ইৰাণ-ইজৰাইল যুদ্ধ : প্ৰথম পৰ্যায়ত ৪৫ দিনৰ যুদ্ধবিৰতিত জোৰ দিছে মধ্যস্থতাকাৰীয়ে
ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধৰ সমাপ্তিৰ বাবে মধ্যস্থতাকাৰীসকলে বিভিন্ন মাধ্যমত আলোচনা অব্যাহত ৰাখিছে ।

Published : April 6, 2026 at 6:27 PM IST
হায়দৰাবাদ : ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষ অব্যাহত আছে । প্ৰতিদিনে নতুন নতুন স্থানত আক্ৰমণ কৰা দেখা গৈছে । তাৰ মাজতে হৰমুজ প্ৰণালী বন্ধ কৰাৰ বাবে বিশ্বজুৰি প্ৰভাৱো অব্যাহত আছে । যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালী শীঘ্ৰে মুকলি কৰিবলৈ ইৰাণক সকীয়নি প্ৰদান কৰিছে । মঙলবাৰে পুৱাৰ ভিতৰত ইৰাণক হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰো শেষ সময়সীমা দিছে ট্ৰাম্পে । ইয়াৰ মাজতে আকৌ আমেৰিকাকে ধৰি মধ্যস্থতাকাৰী দেশসমূহে যুদ্ধবিৰতিৰ বাবে আলোচনা অব্যাহত ৰাখিছে ।
আমেৰিকা, ইৰাণ আৰু আঞ্চলিক মধ্যস্থতাকাৰীৰ এটা দলে ৪৫ দিনীয়া সম্ভাৱ্য যুদ্ধবিৰতিৰ চৰ্তসমূহৰ বিষয়ে আলোচনা কৰি থকাৰ কথা জানিব পৰা গৈছে । যাৰ ফলত যুদ্ধৰ অন্ত পৰিব পাৰে বুলি আমেৰিকাৰ এক সংবাদ সংস্থাই প্ৰকাশ কৰিছে ।
“Remember when I gave Iran ten days to MAKE A DEAL or OPEN UP THE HORMUZ STRAIT. Time is running out - 48 hours before all Hell will reign down on them. Glory be to GOD!” - President DONALD J. TRUMP pic.twitter.com/cVb7leFmAv
— The White House (@WhiteHouse) April 4, 2026
আলোচনা সন্দৰ্ভত কেইবাটাও সূত্ৰৰ উদ্ধৃতি দি সংস্থাটোৱে প্ৰতিবেদনত কৈছে যে অহা ৪৮ ঘণ্টাত আংশিক চুক্তিত উপনীত হোৱাৰ সম্ভাৱনা ক্ষীণ যদিও অন্তিম প্ৰচেষ্টাটো হ'ব যুদ্ধৰ তীব্ৰতা ৰোধ কৰা । কিয়নো ইৰাণৰ অসামৰিক আন্তঃগাঁথনিত ব্যাপক আক্ৰমণ আৰু উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ শক্তি আৰু পানীৰ কেন্দ্ৰসমূহৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে ।
দেওবাৰে ট্ৰাম্পে ইৰাণৰ জটিল আন্তঃগাঁথনিত তীব্ৰ আঘাত হানিব বুলি ভাবুকি দিয়ে যদিহে দেশখনৰ চৰকাৰে সময়সীমাৰ ভিতৰত হৰমুজ প্ৰণালী পুনৰ মুকলি নকৰে । পিছত এই সময়সীমা ২৪ ঘণ্টালৈ বৃদ্ধি কৰি সামাজিক মাধ্যমত মঙলবাৰে নিশা ৮ বজাত ইটি (বুধবাৰ, ভাৰতৰ সময় অনুসৰি পুৱা ৫:৩০ বজাত) নতুন সময়সীমাৰ কথা ট্ৰাম্পে পোষ্ট কৰে ।
Iran's position is being misrepresented by U.S. media.
— Seyed Abbas Araghchi (@araghchi) April 4, 2026
We are deeply grateful to Pakistan for its efforts and have never refused to go to Islamabad. What we care about are the terms of a conclusive and lasting END to the illegal war that is imposed on us.
پاکستان زنده باد pic.twitter.com/AUjBQxOFyA
ইফালে সূত্ৰৰ উদ্ধৃতি দি এক্সিঅ'ছ নামৰ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ শক্তিৰ কেন্দ্ৰসমূহৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ বৃহৎ আক্ৰমণৰ পৰিকল্পনা আছে যদিও ট্ৰাম্পৰ সময়সীমা বৃদ্ধিৰ লক্ষ্য আছিল চুক্তিত উপনীত হোৱাৰ অন্তিম সুযোগ দিয়া ।
প্ৰতিবেদন অনুসৰি পাকিস্তান, ইজিপ্ত আৰু তুৰ্কীৰ মধ্যস্থতাকাৰীৰ জৰিয়তে আৰু লগতে ট্ৰাম্পৰ দূত ষ্টিভ উইটকফ আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিৰ মাজত মেছেজৰ জৰিয়তেও আলোচনা চলি আছে ।
মধ্যস্থতাকাৰীসকলে কয় যে দুটা পৰ্যায়ৰ চুক্তিৰ পৰিকল্পনা কৰা হৈছে । প্ৰথম পৰ্যায়টো হ'ব ৪৫ দিনৰ সম্ভাৱ্য যুদ্ধবিৰতি । দ্বিতীয় পৰ্যায়ত যুদ্ধৰ অন্ত পেলোৱাৰ চুক্তি হ'ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক :

