ETV Bharat / international

৮০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে হোৱাইট হাউছলৈ আহি আছে ছিৰিয়াৰ ৰাষ্ট্ৰপতি

নিসন্দেহে এয়া এক ঐতিহাসিক ভ্ৰমণ । আলোচনাৰ কাৰ্যসূচীত নিষেধাজ্ঞা উঠাই লোৱাৰ লগতে আমেৰিকা আৰু ছিৰিয়াৰ মাজত নতুন অধ্যায় আৰম্ভ হোৱাৰ সম্ভাৱনা ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ANI

Published : November 2, 2025 at 8:48 PM IST

3 Min Read
Choose ETV Bharat

ৱাশ্চিংটন: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চলিত মাহত ৱাশ্বিংটনত আলোচনাৰ বাবে ছিৰিয়াৰ অন্তৱৰ্তীকালীন নেতা আহমেদ আল শ্বাৰাক আতিথ্য প্ৰদান কৰিব বুলি আল জাজিৰাই এক খবৰ প্ৰকাশ কৰিছে । যিটো হ’ব আঠ দশকৰো অধিক সময়ৰ পিছত ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ আমেৰিকাৰ ৰাজধানী ভ্ৰমণ ।

ছিৰিয়াৰ বৈদেশিক মন্ত্ৰী আছাদ আল শ্বাইবানীয়ে দেওবাৰে বাহৰেইনত দিয়া ভাষণৰ সময়ত কয় যে এই ভ্ৰমণে ডামাস্কাছ আৰু ৱাশ্বিংটনৰ মাজৰ সম্পৰ্কত এক নতুন অধ্যায় মুকলি কৰাত সহায় কৰিব ।

আল শ্বাইবানীয়ে কয়, ‘‘নৱেম্বৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি আহমেদ আল শ্বাৰা হোৱাইট হাউছত উপস্থিত হ’ব । নিসন্দেহে এয়া এক ঐতিহাসিক ভ্ৰমণ । ৮০ বছৰতকৈও অধিক সময়ৰ পিছত ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ হোৱাইট হাউছ ভ্ৰমণ এয়াই প্ৰথম ।’’

আল-শ্বাইবানীয়ে কয় যে আলোচনাৰ কাৰ্যসূচীত নিষেধাজ্ঞা উঠাই লোৱাৰ লগতে আমেৰিকা আৰু ছিৰিয়াৰ মাজত নতুন অধ্যায় আৰম্ভ কৰা হ’ব ৷ ডামাস্কাছে দুয়োখন দেশৰ মাজত অতি শক্তিশালী অংশীদাৰিত্ব স্থাপন কৰিব বিচাৰে বুলিও তেওঁ কয় ।

এক্সিয়াছৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰে এনেদৰে, ‘‘ছিৰিয়াত থকা আমেৰিকাৰ দূত টম বেৰেকে কয় যে আল-শ্বাৰাই ভ্ৰমণৰ সময়ত আই এছ আই এল (ISIS) গোটৰ বিৰুদ্ধে আমেৰিকা নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁটত যোগদান কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে ।’’

ডিচেম্বৰ মাহত বাছাৰ আল আছাদৰ পৰা ক্ষমতা দখল কৰা আল-শ্বাৰাই আছাদৰ শাসনৰ সময়ত নিজকে আঁতৰাই ৰখা বিশ্ব শক্তিসমূহৰ সৈতে ছিৰিয়াৰ সম্পৰ্ক পুনৰ গঢ়ি তোলাৰ কাম কৰি আহিছে ।

ইয়াৰ পূৰ্বে তেওঁ মে’ মাহত ছৌদি আৰৱত ট্ৰাম্পক সাক্ষাৎ কৰিছিল, যিটো ২৫ বছৰৰ ভিতৰত দুয়োখন দেশৰ নেতাদ্বয়ৰ মাজৰ প্ৰথমখন বৈঠক আছিল ৷ উপসাগৰীয় সহযোগিতা পৰিষদৰ নেতাসকলৰ সৈতে ট্ৰাম্পৰ আলোচনাৰ আঁৰত অনুষ্ঠিত হোৱা এই বৈঠকক আছাদৰ পাৰিবাৰিক শাসনৰ পাঁচ দশকৰো অধিক সময়ৰ পৰা উদ্ধাৰ হোৱা ছিৰিয়াৰ বাবে এক উল্লেখযোগ্য উন্নয়ন বুলি অভিহিত কৰা হৈছে বুলি আল জাজিৰাই প্ৰকাশ কৰিছে ।

ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদতো ভাষণ দি আল-শ্বাৰাই ছিৰিয়াক বিশ্ব কূটনৈতিক মহললৈ ঘূৰাই অনাৰ প্ৰচেষ্টাৰ সংকেত দিছিল ।

এসময়ত ছিৰিয়াত আল কায়দাৰ এটা শাখাৰ নেতৃত্ব দিয়া আল-শ্বাৰাই এটা দশক পূৰ্বে নেটৱৰ্কৰ পৰা আঁতৰি আহি পিছত আইছিছৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । এইগৰাকী ছিৰিয়াৰ নেতাই আমেৰিকাৰ এক কোটি মাৰ্কিন ডলাৰৰ বাউণ্টি কঢ়িয়াই লৈ ফুৰিছিল আৰু ইৰাক যুদ্ধৰ সময়ত আমেৰিকাৰ বাহিনীয়ে বন্দী কৰিছিল ।

এসময়ত ছিৰিয়াৰ আল কায়দাৰ শাখাৰ নেতৃত্ব দিয়া আল-শ্বাৰাই এটা দশক পূৰ্বে এই নেটৱৰ্কৰ পৰা আঁতৰি আহি পিছত আইছিছৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । পূৰ্বে ছিৰিয়াৰ নেতাগৰাকীৰ মূৰৰ মূল্য এক কোটি মাৰ্কিন ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল আৰু ইৰাকৰ সৈতে হোৱা সংঘাতৰ সময়ত আমেৰিকাৰ সৈন্যই তেওঁক কাৰাৰুদ্ধ কৰি ৰাখিছিল ৷

প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ এই ভ্ৰমণৰ সময়তে ট্ৰাম্পে মধ্যপ্ৰাচ্যৰ মিত্ৰ দেশসমূহক অঞ্চলটোত স্থায়ী শান্তিৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে । গাজাত ইজৰাইলৰ দুবছৰীয়া যুদ্ধৰ অন্ত পেলোৱাৰ লক্ষ্যৰে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আৰু বন্দী বিনিময়ৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

আল জাজিৰাৰ মতে, ছিৰিয়া আৰু ইজৰাইলে এনে চুক্তিত উপনীত হ’বলৈ আলোচনাত মিলিত হৈছে ৷ যাৰ ফলত ছিৰিয়াৰ ভূখণ্ডত ইজৰাইলৰ বিমান আক্ৰমণ বন্ধ হৈ যাব আৰু দক্ষিণ ছিৰিয়াৰ পৰা ইজৰাইলৰ সৈন্য প্ৰত্যাহাৰ কৰিব ।

লগতে পঢ়ক: বন্ধুত্ব বাঢ়িছে আমেৰিকা-চীনৰ ! প্ৰত্যক্ষ সামৰিক চেনেল স্থাপনতো হৈছে সন্মত