ইৰাণত আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণ, ইৰাণৰ প্ৰত্য়ুত্তৰত মধ্য় প্ৰাচ্য়ৰ একাধিক স্থানত যুদ্ধৰ বিভীষিকা, ভাৰতীয় দূতাৱাসৰ সুৰক্ষা নিৰ্দেশাৱলী
ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনেইৰ কাৰ্যালয়ক লক্ষ্য় ইজৰাইলী সেনাৰ, টেহৰাণত আক্ৰমণ । ইজৰাইলক সহযোগ আমেৰিকাৰ । ডুবাই, আবু ধাবি, ৰিয়াধ, ডোহাত ইৰাণৰ আক্ৰমণ

Published : February 28, 2026 at 1:19 PM IST
|Updated : February 28, 2026 at 4:44 PM IST
নতুন দিল্লী : আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণৰ বিৰুদ্ধে আক্ৰমণ চলাইছে । ৰাজধানী চহৰ টেহৰাণত বিস্ফোৰণৰ খবৰ পোৱা গৈছে । ইৰাণ আৰু আমেৰিকাৰ মাজত কেইবা সপ্তাহ ধৰি উত্তেজনা অব্য়াহত থকাৰ শনিবাৰে এই আক্ৰমণৰ সূত্ৰপাত ঘটে । আমেৰিকাৰ এজন বিষয়াই কৈছে যে ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণত আমেৰিকা যুক্তাৰাষ্ট্ৰই সহযোগ কৰিছে ।
সংবাদ মাধ্যমৰ মতে শীৰ্ষ নেতা আয়াতুল্লাহ আলী খমেইনীৰ কাৰ্যালয়ৰ সমীপতে এই আক্ৰমণ হোৱাৰ লগে লগে চহৰখনৰ বিভিন্ন স্থান ধোঁৱাই আৱৰি ধৰিছে । লক্ষণীয়ভাৱে আক্ৰমণৰ সময়ত নেতাগৰাকী নিজৰ কাৰ্যালয়তে আছিল নে নাই সেয়া স্পষ্ট হোৱা নাই ।
জানিব পৰা মতে আমেৰিকাৰ সৈতে উত্তেজনা বৃদ্ধি পোৱাৰ পিছত তেওঁক বহুদিন ধৰি ৰাজহুৱা অনুষ্ঠানত দেখা পোৱা নাই ৷ কিন্তু ইৰাণক পাৰমাণৱিক কাৰ্যসূচীক লৈ চুক্তিবদ্ধ হ'বলৈ হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা অব্যাহত ৰখা আমেৰিকাই এই অঞ্চলত যুদ্ধ বিমান আৰু যুদ্ধজাহাজৰ এক বিশাল বহৰ সক্ৰিয় কৰি ৰখাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে ।
ইৰাণৰ ৰাজধানীত একাধিক বিস্ফোৰণৰ খবৰ পোৱা গৈছে । অৱশ্যে আক্ৰমণৰ ফলত নিহত বা আহত লোকৰ তথ্য এতিয়ালৈ দুয়োপক্ষই ৰাজহুৱা কৰা নাই ।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এই আক্ৰমণক ভাবুকি আঁতৰোৱাৰ প্ৰয়াস বুলি কৈছে । কিন্তু তেওঁ বিতং তথ্য প্ৰকাশ কৰা নাই । টেহৰাণত একাংশ নাগৰিকে বিস্ফোৰণৰ শব্দ শুনাৰ কথা স্বীকাৰ কৰিছে । পিছত ইৰাণৰ চৰকাৰী টেলিভিছনেও এই বিস্ফোৰণ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে ।
ইফালে ইজৰাইলৰ আক্ৰমণৰ লগে লগে ইৰাণে নিজৰ বায়ু পথ বন্ধ কৰি দিছে । টেহৰাণত বিস্ফোৰণৰ খবৰ পোৱাৰ লগে লগে পাইলটসকলকো সতৰ্ক কৰি দিয়া হৈছে ।
একেদৰে ইৰাণে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব বুলি আশংকা কৰি সমগ্ৰ ইজৰাইলত যুদ্ধৰ চাইৰেণ বাজি উঠিছে । ইজৰাইলৰ সেনাই কয় যে তেওঁলোকে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সতৰ্ক কৰি দিছে । ইজৰাইল সেনাই সকলো নাগৰিককে সুৰক্ষিত স্থানত আশ্ৰয় লোৱাৰ পৰামৰ্শ দিছে ।
এক্সৰ এটা পোষ্টত ইজৰাইল সেনাই কয়, "যোৱা কেইমিনিটমানৰ ভিতৰত সমগ্ৰ ইজৰাইলতে চাইৰেণ বজোৱা হৈছে, সুৰক্ষিত স্থানত থাকিবলৈ আগতীয়া নিৰ্দেশনাৰ জৰিয়তে সতৰ্ক কৰি দিয়া হৈছে । ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ সম্ভাৱনাৰ বাবে জনসাধাৰণক সতৰ্ক কৰি দিয়া হৈছে ।"
ইজৰাইলে সম্ভাৱ্য যুদ্ধৰ আশংকাত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে শৈক্ষিক প্ৰতিষ্ঠান, জনসমাৱেশ, কাৰ্যালয় আদি বন্ধৰ ঘোষণা কৰিছে ।
এক নিৰ্দেশনাত কোৱা হৈছে, "পৰিস্থিতি মূল্যায়নৰ অন্তত সিদ্ধান্ত লোৱা হৈছে যে আজি (শনিবাৰ) ৮:০০ বজাৰ পৰা হোম ফ্ৰণ্ট কমাণ্ড গাইডলাইনত তাৎক্ষণিক পৰিৱৰ্তন কৰা হৈছে । এই পৰিৱৰ্তনৰ অংশ হিচাপে দেশৰ সকলো অঞ্চলতে কেৱল অত্যাৱশ্যকীয় সেৱা ৱৰ্তী থকাৰ সিদ্ধান্ত লোৱা হৈছে ।"
নিৰ্দেশনাসমূহৰ ভিতৰত আছে : অত্যাৱশ্যকীয় খণ্ডৰ বাহিৰে শৈক্ষিক প্ৰতিষ্ঠান, সমাৱেশ আৰু চৰকাৰী কাৰ্যালয় আদি বন্ধ থাকিব । জনসাধাৰণে চৰকাৰী হোম ফ্ৰণ্ট কমাণ্ড চেনেলত প্ৰকাশিত নিৰ্দেশনা মানি চলিব লাগিব । ৰাষ্ট্ৰীয় জৰুৰীকালীন পৰ্টেল আৰু হোম ফ্ৰণ্ট কমাণ্ড এপত সম্পূৰ্ণ গাইডলাইন আপডেট কৰা হ'ব বুলিও কোৱা হৈছে ।
লগতে পঢ়ক :

