মধ্য প্ৰাচ্যৰ অস্থিৰতাক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো তীব্ৰ বিতৰ্ক; গুটেৰেছে দিলে সকীয়নি
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ইৰাণৰ ৰাষ্ট্ৰদূতৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ বাকযুদ্ধ ।

By PTI
Published : March 1, 2026 at 1:30 PM IST
ৰাষ্ট্ৰসংঘ : ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ সংঘৰ্ষই বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিব এণ্টনিঅ' গুটেৰেছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত বিষয়টোক লৈ সকীয়নি প্ৰদান কৰে । গুটেৰেছে বিশ্বৰ আটাইতকৈ অস্থিৰ অঞ্চল মধ্যপ্ৰাচ্যত সামৰিক কাৰ্যকলাপে ঘটনাৰ অনিয়ন্ত্ৰিত শৃংখলৰ আশংকা আছে বুলি উল্লেখ কৰে ।
শনিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত গুটেৰেছে কয়, "আমি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি এক ভয়াৱহ ভাবুকিৰ সাক্ষী হৈ আছো । সামৰিক কাৰ্যকলাপে এনে এক শৃংখলাবদ্ধ পৰিঘটনাৰ উদ্ভৱ কৰাৰ আশংকা কৰে ।"
আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ বিৰুদ্ধে সামৰিক আক্ৰমণ কৰা আৰু তাৰ পিছত প্ৰত্যুত্তৰত টেহৰাণৰ আক্ৰমণৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ৰাষ্ট্ৰসংঘৰ ১৫ খন দেশৰ শক্তিশালী সংস্থাটোৱে বৈঠকত মিলিত হয় । গুটেৰেছে ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে কৰা বৃহৎ সামৰিক আক্ৰমণক গৰিহণা দিয়াৰ লগতে বাহৰেইন, ইৰাক, জৰ্ডান, কুৱেইট, কাটাৰ, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীত 'সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতা উলংঘা কৰা' টেহৰাণৰ এই আক্ৰমণক গৰিহণা দিয়ে ।
গুটেৰেছে কয়, "টেহৰাণত ৰাষ্ট্ৰপতিৰ ৰাজপ্ৰসাদ আৰু সৰ্বোচ্চ নেতাৰ চৌহদ থকা জিলাখনত বৃহৎ বিস্ফোৰণৰ বাতৰি পোৱা গৈছে । ইজৰাইলৰ সূত্ৰ অনুসৰি–ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীকে ধৰি কেইবাজনো উচ্চ পদস্থ বিষয়া নিহত হোৱাৰ বাতৰি পোৱা গৈছে, যাক মই নিশ্চিত কৰিব পৰা অৱস্থাত নাই ।"
নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ইউ এন এছ চিৰ বৈঠক চলি থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা পোষ্টত আয়াতুল্লাহৰ মৃত্যুৰ কথা ঘোষণা কৰে ।
ট্ৰাম্পে কয়, "ইতিহাসৰ অন্যতম দুষ্ট মানুহ খামেনেইৰ মৃত্যু । এয়া কেৱল ইৰাণৰ জনসাধাৰণৰ বাবেই নহয়, সকলো গ্ৰেট আমেৰিকান আৰু সমগ্ৰ বিশ্বৰ বহু দেশৰ লোকসকলৰ বাবে ন্যায় ।"
ট্ৰাম্পে সকীয়াই দিয়ে যে গধুৰ আৰু পিনপইণ্ট বোমা বিস্ফোৰণ চলি থাকিব । গোটেই সপ্তাহটোৰ ভিতৰত নিৰৱচ্ছিন্নভাৱে বা যিমান দিনলৈকে প্ৰয়োজন হ'ব । সমগ্ৰ মধ্যপ্ৰাচ্য আৰু বিশ্বজুৰি শান্তিৰ লক্ষ্যত উপনীত হ'বলৈ !
অৱশ্যে ৰাষ্ট্ৰসংঘৰ প্ৰধান সচিব গুটেৰেছে দৃঢ়তাৰে কয় যে অঞ্চলটো আৰু বিশ্বক এতিয়াই এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ হোৱাৰ পথৰ প্ৰয়োজন আৰু শত্ৰুতা হ্ৰাস আৰু তৎকালীনভাৱে বন্ধ কৰাৰ আহ্বান জনায় । তেওঁ কয়, "বিকল্প হৈছে সাধাৰণ নাগৰিক আৰু আঞ্চলিক স্থিতিশীলতাৰ বাবে ভয়াৱহ পৰিণতিৰ সৈতে সম্ভাৱ্য বিস্তৃত সংঘাত ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকতো ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ সংঘৰ্ষক লৈ তীব্ৰ বিতৰ্ক হয় । ৱাশ্বিংটনৰ দূতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক কয়, "ইতিহাসে আমাক শিকাইছে যে নিৰ্ণায়ক পদক্ষেপৰ বোজাতকৈ নিষ্ক্ৰিয়তাৰ খৰচ বহু বেছি আৰু আমাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে আজি সেই নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে ।"
ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰতিনিধি ৰাষ্ট্ৰদূত মাইক ৱাল্টজে কয়, "...এয়া ইতিহাসৰ এনে এক মুহূৰ্ত যিটোৰ বাবে নৈতিক স্পষ্টতাৰ প্ৰয়োজন আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে এই মুহূৰ্তটো জয় কৰিছে । যিকোনো সাৰ্বভৌম চৰকাৰৰ আটাইতকৈ মৌলিক কৰ্তব্য হ'ল ইয়াৰ জনসাধাৰণৰ সুৰক্ষা ।"
তেওঁ লগতে কয়, "ইৰাণে উন্নত ক্ষেপণাস্ত্ৰ ক্ষমতাৰ সন্ধান অব্যাহত ৰখাৰ লগতে কূটনৈতিক সুযোগৰ সত্ত্বেও পাৰমাণৱিক উচ্চাকাংক্ষা পৰিত্যাগ কৰিবলৈ অস্বীকাৰ কৰাটোৱে এক ভয়াৱহ আৰু ক্ৰমাৎ বৃদ্ধি পোৱা বিপদৰ সৃষ্টি কৰিছে । আন্তঃৰাষ্ট্ৰীয় সমাজে দীৰ্ঘদিন ধৰি এটা সহজ আৰু প্ৰয়োজনীয় নীতি দৃঢ় কৰি আহিছে : ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে । সেই নীতি ৰাজনীতিৰ বিষয় নহয়; ই বিশ্ব নিৰাপত্তাৰ বিষয় । সেই উদ্দেশ্যে আমেৰিকাই বৈধ ব্যৱস্থা গ্ৰহণ কৰিছে ।"
ইজৰাইলৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ডেনি ডেননে কাউন্সিলক কয়, "এটা অস্তিত্বৰ ভাবুকিৰ সন্মুখীন হৈ ইয়াক অপ্ৰত্যাৱৰ্তনীয় হোৱাৰ আগতেই বন্ধ কৰিবলৈ ইজৰাইলে আমেৰিকাৰ সৈতে কাম কৰিছে । এই অভিযানত পাৰমাণৱিক আন্তঃগাঁথনি, বেলিষ্টিক মিছাইল ক্ষেত্ৰ, আমাৰ অঞ্চলজুৰি সন্ত্ৰাসবাদক ইন্ধন যোগোৱা স্থানক লক্ষ্য কৰি লোৱা হৈছে । আমি প্ৰয়োজনীয়তাৰ বাবেই কাম কৰিলোঁ, কাৰণ ইৰাণৰ প্ৰশাসনে কোনো যুক্তিসংগত বিকল্প এৰা নাছিল । এই যৌথ প্ৰচেষ্টা যেতিয়ালৈকে ভাবুকি থাকিব তেতিয়ালৈকে চলি থাকিব ।"
ইফালে ৰাষ্ট্ৰসংঘত ইৰাণৰ ৰাষ্ট্ৰদূত আমিৰ ছাইদ ইৰাভানিয়ে কয় যে যোৱা কেইমাহমানৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আমেৰিকা আৰু ইজৰাইলে তেওঁৰ দেশৰ বিৰুদ্ধে অপ্ৰৰোচিত আৰু পূৰ্ব পৰিকল্পিত আক্ৰমণ কৰিছে ।
তেওঁ আমেৰিকাৰ প্ৰশাসন আৰু ইজৰাইল প্ৰশাসনৰ আগ্ৰাসন আৰু নৃশংস অপৰাধ আৰু অসামৰিক আন্তঃগাঁথনিক ইচ্ছাকৃত আৰু স্থায়ীভাৱে লক্ষ্য কৰি লোৱা বুলি অভিহিত কৰি কেৱল আগ্ৰাসনে নহয়, ই এক যুদ্ধ অপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি উল্লেখ কৰে । ইৰাভানিয়ে কয় যে দক্ষিণ ইৰাণৰ হৰমোজগান প্ৰদেশৰ মিনাব নামৰ এখন চহৰৰ এখন বিদ্যালয়ত হোৱা আক্ৰমণত ১০০ৰো অধিক শিশুৰ মৃত্যু হৈছে ।
তেওঁ লগতে কয় যে নিৰাপত্তা পৰিষদে তাৎক্ষণিকভাৱে নিৰ্ণয় কৰিব লাগিব যে আমেৰিকা আৰু ইজৰাইলে আগ্ৰাসনমূলক কাৰ্য সংঘটিত কৰিছে আৰু ইয়াৰ অবৈধ বল প্ৰয়োগ তৎকালীনভাৱে বন্ধ কৰাৰ দাবী কৰিব লাগে ।
তেওঁ কয়, "ইজৰাইল আৰু আমেৰিকাই ইৰাণক আক্ৰমণ কৰিছে । তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা কৰিছে । তেওঁলোকক জবাবদিহি কৰিব লাগিব । যেতিয়ালৈকে এই আগ্ৰাসন চলি থাকিব, ইৰাণে আত্মৰক্ষাৰ অন্তৰ্নিহিত অধিকাৰ দৃঢ়ভাৱে, সমানুপাতিকভাৱে আৰু কোনো সংকোচ নকৰাকৈ ব্যৱহাৰ কৰি থাকিব, যেতিয়ালৈকে আগ্ৰাসন শেষ নহয় । নিৰাপত্তা পৰিষদে এতিয়াই কাম কৰিব লাগিব আৰু এই আগ্ৰাসনৰ চেষ্টা বন্ধ কৰিব লাগিব । মৌনতাই হৈছে এই অপৰাধৰ সহযোগিতা ।" সেই সময়ত ইৰাভানি আৰু ৱাল্টজৰ মাজত বাকযুদ্ধ হোৱা দেখা যায় ।

