মোদীলৈ ট্ৰাম্পৰ ফোন...পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা
ট্ৰাম্পে মঙলবাৰে মোদীক ফোন কৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ লগতে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছিল ।


Published : April 17, 2026 at 8:51 AM IST
ৱাশ্বিংটন: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৷ শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁৰ আৰু নৰেন্দ্ৰ মোদীৰ মাজত ‘খুব সুন্দৰভাৱে’ হৈছিল । ট্ৰাম্পে মঙলবাৰে দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাৰ কথা উল্লেখ কৰিছিল ।
কৰ কৰ্তনৰ ওপৰত এখন ঘূৰণীয়া মেজমেলত ভাষণ দিবলৈ লাছ ভেগাছলৈ যোৱাৰ সময়ত ট্ৰাম্পে সাংবাদিকৰ আগত কয়, "তেওঁ (মোদী)ৰ সৈতে মোৰ সুন্দৰ আলোচনা হৈছিল, আৰু তেওঁ মোৰ ভাৰতৰ বন্ধু, তেওঁ খুব ভাল কাম কৰি আছে । আমাৰ মাজত বহুত ভাল আলোচনা হৈছিল ।"
ট্ৰাম্পে মঙলবাৰে নৰেন্দ্ৰ মোদীক ফোন কৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰিছিল আৰু ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে আৰম্ভ কৰা যুদ্ধৰ ফলত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত দৃষ্টিভংগীৰ বিনিময় কৰিছিল । ৭ এপ্ৰিলত আমেৰিকা আৰু ইৰানে দুসপ্তাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰে । তেহৰানে পাৰমাণৱিক অস্ত্ৰ আৰু ইউৰেনিয়াম সমৃদ্ধিৰ পিছত লাগি থকা কাৰ্য এৰি দিবলৈ জোৰ দি ৱাশ্বিংটনৰ সৈতে শান্তি আলোচনাত মিলিত হয় ।
ইৰাণৰ সৈতে হোৱা যুদ্ধই গেছৰ মূল্য আকাশলংঘী কৰি তুলিছে, কাৰণ তেহৰানে বিশ্বৰ তেল যোগানৰ পঞ্চমাংশৰ মূল পৰিবহণ কৰিড’ৰ হৰমুজ জলদ্বীপৰ সাগৰীয় পথ বন্ধ কৰি দিছে । মঙলবাৰে ট্ৰাম্প-মোদীৰ টেলিফোনিক বাৰ্তালাপৰত সময়ত দুয়োগৰাকী নেতাই হৰমুজ জলদ্বীপ মুকলি আৰু সুৰক্ষিত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্গেই গৰে জনোৱা মতে, ট্ৰাম্পে মোদীক “আমি সকলোৱে আপোনাক ভাল পাওঁ” বুলি কোৱাৰ লগে লগে ৪০ মিনিটজোৰা এই টেলিফোনিক বাৰ্তালাপ অন্ত পৰে । ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণৰ সৈতে আমেৰিকা-ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছত মঙলবাৰৰ এই ফোন কলটো আছিল দুয়োগৰাকী নেতাৰ মাজত দ্বিতীয়টো ফোন কল ।
লগতে পঢ়ক:
১০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত ইজৰাইল আৰু লেবানন : ড’নাল্ড ট্ৰাম্প

