নেপালত পুনৰ বানৰ আশংকা: বৃদ্ধি পাইছে কেইবাখনো নৈৰ জলস্তৰ
মৃত্যুৰ সংখ্যা ১১০০ অতিক্ৰম ৷ ইতিমধ্যে বানৰ সৈতে যুঁজি থকা নেপালত পুনৰ আতংক । নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ পৰামৰ্শ ।

By PTI
Published : September 2, 2026 at 12:54 PM IST
কাঠমাণ্ডু : শেহতীয়া বান পৰিস্থিতিৰ পৰা এতিয়াও সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা নাই নেপাল । নেপাল আৰক্ষীৰ তথ্য অনুসৰি বানত মৃত্যুৰ সংখ্যা ১১০০ অতিক্ৰম কৰিছে । এতিয়াও ক্ষতিগ্ৰস্ত ৮ খন জিলাৰ পৰা প্ৰতিদিনে উদ্ধাৰকাৰী দলে মৃতদেহ উদ্ধাৰ কৰি আছে ।
ইফালে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি ৫৮৩ গৰাকী বিদেশী নাগৰিক, ৮৩ গৰাকী নিৰাপত্তাৰক্ষীকে ধিৰ প্ৰায় ৪০০০ লোক এতিয়াও সন্ধানহীন হৈ আছে । দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰচুৰ বৰষুণ অব্যাহত আছে ।
#SMSAlert भदौ १६ राती ११:१५ बजे
— NDRRMA (@NDRRMA_Nepal) September 1, 2026
लम्जुङ स्थित मर्स्याङ्दी नदी भकुण्डेबेशी जलमापन केन्द्रमा जलसतहले खतरा तह पार गरेको र बढ्दो क्रममा रहेकोले नदीको तल्लो तटीय क्षेत्रका बासिन्दाहरु उच्च सतर्क रहनुहोला।
बाढी पुर्वानुमान महाशाखा#Monsoon2083
যাৰ ফলত আন এক দুৰ্যোগৰ আশংকা কৰা হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত দেশখনৰ ৩ খন প্ৰধান নৈৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি পাইছে । নৈকেইখনৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈছে । যাৰ বাবে হিমালয়ৰ পাদদেশত থকা দেশখনৰ মধ্য, পশ্চিম আৰু পূব অঞ্চলৰ নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে ।
জল বিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি ২ ছেপ্টেম্বৰৰ পুৱা ৬ বজালৈকে সিন্ধুলি জিলাৰ সূৰ্য্য কোশী নদী, গোৰ্খাৰ বুঢ়ী গণ্ডকি নদী আৰু দাদেলধুৰাৰ মহাকালী নদী বিপদসীমাৰ ওপৰেৰে বৈছে ।
মঙলবাৰে বিভাগে জনোৱা মতে লামজুং জিলাত মাৰ্চয়াংদি নদীৰ জলস্তৰ ভুকুণ্ডেবেছী জলস্তৰ নিৰীক্ষণ কেন্দ্ৰত নিশা ১১:১৫ বজাত বিপদসীমা অতিক্ৰম কৰিছে । শেহতীয়া তথ্য অনুসৰি নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈয়ে আছে । নৈত পানী সোঁত বৃদ্ধিৰ লগে লগে বানৰ আশংকা কৰা হৈছে ।
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ মতে জলস্তৰ বিপদসীমা অতিক্ৰম কৰাৰ লগে লগে নামনি অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে । এনে ক্ষেত্ৰত প্ৰশাসনক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । নৈৰ পাৰৰ পৰা আঁতৰি থকাৰ লগতে সুৰক্ষিত স্থানত আশ্ৰয় ল'বলৈ লোকসকলক আহ্বান জনোৱা হৈছে ।
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ মতে ইতিমধ্যে ভয়ংকৰ বানত ব্যাপক ক্ষতিগ্ৰস্ত নুৱাকোট আৰু ৰাছুৱা জিলাৰো সৰু সৰু নৈ, উপনৈৰ প্ৰবাহ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
ইয়াৰ উপৰিও মধ্য নেপালৰ তাপলেজুং, সংখুৱাসভা, ছোলুখুম্বু, খোটাং, ওখালধুংগা, ৰামেছাপ, দোলাখা, সিন্ধুপালচক, কাভ্ৰেপালনচক, ললিতপুৰ, ভক্তপুৰ, কাঠমাণ্ডু, ধাডিঙকে ধৰি জিলাসমূহত বিভিন্ন নৈৰ জলস্তৰ বৃদ্ধিৰ আশংকা আৰু আকস্মিক বানৰ কিছু আশংকা আছে বুলি জানিবলৈ দিছে ।
ইফালে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে কয় যে যোৱা সপ্তাহত হোৱা ভয়ংকৰ বান সাধাৰণ পৰিঘটনা নহয় । জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা পৰিঘটনা । জলবায়ু পৰিৱৰ্তনৰ ফলত দেশখনে সন্মুখীন হোৱা দুৰ্যোগৰ বিষয়টো এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শক্তিশালীভাৱে উত্থাপন কৰাৰ সময় আহি পৰিছে বুলিও তেওঁ উল্লেখ কৰে ।
ভাৰতে নেপাল কৰ্তৃপক্ষৰ সমন্বয়ত সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে দেশখনত হোৱা আকস্মিক বানৰ পিছত উদ্ধাৰ হোৱা ভাৰতীয় নাগৰিকৰ সংখ্যা ১৬৩ গৰাকীলৈ বৃদ্ধি হোৱা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।
বানাক্ৰান্ত ৰাষ্ট্ৰখনত এতিয়াও ২৭৫ জনতকৈ অধিক ভাৰতীয় আৰু ভাৰতীয় মূলৰ ১২৮ জন ব্যক্তি নিৰুদ্দেশ বা যোগাযোগ বিচ্ছিন্ন হৈ আছে । মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতৰ পৰা যোৱা ১৯ জনীয়া ফৰেনছিকৰ বিশেষ দল এটাই কাঠমাণ্ডুত কাম আৰম্ভ কৰিছে ।
ইয়াৰ উপৰিও সুৰংগ উদ্ধাৰকাৰী দল এটাও নিয়োজিত হৈছে যিয়ে নেপাল কৰ্তৃপক্ষক অনুসন্ধান আৰু উদ্ধাৰ অভিযানত সহায় কৰিছে ।
লগতে পঢ়ক :
নেপালৰ বানঃ এজন প্ৰধান শিক্ষকৰ প্ৰত্যুৎপন্নমতিতাই প্ৰাণ বচালে ৯০০ ছাত্ৰ-ছাত্ৰীৰ

