ETV Bharat / international

একেৰাহে দ্বিতীয় দিনা ইৰাণৰ ঘাটিত আক্ৰমণ আমেৰিকাৰ; অস্তিত্ব মচি পেলোৱাৰ ভাবুকি ট্ৰাম্পৰ

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশত শনিবাৰ আৰু দেওবাৰে নিশা ইৰাণৰ কেইবাটাও লক্ষ্যত আক্ৰমণ কৰে আমেৰিকাৰ সেনাই । এই আক্ৰমণৰ লগতে ট্ৰাম্পে ইৰাণক নিঃশেষ কৰাৰো হুংকাৰ দিয়ে ।

US military says it struck 10 targets in Iran as ceasefire is strained by 2nd day of attacks
ইৰাণৰ অস্তিত্ব মচি পেলোৱাৰ ভাবুকি ট্ৰাম্পৰ (AP)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 10:08 AM IST

|

Updated : June 28, 2026 at 11:06 AM IST

3 Min Read
Choose ETV Bharat

ডুবাই : যুদ্ধবিৰতিৰ পাছতো আমেৰিকা আৰু ইৰাণৰ মাজত অব্যাহত আছে যুদ্ধৰ দাবানল ৷ শনিবাৰে একেৰাহে অৰ্থাৎ ২৪ ঘণ্টাৰ ভিতৰতে দ্বিতীয় দিনা ইৰাণক আক্ৰমণ কৰে আমেৰিকাৰ সেনাই । তেল টেংকাৰত আক্ৰমণ কৰাৰ পাছত ইৰাণৰ কেইবাটাও লক্ষ্যত আক্ৰমণ কৰে বুলি আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে জানিবলৈ দিয়ে ।

এই ধাৰাবাহিক আক্ৰমণে দুয়োপক্ষৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে । চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, কমাণ্ডাৰ ইন চীফ (ৰাষ্ট্ৰপতি)ৰ নিৰ্দেশ অনুসৰি এই আক্ৰমণ সংঘটিত হৈছে । এই আক্ৰমণৰ পাছত ইৰাণক প্ৰত্যক্ষ সতৰ্কবাণী জাৰি কৰিছে ট্ৰাম্পে । শনিবাৰে আমেৰিকাৰ সেনাই কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশতে ইতিমধ্যে ইৰাণৰ ১০টা লক্ষ্যত আঘাত কৰা হৈছে ।

ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে কয় যে শনিবাৰে পুৱাই এখন বণিক জাহাজত আক্ৰমণ কৰাৰ পাছত আমেৰিকাৰ সামৰিক বিমানে ইৰাণৰ সেনাবাহিনীৰ “চোৱাচিতাৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা, বায়ু প্ৰতিৰক্ষা স্থান, ড্ৰোণ সংৰক্ষণৰ সুবিধা আৰু মাইনলেয়াৰৰ ক্ষমতা”ক লক্ষ্য কৰি লৈছিল । পাছত ইয়াত নিৰ্দিষ্ট কৰা হৈছে যে এই আক্ৰমণত হৰমুজ জলদ্বীপ আৰু ইয়াৰ ওচৰৰ একাধিক স্থানত ১০টা ইৰাণৰ সামৰিক লক্ষ্য জড়িত আছিল ।

ছ’চিয়েল মিডিয়া পোষ্টত ট্ৰাম্পে কয় যে ইৰাণে যুদ্ধবিৰতি চুক্তি উলংঘা কৰিছে ৷ আমেৰিকাই ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ সংৰক্ষণ স্থান আৰু উপকূলীয় ৰাডাৰ ছাইটত আঘাত কৰিছে ৷ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিছে যে যদি ইৰাণে এনে আক্ৰমণ অব্যাহত ৰাখে তেন্তে আমেৰিকাই অধিক কঠোৰ পদক্ষেপ ল’ব লাগিব । তেওঁ কয় যে যদি ইৰাণে যুদ্ধবিৰতি চুক্তি উলংঘা কৰি থাকে তেন্তে ইয়াক নিঃশেষ কৰা হ’ব ।

উল্লেখ্য যে, বৃহস্পতিবাৰে ওমানৰ উপকূলত ইৰাণৰ ড্ৰোণে এখন বণিক জাহাজত আক্ৰমণ কৰে ৷ যাৰ প্ৰত্যুত্তৰ দিয়ে আমেৰিকাৰ সেনাই ৷

  • তেল টেংকাৰত ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে আমেৰিকাৰ সেনাই

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, এই শেহতীয়া আক্ৰমণত ইৰাণী বাহিনীয়ে একপক্ষীয়ভাৱে ড্ৰোণেৰে তেল টেংকাৰ কিকুক আক্ৰমণ কৰে । সেই সময়ত টেংকাৰখনে ২০ লাখতকৈ অধিক বেৰেল খাৰুৱা তেল ভৰাই হৰমুজ জলদ্বীপৰ মাজেৰে যাত্ৰা কৰি আছিল ।

জাহাজ ট্ৰেকিং ৱেবছাইটৰ মতে, সপ্তাহটোৰ আৰম্ভণিতে পাৰস্য উপসাগৰৰ মাজমজিয়াত থকা কাটাৰৰ তৈলক্ষেত্ৰ এৰি কিকুৱে সংযুক্ত আৰব আমিৰশ্বাহীৰ এটা বন্দৰলৈ গৈ আছিল, যিটো ওমান উপসাগৰত অৱস্থিত, হৰমুজ জলদ্বীপৰ ঠিক সিটো পাৰে ।

  • ইৰাণৰ ড্ৰোণ আক্ৰমণক গৰিহণা দিছে বাহৰেইনে

শনিবাৰে বাহৰেইনৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে “ইৰাণৰ কেইবাখনো ড্ৰোণে” দেশখনক লক্ষ্য কৰি লৈছে । মন্ত্ৰালয়ে এই আক্ৰমণক “নাগৰিক আৰু বাসিন্দাসকলৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি” বুলি অভিহিত কৰিছে । অৱশ্যে কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই ।

লগতে পঢ়ক : ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণেৰে ইৰাণৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ
Last Updated : June 28, 2026 at 11:06 AM IST