ভেনিজুৱেলাক লৈ ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ বৈঠক, গুটেৰেছে জনালে সাৰ্বভৌমত্বৰ প্ৰতি ‘সন্মান’ জনোৱাৰ আহ্বান
যিসময়ত আমেৰিকাই নিজৰ অভিযানৰ সমৰ্থন কৰিছে, সেই সময়তে ভেনিজুৱেলাই আমেৰিকাৰ এই আগ্ৰাসনক প্ৰাকৃতিক সম্পদৰ প্ৰতি লোভ বুলি আখ্যা দিছে ।


Published : January 6, 2026 at 7:11 PM IST
ৰাষ্ট্ৰসংঘ: ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণ আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ক বন্দী কৰাৰ প্ৰসংগক লৈ নিউয়ৰ্কত অনুষ্ঠিত হৈছিল জৰুৰীকালীন অধিবেশন ৷ এই অধিবেশনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে সোমবাৰে ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বক সন্মান জনোৱাৰ বাবে আহ্বান জনায় ।
সোমবাৰে নিউয়ৰ্কৰ আদালতত হাজিৰ হৈ মাডুৰ' আৰু তেওঁৰ পত্নী দুয়োৱে নিজকে দোষমুক্ত বুলি দাবী কৰে । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ৰাষ্ট্ৰদূতসকলক কয় যে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব 'ৰাজনৈতিক স্বতন্ত্ৰতা আৰু ভূ-খণ্ডৰ অখণ্ডতা' ৰ সন্মান কৰিব লাগিব । শনিবাৰে তেওঁ আমেৰিকাই বিশ্ব ব্যৱস্থাৰ বাবে বিপদজ্জনক নজিৰ গঢ়ি তোলা বুলি সকীয়নি প্ৰদান কৰে ।
ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে কয়, ‘‘মই দেশসমূহত বৃদ্ধি পোৱা অস্থিৰতা আৰু অঞ্চলসমূহত ইয়াৰ প্ৰভাৱ তথা ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক কেনেকৈ চলিব, তাৰ বাবে গভীৰ চিন্তাত পৰিছোঁ ৷’’
I'm deeply concerned about the possible intensification of instability in Venezuela, the potential impact on the region & the precedent it may set for how relations between & among states are conducted.
— António Guterres (@antonioguterres) January 5, 2026
The situation is critical, but it's still possible to prevent a wider & more…
আমেৰিকাই নিজৰ অভিযান সম্পৰ্কত যুক্তি দিয়াৰ বিপৰীতে ভেনিজুৱেলাই কয় যে আমেৰিকাৰ এই আগ্ৰাসন কেৱল প্ৰাকৃতিক সম্পদৰ প্ৰতি লোভ । বৈঠকত চেমুৱেল মনকাডাই কয় যে ইয়াৰ ফলত কেৱল তেওঁৰ দেশৰ সাৰ্বভৌমত্বতেই প্ৰভাৱ পৰা নাই, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় আইনৰ বিশ্বাসযোগ্যতা আৰু ৰাষ্ট্ৰসংঘও ইয়াৰ বাবে বিপাঙত পৰিছে ।
তেওঁ কয় যে ৩ জানুৱাৰীক আমেৰিকাই ভেনিজুৱেলাত নীতি বহিৰ্ভূতভাৱে সশস্ত্ৰ আক্ৰমণ কৰিছিল, যাৰ কোনো আইনী ন্যায্যতা নাছিল । ই ৰাষ্ট্ৰসংঘৰ সংবিধান, জেনেভা সন্ধি আৰু সাৰ্বভৌম সমতাৰ নীতি স্পষ্টভাৱে উলংঘা কৰা বুলি গণ্য কৰা হৈছে ।
ৰাষ্ট্ৰপতিক অপহৰণ আৰু সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা আক্ৰমণ সহ্য কৰিলে আইন এক বিকল্পহে বুলি বিবেচিত হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই আগ্ৰাসন ভেনিজুৱেলাৰ প্ৰাকৃতিক সম্পদ আৰু ভূ-ৰাজনৈতিক অৱস্থানৰ লোভতহে হৈছে ।
ভেনিজুৱেলাৰ চুবুৰীয়া দেশ কলম্বিয়া - যিখন ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ নতুন সদস্য, যিয়ে এই বৈঠকৰ বাবে আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছিল আৰু যাৰ নেতা গুস্তাভো পেট্ৰ’ই ড’নাল্ড ট্ৰাম্পৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে । আমেৰিকাৰ এই উদ্দেশ্যক লৈ উদ্বেগ প্ৰকাশ কৰে ।
কলম্বিয়াৰ ৰাষ্ট্ৰদূত লিঅ’ন’ৰ জালাবাটা ট'ৰেছে কয়, ‘‘ৰাষ্ট্ৰসংঘৰ সংবিধানত ব্যতিক্ৰমী পৰিস্থিতিতহে বল প্ৰয়োগৰ অনুমতি দিয়া হৈছে । বৈধ প্ৰতিৰক্ষাৰ বাবে, সশস্ত্ৰ আক্ৰমণৰ সন্মুখীন হ’লে বা এই পৰিষদৰ স্পষ্ট অনুমোদন থাকিলে । তথাপিও ইয়াৰ অৰ্থ এইটো নহয় যে কোনো আন ৰাষ্ট্ৰত ৰাজনৈতিক নিয়ন্ত্ৰণৰ ক্ষমতা দেখুৱাবলৈ এয়া কৰিব নোৱাৰে ।’’
ভেনিজুৱেলাৰ বিৰুদ্ধে আমেৰিকাৰ এই কামক তীব্ৰ গৰিহণা দিয়ে চীনে:
চীনৰ প্ৰতিনিধিয়ে কয় যে ভেনিজুৱেলাৰ বিৰুদ্ধে আমেৰিকাৰ একপক্ষীয়, অবৈধ আৰু গুণ্ডাগিৰিমূলক কাৰ্য বুলি বিবেচিত এই কাৰ্যই গভীৰভাৱে স্তম্ভিত কৰিছে আৰু এই কাৰ্যক তীব্ৰভাৱে গৰিহণা দিছে ।
ভেনিজুৱেলাত আমেৰিকাৰ কাৰ্য-কলাপে ‘নব্য ঔপনিৱেশিকতাবাদ’ক ইন্ধন যোগাইছে, ৰাছিয়াই কয়
ৰাছিয়ান ফেডাৰেশ্যনৰ প্ৰতিনিধি ভাচিলি এ নেবেঞ্জিয়াই আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি ভেনিজুৱেলাৰ বিৰুদ্ধে সশস্ত্ৰ আগ্ৰাসন চলোৱাৰ বাবে আমেৰিকাক নিন্দা কৰি ৱাশ্বিংটনৰ পৰা ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীক তৎক্ষণাত মুকলি কৰি দিবলৈ আহ্বান জনায় ।
আমেৰিকাই কয় 'ভেনিজুৱেলা বা ইয়াৰ জনসাধাৰণৰ বিৰুদ্ধে কোনো যুদ্ধ নহয়'
ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰতিনিধি মাইকেল জি ৱাল্টজে নিৰাপত্তা পৰিষদক জনোৱা মতে, ৱাশ্বিংটনে দুজন অভিযুক্ত পলাতকক গ্ৰেপ্তাৰ কৰিবলৈ সু-পৰিকল্পিত আইনী অভিযান চলাইছিল, য’ত নাৰ্কো-সন্ত্ৰাসবাদী নিকোলাছ মাডুৰ' আৰু চেলিয়া ফ্ল’ৰেছৰ নাম উল্লেখ কৰা হৈছে ।
'মাদুৰ'ৰ ক্ষমতাৰ দাবী প্ৰৱঞ্চনামূলক আছিল', বৃটেইনে কয়
বৈঠকত বৃটেইনৰ প্ৰতিনিধি জেমছ কাৰিউকিয়ে কয় যে মাদুৰ'ৰ এই কাৰ্যই চৰম মাত্ৰাৰ দৰিদ্ৰতা, হিংসাত্মক দমন আৰু মৌলিক সেৱাসমূহৰ বিফলতাৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ অঞ্চলটোক প্ৰভাৱিত কৰা স্থানচ্যুতিৰ সংকটৰ সূচনা কৰিছে ।

