ETV Bharat / international

ট্ৰাম্প-জিনপিঙৰ বৈঠক আৰম্ভ, বিশ্বজুৰি উৎকন্ঠা

দুদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ যুদ্ধ, হৰমুজ প্ৰণালীৰ সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা

USA PRESIDENT TRUMP
ট্ৰাম্প-জিনপিঙৰ বৈঠক আৰম্ভ, বিশ্বজুৰি উৎকন্ঠা (ANI)
author img

By ANI

Published : May 13, 2026 at 7:49 PM IST

2 Min Read
Choose ETV Bharat

বেইজিং: আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ ফলত বিশ্বৰ অৰ্থনীতিত হাহাকাৰ অৱস্থা ৷ খাৰুৱা তেল আৰু গেছৰ নাটনিৰ সৈতে যুঁজ দিবলগীয়া হৈছে বিশ্বৰ প্ৰায় কেইখন দেশে ৷ হৰমুজ প্ৰণালী বন্ধৰ পাছতে বিশ্বৰ ব্যৱসায়-বাণিজ্যত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ তেনেস্থলত দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প চীনৰ বেইজিঙত উপস্থিত হয় ৷ মহাসংকটৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপিতগৰাকীয়ে চীন ভ্ৰমণলৈ যোৱাটো অতি তাৎপৰ্য বহন কৰিছে ৷

ইফালে বুধবাৰে চীনৰ ৰাজধানী বেইজিঙত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে বিমানবন্দৰত উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতি ট্ৰাম্পক ৷ ইফালে দুয়োগৰাকী ৰাষ্ট্ৰনেতা মিলিত হৈছে বৈঠকত ৷ উল্লেখ্য যে, হৰমুজ প্ৰণালী, যুদ্ধ, ব্যৱসায় বাণিজ্যৰ সন্দৰ্ভত দুই ৰাষ্ট্ৰনেতাৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ চুক্তিৰ মাধ্যমেৰে আমেৰিকা-ইৰাণৰ যুদ্ধ শাম কটাবলৈ পাকিস্তানে কৰা চেষ্টা ব্যৰ্থ হোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ চীন ভ্ৰমণে এক যোগাত্মক দিশ লাভ কৰিব বুলি বিশেষজ্ঞই ধাৰণা কৰিছে ৷

উল্লেখ্য যে, বুধবাৰে চীনত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্প চীন ভ্ৰমণৰ সন্দৰ্ভত বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ গৌ জিয়াকোনে কয়,"আমেৰিকা-চীনৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হ'ব ৷ শেহতীয়াকৈ যুদ্ধ, ইৰানৰ হৰমুজ প্ৰণালী, ট্ৰাম্প কৰ আদি বিষয়ত আলোচনা কৰা হ'ব ৷ কাৰণ আমেৰিকা-চীনৰ এটা ভাল সম্পৰ্ক আছে ৷ বুজাবুজিৰ মাধ্যমেৰে, শান্তি প্ৰক্ৰিয়াৰে আমেৰিকাৰে সৈতে ব্যৱসায়-বাণিজ্য কৰিব বিচাৰে চীনে ৷ কেতিয়াও যুদ্ধ নিবিচাৰে চীনে ৷"

ইফালে চীনত থকা আমেৰিকাৰ বৈদেশিক সচিব গৰাকীয়ে কয়,"দুদিনীয়া ভ্ৰমণসূচীৰে ট্ৰাম্প উপস্থিত হৈছে চীনত ৷ চাৰিটা বিষয়, টাইৱানৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰ, ৰাজনৈতিক ব্যৱস্থাপনা, সুৰক্ষাৰ সন্দৰ্ভত আলোচনা কৰা হ'ব ৷"

লগতে পঢ়ক:ইজৰাইলে লেবাননত চলালে ভয়ংকৰ আক্ৰমণ, ৯ জনৰ মৃত্যু