ETV Bharat / international

আফ্ৰিকাত ইব'লাৰ প্ৰাদুৰ্ভাৱ; আন্তৰ্জাতিক স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ

আফ্ৰিকাৰ কংগোত ইব'লাৰ ফলত ৮০ ৰো অধিক লোকৰ মৃত্যু হৈছে । শনিবাৰলৈ ৩৩৬ লোক সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছে ।

Ambulances are parked outside a hospital in Bunia, Congo, Saturday, May 16, 2026
আফ্ৰিকাত ইব'লাৰ প্ৰাদুৰ্ভাৱ (AP)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 2:48 PM IST

4 Min Read
Choose ETV Bharat

কিনশাছা (আফ্ৰিকা) : এইবাৰ বিশ্বত ইব'লাৰ সংক্ৰমণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে । আফ্ৰিকাৰ কংগো গণতান্ত্ৰিক ৰিপাব্লিকত ইব'লাৰ ফলত ৮০ তকৈ অধিক লোকৰ মৃত্যু হৈছে । এনে পৰিস্থিতিত দেওবাৰে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক আন্তৰ্জাতিক স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে । শনিবাৰে আফ্ৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ'ল এণ্ড প্ৰিভেনশ্বনে (চিডিচি আফ্ৰিকা) এক বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি অতি সংক্ৰামক ভাইৰাছজনিত ৰোগৰ ফলত মুঠ ৮৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩৩৬ গৰাকী লোক ইয়াৰ চিকাৰ হোৱাৰ তথ্য পোৱা গৈছে ।

ইয়াৰ পিছতে জেনেভাস্থিত বিশ্ব স্বাস্থ্য সংস্থাই দেওবাৰে পুৱাই ঘোষণা কৰে যে ইব'লাৰ বুণ্ডিবুগ্য' ষ্ট্ৰেইন বা প্ৰকাৰৰ ফলত হোৱা এই পৰিস্থিতিয়ে বিশ্বজুৰি জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই আক্ৰান্তৰ সংখ্যাৰ প্ৰকৃত পৰিসৰ সম্পৰ্কে সতৰ্ক কৰি দিয়ে আৰু সংক্ৰমণ স্পষ্ট হোৱা নাই যদিও মহামাৰী জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ইংগিত দিছে ।

ইফালে কৰ্তৃপক্ষৰ সতৰ্কবাণীৰ পিছতে চিকিৎসা সাহায্য সংগঠন ডাক্তৰ্ছ উইদাউট ব'ৰ্ডাৰ্ছে (এমএছএফ) অতি চিন্তনীয় বিষয় বুলি অভিহিত কৰি কয় যে তেওঁলোকে বৃহৎ পৰিসৰত সাহায্যৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । কংগোৰ স্বাস্থ্য মন্ত্ৰী ছেমুৱেল-ৰজাৰ কাম্বাই কয় যে বুণ্ডিবুগ্য' প্ৰকাৰৰ কোনো টীকা বা ভেকচিন নাই, কোনো নিৰ্দিষ্ট চিকিৎসাও নাই ।

শনিবাৰে বিষয়াসকলে জনোৱা মতে এই প্ৰকাৰৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অতি বেছি, যি ৫০ শতাংশ পৰ্যন্ত হ'ব পাৰে । ২০০৭ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা এই প্ৰকাৰটোৰ দ্বাৰা আক্ৰান্ত হৈ চুবুৰীয়া ৰাষ্ট্ৰ উগাণ্ডাত কংগোৰ এজন নাগৰিকৰ মৃত্যু হোৱা বুলিও বিষয়াসকলে জনাইছে ।

উল্লেখ্য যে ১৯৭৬ চনত চিনাক্ত হোৱা ইব'লাৰ জাইৰে প্ৰকাৰৰহে টীকা উপলব্ধ আৰু যাৰ দ্বাৰা আক্ৰান্ত হ'লে মৃত্যুৰ হাৰ ৬০-৯০ শতাংশ বেছি । আফ্ৰিকাৰ চিডিচিৰ মতে শুকুৰবাৰে উগাণ্ডা আৰু দক্ষিণ ছুদানৰ সীমান্তৱৰ্তী ডিআৰচিৰ উত্তৰ-পূব অঞ্চলৰ ইটুৰি প্ৰদেশত স্বাস্থ্য বিষয়াসকলে শেহতীয়াকৈ এই ৰোগৰ সংক্ৰমণ নিশ্চিত কৰিছে ।

এএফপিয়ে ফোনযোগে যোগাযোগ কৰাত স্থানীয় নাগৰিক সমাজৰ প্ৰতিনিধি আইজাক ন্যাকুলিণ্ডাই কয়, "আমি যোৱা দুসপ্তাহ ধৰি মানুহৰ মৃত্যু হোৱা দেখিছো । ৰোগীসকলক পৃথক কৰি ৰখাৰ ব্যৱস্থা নাই । ঘৰতে মৃত্যু হৈছে আৰু মৃতদেহবোৰ তেওঁলোকৰ পৰিয়ালৰ সদস্যই সৎকাৰ কৰিছে ।"

কংগোৰ স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা মতে ২৪ এপ্ৰিলত ইটুৰিৰ প্ৰাদেশিক ৰাজধানী বুনিয়াৰ এখন স্বাস্থ্য কেন্দ্ৰত প্ৰথমটো সংক্ৰমণ ধৰা পৰিছিল । ৰোগীৰ দেহত দেখা লক্ষণ আছিল জ্বৰ, ৰক্তক্ষৰণ আৰু বমি ।

অঞ্চলটোৰ এমএছএফৰ জৰুৰীকালীন সেৱাৰ পৰিচালক ট্ৰিছ নিউপৰ্টে কয় যে অতি কম সময়ৰ ভিতৰতে যিধৰণে ৰোগী আৰু মৃত্যুৰ সংখ্যা দেখিবলৈ পোৱা গৈছে লগতে ইয়াৰ সংক্ৰমণে উদ্বেগ সৃষ্টি কৰিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কংগোৰ উক্ত অঞ্চলটোৰ যোগাযোগৰ আন্তঃগাঁথনি অতি দুৰ্বল । যাৰ বাবে চিকিৎসা সঁজুলিৰ পৰিবহণ এক প্ৰত্যাহ্বান হৈ আছে ।

কংগো গণতান্ত্ৰিক ৰিপাব্লিকত ইব'লাৰ সংক্ৰমণৰ এয়া প্ৰথম ঘটনা নহয় । সেয়ে বিষয়াসকলে ইয়াৰ সংক্ৰমণৰ অধিক আশংকাৰ বিষয়ে সকীয়াই দিছে । বিশ্ব স্বাস্থ্য সংস্থাইও কৈছে যে সংক্ৰমণ বৃদ্ধিৰ আশংকা আছে ।

আফ্ৰিকাত ইব'লাৰ টীকা আৰু চিকিৎসাৰ ক্ষেত্ৰত অধিক অগ্ৰগতি লাভ কৰা দেখা গৈছে যদিও বিগত ৫০ বছৰত প্ৰায় ১৫ হাজাৰ লোকৰ মৃত্যু হৈছে । যোৱা বছৰৰ আগষ্ট মাহত মধ্য অঞ্চলত ইব'লাত আক্ৰান্ত লোক ধৰা পৰিছিল । ২০১৮ আৰু ২০২০ চনত কংগোত ইব'লাৰ প্ৰাদুৰ্ভাৱত প্ৰায় ২৩০০ লোকৰ মৃত্যু হৈছিল । কিন্তু ইব'লা কেনেদৰে এজন লোকৰ পৰা আনজনলৈ বিয়পে ? বিশেষজ্ঞ বা চিকিৎসকৰ মতে শৰীৰৰ পৰা ওলোৱা তৰল পদাৰ্থ বা কোনো সংক্ৰমিত ব্যক্তিৰ তেজৰ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ এজনৰ পৰা আন এজনলৈ বিয়পে ।

লগতে পঢ়ক :

হাণ্টা ভাইৰাছক লৈ দেশবাসী চিন্তিত হোৱাৰ প্ৰয়োজন নাই: চিকিৎসক