ভিছা প্ৰদানৰ ক্ষেত্ৰত কঠোৰ আমেৰিকা;১৫ হাজাৰ ডলাৰলৈকে দিব লাগিব ধন
ভিছা বণ্ডৰ ধনৰাশি ৩ গুণ পৰ্যন্ত বৃদ্ধি কৰিছে আমেৰিকাই । নতুনকৈ ২৫ খন দেশৰ নামো তালিকাত সংযোজন কৰা হৈছে ।

Published : January 7, 2026 at 7:34 PM IST
ৱাশ্বিংটন (আমেৰিকা): ভিছা জাৰিৰ ক্ষেত্ৰত আমেৰিকা প্ৰশাসনে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিছুমান দেশৰ পাছপ'ৰ্টধাৰীয়ে এতিয়াৰে ইমান সহজে লাভ নকৰিব ভিছা ! কাৰণ কিছুমান দেশৰ নাগৰিকে ভিছাৰ আবেদন কৰিবলৈ আগতীয়াকৈ পৰিশোধ কৰিব লাগিব ১৫ হাজাৰ ডলাৰ পৰ্যন্ত ধন যাক বণ্ড বুলি কোৱা হয় । ট্ৰাম্প প্ৰশাসনে কিছুমান দেশৰ ক্ষেত্ৰত এই বণ্ড পূৰ্বৰ তুলনাত ৩ গুণ বৃদ্ধি কৰিছে ।
ভিছা বণ্ডৰ অধীনত থকা ৰাষ্ট্ৰৰ তালিকাত ৭ খন দেশ অন্তৰ্ভুক্ত কৰাৰ এসপ্তাহ নৌহওঁতেই মঙলবাৰে বিদেশ বিভাগে আৰু ২৫ খন দেশ এই তালিকাত সংযোজন কৰে । 'travel.state.gov' ৱেবছাইটত প্ৰকাশ কৰা এক জাননী অনুসৰি শেহতীয়া সংযোজনৰ লগে লগে বণ্ডৰ প্ৰয়োজনীয়তা ২১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব ।
এই পদক্ষেপৰ অৰ্থ হ'ল এতিয়া ভিছা বণ্ডৰ অধীনত থাকিব ৩৮ খন দেশ । ইয়াৰে অধিকাংশই আফ্ৰিকাৰ যদিও কিছুমান লেটিন আমেৰিকা আৰু এছিয়াৰ দেশো তালিকাত অন্তৰ্ভুক্ত হৈছে । যাৰ বাবে বহুতৰে বাবে আমেৰিকাৰ ভিছা লাভৰ প্ৰক্ৰিয়াটো এতিয়া অধিক অসাধ্য হৈ পৰিছে ।
একেদৰে ভিছাৰ প্ৰয়োজন হোৱা সকলো দেশৰ নাগৰিকে ব্যক্তিগত সাক্ষাৎকাৰত বহিব লাগিব আৰু বছৰ বছৰ ধৰি সামাজিক মাধ্যমৰ ইতিহাসৰ লগতে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ পূৰ্বৰ ভ্ৰমণ আৰু জীৱন-যাপনৰ ব্যৱস্থাৰ বিশদ বিৱৰণী প্ৰকাশ কৰিব লাগিব ।
আমেৰিকাৰ বিষয়াসকলে ৫ হাজাৰ ডলাৰৰ পৰা ১৫ হাজাৰ ডলাৰলৈকে হ'ব পৰা এই বণ্ডৰ কথা স্পষ্ট কৰিছে । সেই দেশবোৰৰ নাগৰিকসকলে যাতে ভিছাৰ অতিৰিক্ত সময় আমেৰিকাত নাথাকে তাৰ বাবে বণ্ডৰ ব্যৱস্থা ফলপ্ৰসূ হ'ব বুলিও উল্লেখ কৰিছে । আনহাতে বণ্ডৰ ধন পৰিশোধ কৰিলেও ভিছা প্ৰদানৰ নিশ্চয়তা নাই, কিন্তু ভিছা নাপালে বা ভিছাৰ চৰ্তসমূহ মানি চলা বুলি প্ৰমাণ কৰিলে ধন ঘূৰাই দিয়া হ'ব বুলি কোৱা হৈছে ।
আমেৰিকাৰ বাবে ভিছা বণ্ডৰ প্ৰয়োজন হোৱা নতুন দেশসমূহ হ'ল আলজেৰিয়া, এংগোলা, এণ্টিগুৱা আৰু বাৰ্বুডা, বাংলাদেশ, বেনিন, বুৰুণ্ডি, কেপ ভাৰ্ডে, কিউবা, জিবৌটি, ড'মিনিকা, ফিজি, গাব'ন, আইভৰি কোষ্ট, কিৰ্গিস্তান, নেপাল, নাইজেৰিয়া, চেনেগাল, তাজিকিস্তান, ট'গো, টংগা, টুভালু, উগাণ্ডা, ভানুআটু, ভেনিজুৱেলা আৰু জিম্বাব'ৱে । ইয়াৰ উপৰিও ভূটান, বটছৱানা, মধ্য আফ্ৰিকান গণৰাজ্য, দ্য গাম্বিয়া, গিনি, গিনি-বিছাউ, মালই, মৰিটানিয়া, নামিবিয়া, চাও টম এণ্ড প্ৰিন্সিপ, তাঞ্জানিয়া, তুৰ্কমেনিস্তান আৰু জাম্বিয়াক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।
লগতে পঢ়ক :আমেৰিকান শুল্ক সন্দৰ্ভত ট্ৰাম্পৰ নতুন ভাষ্য: নতুন শুল্কত সুখী নহয় প্ৰধানমন্ত্ৰী মোদী

