নিৰ্বাচনৰ দিনটোত নকৰে আক্ৰমণ; ইউক্ৰেইনক ৰাছিয়াৰ সেউজ সংকেত
যদি ইউক্ৰেইনে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰে তেনেহ'লে নিৰ্বাচনৰ দিনটোত আক্ৰমণ বন্ধ ৰাখিব ৰাছিয়াই ।

By ANI
Published : February 16, 2026 at 10:11 AM IST
মস্কো (ৰাছিয়া) : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে । শেহতীয়াকৈ ইউক্ৰেইনৰ ওপৰত কেইবাটাও আক্ৰমণ কৰিছে ৰাছিয়াই । অৱশ্যে তাৰ মাজতে ইউক্ৰেইনত ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ জল্পনা-কল্পনা চলিছে ।
ইফালে ৰাছিয়াইও ইউক্ৰেইনক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সেউজ সংকেত দিছে । কিয়নো শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইংগিত দিছিল যে ইউক্ৰেইনত নিৰ্বাচন অনুষ্ঠিত হ'লে মস্কোৱে বিমান আক্ৰমণ বন্ধ কৰিবলৈ সাজু ।
ৰাষ্ট্ৰপতিৰ সুৰতে সুৰ মিলাই উপ-বৈদেশিক মন্ত্ৰী মিখাইল গালুজিনে সংবাদ সংস্থা টি এ এছ এছক জনোৱা মতে যদি কিয়েভে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় তেন্তে ইউক্ৰেইনত নিৰ্বাচনৰ দিনটোত বিমান আক্ৰমণ বন্ধ ৰাখিব ।
ৰাষ্ট্ৰপতি পুটিনৰ সিদ্ধান্তক সমৰ্থন কৰি গালুজিনে কয়, "ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বক্তব্য প্ৰাসংগিক হৈয়ে আছে । কিন্তু মই পূৰ্বে উল্লেখ কৰা অনুসৰি ইউক্ৰেইনত ভোটদানৰ ব্যৱহাৰিক সংগঠনৰ বিষয়ে এতিয়াও কোনো কথা কোৱা হোৱা নাই ।"
অৱশ্যে ২০২৪ চনত ৰাছিয়াত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইউক্ৰেইনে ড্ৰোণ আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন কৰে উপ-বিদেশ মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, "মই আমাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰিব বিচাৰো । ২০২৪ চনৰ মাৰ্চ মাহত ৰাছিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল । চলি থকা সামৰিক অভিযানৰ প্ৰতি লক্ষ্য ৰাখিও যুদ্ধক্ষেত্ৰৰ ওচৰতে ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছিল । কিন্তু কিয়েভে সন্ত্ৰাসবাদক আশ্ৰয় দিয়াৰ পৰা আঁতৰি নাথাকি নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ সম্ভৱপৰ সকলো প্ৰকাৰে চেষ্টা কৰিছিল যদিও বিফল হৈছিল ।"
তেওঁ লগতে আশ্বাস দিয়ে যে ৰাছিয়াই কিয়েভৰ প্ৰথাৰ অনুসৰণ নকৰে আৰু ইউক্ৰেইনৰ জনসাধাৰণক নিজৰ সাংবিধানিকভাৱে নিৰ্ধাৰিত নিৰ্বাচনী অধিকাৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ আৰু নিজৰ দেশৰ ভৱিষ্যতৰ উন্নয়ন স্বতন্ত্ৰভাৱে নিৰ্ধাৰণ কৰিবলৈ অনুমতি দিব । যদিহে কিয়েভ প্ৰশাসনে অৱশেষত এই গণতান্ত্ৰিক পদক্ষেপ লোৱাৰ সিদ্ধান্ত লয় ।"
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে মিউনিখৰ নিৰাপত্তা সন্মিলনত মস্কোৱে যুদ্ধবিৰতিৰ বাবে সন্মতি দিলে কিয়েভত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি কোৱাৰ পিছতে ৰাছিয়াই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক পুটিনক যুদ্ধবিৰতিৰ বাবে হেঁচা দিবলৈও আহ্বান জনায় ।
জেলেনস্কিয়ে কয়, "আমাক যুদ্ধবিৰতি লাগে । ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰিব পাৰে । পুটিনক হেঁচা দিয়ক, যুদ্ধবিৰতি কৰক, তেতিয়া আমাৰ সংসদে আইন সলনি কৰিব আৰু আমি নিৰ্বাচনলৈ অগ্ৰসৰ হম । আমি ৰাছিয়ানসকলকো যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিব পাৰো যদিহে তেওঁলোকে ৰাছিয়াত নিৰ্বাচন অনুষ্ঠিত কৰে ।"
১৭-১৮ ফেব্ৰুৱাৰীত জেনেভাত অনুষ্ঠিত হ'বলগীয়া ইউক্ৰেইন, ৰাছিয়া আৰু আমেৰিকাৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ পটভূমিত এই কথা প্ৰকাশ পাইছে ।
লগতে পঢ়ক :অপেক্ষা ১৭ ফেব্ৰুৱাৰীলৈ; মঙলবাৰে শপত গ্ৰহণ কৰিব বাংলাদেশৰ নতুন মন্ত্ৰীসভাই

