকাশ কৰিছে ৷

ইয়াৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আদিয়ে একোটা পোষ্টৰ সৈতে একোখন ধুনীয়া ফটো শ্বেয়াৰ কৰিছে ৷

এক্সত মনোভাৱ ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই লিখিছে, ‘‘ফটো এখন তোলাতকৈ মোৰ বাবে ফটোগ্ৰাফীৰ অৰ্থ সদায়েই বহু ওপৰত ৷ ই বিষয়টোৰ বিষয়ে জানিবলৈ, মনে বিচৰা ধৰণে ফটোখন তুলিবলৈ, বিচৰা মতেই তাক ধৰি ৰাখিবলৈ আৰু ছবিখনৰ গভীৰতালৈ সোমাই পৰাত উৎসাহিত কৰে । বিশ্ব ফটোগ্ৰাফী দিৱসত এই বিশেষ কথাবোৰৰ বাবে আৰু এনেদৰে লাভ কৰা প্ৰতিখন ফটোৰ বাবে মই কৃতজ্ঞ ।’’

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে লিখিছে, ‘‘ফটোগ্ৰাফাৰসকল... আপোনালোকে ফটোবোৰ তুলি থাকিব ৷ আজি আমি উপভোগ কৰা সৰু সৰু মুহূৰ্তবোৰে এদিন আমাৰ আটাইতকৈ আদৰৰ স্মৃতি হৈ পৰিব ৷ এখন ফটোৱে যিকোনো অবয়ৱ, ঠাই, পৰম্পৰা বা জীৱন-ধাৰণৰ পদ্ধতি আদি সংৰক্ষণ কৰি ৰাখিব পাৰে, ভৱিষ্যত প্ৰজন্মলৈ তাক সাঁচি ৰাখিব পাৰে ৷ ইয়াৰোপৰি ই আমাক পৃথিৱীখনক বেলেগ ধৰণৰে চাবলৈ শিকায় ৷’’

তেওঁ লগতে লিখিছে, ‘‘যিসকলে লেন্সৰ মাধ্যমৰে জীৱনৰ আভাস লৈ ভালপায়, আনন্দ পায়, তেওঁলোকলৈ বিশ্ব ফটোগ্ৰাফী দিৱসৰ শুভেচ্ছা থাকিল ৷ আপোনালোকে আগবাঢ়ি গৈ থাকক, নতুন নতুন বস্তু সৃষ্টি কৰি যাওক আৰু কাহিনীবোৰ আমাক কৈ যাওক ।’’

আকাশবাণী(হিন্দী)য়ে মেঘালয়ৰ খাছী পাহাৰৰ শীতৰ মাজতে জুইৰ অঙঠাত মাকৈ পুৰি থকা এগৰাকী মহিলাৰ এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে ৷ এই ফটোখনে মেঘালয়ৰ ঠেৰেঙা লগা জাৰ আৰু পাহাৰৰ সৌন্দৰ্যৰ যুগলবন্দীক লেন্সত আবদ্ধ কৰি ৰাখিছে ৷

আনহাতে, মধ্যপ্ৰদেশৰ চৰকাৰৰ পৰ্যটন বিভাগে সমগ্ৰ ৰাজ্যখনৰ কেইবাখনো মনোমোহা ছবি শ্বেয়াৰ কৰিছে ৷ প্ৰাকৃতিক দৃশ্য আৰু কালজয়ী ঐতিহ্যৰ পৰা আৰম্ভ কৰি ৰাজ্যখনত উপলব্ধ বন্যপ্ৰাণী আৰু আধ্যাত্মিকতাৰ মুহূৰ্তলৈকে লেন্সত বন্দী সৰু সৰু বহু ক্ষণৰ কেইবাটাও টুকুৰা একেলগে এটা ফ্ৰেমতে সজাবলৈ চেষ্টা কৰিছে ৷ পোষ্টটোত সোধা হৈছে কোনখন ছবিয়ে ৱালপেপাৰ হিচাপে ঠাই পাব ?

নাগালেণ্ডৰ পৰ্যটন আৰু উচ্চ শিক্ষামন্ত্ৰী টেমজেন ইম্না এলঙেও এক্সত বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘সৌন্দৰ্যৰ ক্ষেত্ৰত আমাৰ উত্তৰ-পূব ভাৰত সদায়ে অনন্য । কেমেৰাই মাত্ৰ পৃথিৱীখনক ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ এক নতুন দৃষ্টিভংগী দিছে । এনেদৰে ছবিবোৰত ক্লিক কৰি থাকক আৰু আমাৰ কাহিনীবোৰ পৃথিৱীত প্ৰদৰ্শন কৰক ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ফটোগ্ৰাফাৰ আৰু ভিডিঅ'গ্ৰাফাৰলৈ প্ৰণাম । বিশ্ব ফটোগ্ৰাফী দিৱসৰ শুভেচ্ছা থাকিল !’’

ফটোগ্ৰাফী অৰ্থাৎ কেমেৰাত মনক আনন্দ দিয়া মুহূৰ্তবোৰ ফটোত আবদ্ধ কৰা প্ৰক্ৰিয়াই আমাৰ স্মৃতিক সজীৱ কৰি ৰাখে ৷ এই দিনটোৰ বিশেষ গুৰুত্ব এয়াই যে মানৱ সভ্য়তাক সজীৱ কৰি ৰাখিব পৰা মুহূৰ্তৰ ফটো একো একোগৰাকী ভাল আলোকচিত্ৰ শিল্পীয়ে আমাক উপহাৰ দি থাকে ৷

সম্পাদনা কক্ষত বৰ্ণালী দেৱীৰ সহযোগত প্ৰকাশিত

লগতে পঢ়ক: প্ৰকৃতিয়েই দিয়ে জীৱন... বানত সৰ্বস্বান্ত অসমীয়াৰ দুখ বুজি নীলোৎপলৰ কণ্ঠৰে নিগৰিল এটি সুমধুৰ গীত