হোৱাইট হাউচৰ সমীপতে গুলীচালনা; আহত ২ নেশ্যনেল গাৰ্ড
নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰীক । কি উদ্দেশ্যে এই আক্ৰমণ কৰিছে জানিব পৰা হোৱা নাই ।

Published : November 27, 2025 at 10:16 AM IST
ৱাশ্বিংটন : আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত বুধবাৰে ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় । হোৱাইট হাউছৰ সমীপতে নিয়োজিত ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ডৰ দুই জোৱানক লক্ষ্য কৰি গুলীচালনা । গুৰুতৰভাৱে আহত জোৱান দুজন । ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত জোৱানকেইজনক ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অঞ্চলটোত নিয়োজিত আন জোৱানসকলে গুলীৰ শব্দ শুনি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু গুলীবিদ্ধ বন্দুকধাৰী আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই আক্ৰমণৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে আৰক্ষীয়ে সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ কথাও নুই কৰা নাই । বৰ্তমান এই ঘটনাৰ তদন্ত অব্যাহত আছে । এই ঘটনাৰ পিছতে ট্ৰাম্প প্ৰশাসনে তাৎক্ষণিকভাৱে অতিৰিক্ত ৫০০ নেশ্যনেল গাৰ্ডক ৱাশ্বিংটনলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে ।
#WATCH | US President Donald Trump says, " ...earlier today, on the eve of the thanksgiving holiday, two members of the national guard serving in washington, dc, were shot at point-blank range in a monstrous ambush-style attack just steps away from the white house... this heinous… pic.twitter.com/6GVTX6GFHN
— ANI (@ANI) November 27, 2025
এফ বি আইৰ সঞ্চালক কাশ্ব পেটেল আৰু ৱাশ্বিংটনৰ মেয়ৰ মুৰিয়েল ব'ছাৰে কয় যে জোৱানকেইজন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ৱাশ্বিংটনৰ মেয়ৰে জনোৱা মতে আক্ৰমণকাৰীক আটক কৰা হৈছে । হোয়াইট হাউছৰ পৰা প্ৰায় দুটা ব্লক উত্তৰ-পশ্চিমে থকা এটা ছাবমেট্ৰ' ষ্টেচনৰ সমীপত এই আক্ৰমণ সংঘটিত হয় ।
উল্লেখ্য যে দেশৰ ৰাজধানী আৰু অন্যান্য চহৰত সেনাৰ উপস্থিতিক লৈ কেইবামাহৰ পৰা তীব্ৰ বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে নেশ্যনেল গাৰ্ডৰ ওপৰত হোৱা আক্ৰমণে এই বিতৰ্কত ইন্ধন যোগাইছে বুলি বহুতে অনুমান কৰিছে ।
ডি চি আৰক্ষী অধীক্ষকৰ কাৰ্যবাহী সহায়ক জেফ্ৰি কেৰলে কয় যে এই আক্ৰমণৰ উদ্দেশ্য কি আছিল সেই সম্পৰ্কত তদন্তকাৰীৰ হাতত কোনো তথ্য নাই । তদন্তকাৰীয়ে লাভ কৰা ভিডিঅ'ৰ উদ্ধৃতি দি তেওঁ কয় যে আক্ৰমণকাৰীয়ে এটা চুকৰ পৰা নেশ্যনেল গাৰ্ডৰ ওপৰত গুলীচালনা কৰিছিল । বিষয়াসকলে আক্ৰমণকাৰীক আফগান নাগৰিক বুলি সন্দেহ কৰিছে । সূত্ৰৰ মতে লোকজনে ২০২১ চনৰ ছেপ্টেম্বৰত আমেৰিকাত প্ৰৱেশ কৰিছিল আৰু ৱাশ্বিংটনতে বাস কৰি আছিল ।
DC shooting suspect identified as Afghan national who entered US in 2021
— ANI Digital (@ani_digital) November 27, 2025
Read @ANI Story |https://t.co/OX4X3njkNt#UnitedStates #AfghanNational #DCShooting pic.twitter.com/ejMS1wxQ8j
উল্লেখ্য যে আগষ্ট মাহত ৱাশ্বিংটনত মোতায়েন কৰা হৈছিল ৩০০ৰো অধিক ৱেষ্ট ভাৰ্জিনিয়া নেশ্যনেল গাৰ্ড । যোৱা সপ্তাহত তাৰে প্ৰায় ১৬০ গৰাকীয়ে স্বেচ্ছাই বছৰৰ শেষলৈকে নিয়োগৰ সময় বৃদ্ধি কৰিছিল । আনহাতে বাকীসকলে এসপ্তাহৰ পূৰ্বে ৱেষ্ট ভাৰ্জিনিয়ালৈ উভতি গৈছে ।
লগতে পঢ়ক :২০০০ টা এপাৰ্টমেণ্ট থকা অট্টালিকাত অগ্নিকাণ্ড; ৪০ৰো অধিক লোকৰ মৃত্যু

