পশ্চিম এছিয়াৰ সংঘাত লেবাননলৈ সম্প্ৰসাৰিত; বেইৰুটত ইজৰাইলৰ আক্ৰমণত নিহত প্ৰায় ৩১, আহত ১৪৯
পশ্চিম এছিয়াৰ সংঘৰ্ষই সোমবাৰে ন ন দেশলৈ সম্প্ৰসাৰিত হৈছে । ইজৰাইলে বেইৰুট আৰু লেবাননৰ অন্যান্য অঞ্চলত হিজবুল্লাৰ লক্ষ্যস্থানত বিমান আক্ৰমণ চলায় ।

By ANI
Published : March 2, 2026 at 2:07 PM IST
টেল অভিভ : লেবাননত ইজৰাইলৰ আক্ৰমণত ৩১ জন লোকৰ মৃত্যু হৈছে । দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে কয় যে ইজৰাইলৰ আক্ৰমণত কমেও ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৪৯ জন আহত হৈছে ।
বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চল আৰু দক্ষিণ লেবাননত 'ইজৰাইলী শত্ৰুৰ অভিযান'ৰ ফলত প্ৰাৰম্ভিক খবৰ মতে '৩১ জন নাগৰিকৰ মৃত্যু আৰু ১৪৯ জন নাগৰিক আহত' হোৱা বুলি মন্ত্ৰণালয়ৰ এক বিবৃতিৰ উদ্ধৃতি দি এ এফ পিয়ে প্ৰকাশ কৰিছে ।
উল্লেখ্য যে পশ্চিম এছিয়াত বৰ্ধিত সংঘৰ্ষই সোমবাৰে এক নতুন মাত্ৰা লাভ কৰে । লেবাননৰ ভূখণ্ডৰ পৰা উত্তৰ ইজৰাইললৈ মিছাইল নিক্ষেপৰ পিছত ইজৰাইলেও বেইৰুট আৰু লেবাননৰ অন্যান্য অঞ্চলত হিজবুল্লাৰ লক্ষ্যস্থানত বিমান আক্ৰমণ চলায় ।
ইজৰাইলৰ বায়ুসেনাই ধাৰাবাহিকভাৱে X পোষ্ট কৰি কয় যে ইজৰাইলৰ দিশত বিশেষকৈ দেশখনৰ উত্তৰ দিশত নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে বেইৰুট অঞ্চলত হিজবুল্লাৰ জ্যেষ্ঠ সদস্যসকলৰ বিৰুদ্ধে লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ চলোৱা হয় ।
ইজৰাইলী বায়ুসেনাই কয়, "বায়ুসেনাই কিছু সময়ৰ পূৰ্বে বেইৰুট অঞ্চলত হিজবুল্লা সন্ত্ৰাসবাদী সংগঠনৰ জ্যেষ্ঠ সন্ত্ৰাসবাদীক লক্ষ্য কৰি লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ চলায় । সমান্তৰালভাৱে আই ডি এফে দক্ষিণ লেবাননত হিজবুল্লা সন্ত্ৰাসবাদী সংগঠনৰ এজন কেন্দ্ৰীয় সন্ত্ৰাসবাদীক আক্ৰমণ কৰে । অধিক বিৱৰণৰ বাবে অপেক্ষা কৰক ।"
আনহাতে, সেনাবাহিনীৰ সূত্ৰ মতে, লেবাননৰ পৰা ইজৰাইলৰ ভূখণ্ডত কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয় । ইয়াৰে কিছুমান মুকলি ঠাইত পৰে । কিছুমান বিশেষ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি অনুসৰি কোনো সতৰ্কবাণী দিয়া হোৱা নাছিল ।
আই এ এফে এক পৃথক পোষ্টত কয়, "দেশখনৰ উত্তৰ অংশৰ কেইবাটাও অঞ্চলত জাৰি কৰা সতৰ্কবাণীৰ পিছত বায়ুসেনাই লেবাননৰ পৰা অহা এটা উৎক্ষেপণক প্ৰতিহত কৰে । কোনোধৰণৰ হতাহতৰ তথ্য লাভ কৰা হোৱা নাই ।
প্ৰাৰম্ভিক প্ৰতিবেদনত ইজৰাইলী সেনাই নিশ্চিত কৰে যে লেবাননৰ ভূখণ্ডৰ পৰা উৎক্ষেপণৰ পিছত উত্তৰ ইজৰাইলৰ কেইবাটাও অঞ্চলত চাইৰেন সক্ৰিয় কৰা হৈছে আৰু লগতে কয় যে সবিশেষ তদন্ত চলি আছে ।
আই এ ডিয়ে কয় যে তেওঁলোকে সমগ্ৰ লেবাননত 'সম্পূৰ্ণ শক্তিৰে' হিজবুল্লাৰ লক্ষ্যত আঘাত হানিছে । এই গোটটোৱে ইৰাণী শাসনৰ সমৰ্থনত কাম কৰাৰ লগতে ইজৰাইলী সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
"ইৰাণৰ সন্ত্ৰাসবাদী শাসন ব্যৱস্থাৰ তত্ত্বাৱধানত কাম কৰা সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাই ইজৰাইল ৰাষ্ট্ৰ আৰু ইয়াৰ নাগৰিকৰ বিৰুদ্ধে গুলীচালনা কৰে । সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাৰ এই অভিযানত যোগদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আই ডি এফে কাম কৰিব আৰু সংগঠনটোক ইজৰাইল ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিবলৈ বা উত্তৰৰ বাসিন্দাসকলৰ ক্ষতি কৰিবলৈ নিদিয়ে ।" অন্য এটা পোষ্টত সেনাই কয় ।
ইজৰাইলী সেনাই লগতে কয় যে এই তীব্ৰতৰ উত্থানৰ বাবে হিজবুল্লা দায়ী আৰু ইয়াৰ প্ৰতি তীব্ৰতৰ সঁহাৰি প্ৰদানৰ সতৰ্কবাণী দিয়ে । লগতে তেওঁলোকৰ বাহিনীয়ে অপাৰেচন 'ৰ’ৰিং লায়ন'ৰ অধীনত এনে পৰিস্থিতিৰ বাবে সাজু হৈছে আৰু বহুমুখী সংঘাতৰ বাবেও সাজু হৈছে ।
"উত্তৰ ইজৰাইলৰ ফালে মিছাইল প্ৰক্ষেপণৰ প্ৰতিক্ৰিয়া স্বৰূপে আই ডি এফে সমগ্ৰ লেবাননত হিজবুল্লাৰ লক্ষ্যত আঘাত হানিছে । হিজবুল্লাই ইৰাণী শাসনৰ হৈ কাম কৰি আছে, ইজৰাইলৰ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে গুলীচালনা কৰিছে আৰু লেবাননত ধ্বংসলীলা চলাইছে । আই ডি এফৰ সেনাই অপাৰেচন 'ৰ'ৰিং লায়ন'ৰ অংশ হিচাপে এনে পৰিস্থিতিৰ বাবে সাজু হৈছে আৰু সমুখ সমৰৰ বাবে সাজু হৈছে ।" ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে এটা পোষ্টত উল্লেখ কৰিছে ।
শেহতীয়া আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত অঞ্চলটোত শত্ৰুতা যথেষ্ট বৃদ্ধি পাইছে, য’ত কেইবাখনো আঞ্চলিক দেশত অভূতপূৰ্ব পৰিমাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে ।
উল্লেখ্য যে দেওবাৰে ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণৰ ফলত দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী আৰু তেওঁৰ পৰিয়ালৰ সদস্য মৃত্যু হোৱাৰ পিছত এই কথা প্ৰকাশ পাইছে ।
এই আক্ৰমণৰ পিছত ইৰাণে ইছলামিক ৰিপাব্লিকৰ প্ৰতিশোধমূলক ব্যৱস্থা হিচাপে অঞ্চলটোৰ একাধিক আৰব দেশক লক্ষ্য কৰি ড্ৰ’ণ আৰু মিছাইলেৰে তীব্ৰ আক্ৰমণ আৰম্ভ কৰে ।

