উজু নহ'লে, কঠিন পথেৰে হ'লেও গ্ৰীণলেণ্ডত আধিপত্য় বিস্তাৰ কৰিবলৈ সাজু ড’নাল্ড ট্ৰাম্প
আৰ্কটিকত ৰাছিয়া আৰু চীনৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পোৱা বাবেই আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে খনিজ সমৃদ্ধ দ্বীপটো নিয়ন্ত্ৰণৰ পৰিকল্পনা ।

Published : January 10, 2026 at 1:40 PM IST
ৱাশ্বিংটনঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াভাৱে গ্ৰীণলেণ্ডত আধিপত্য় বিস্তাৰ কৰিবলৈ বিভিন্ন কৌশলেৰে চেষ্টা অব্য়াহত ৰাখিছে । ট্ৰাম্পে স্বায়ত্তশাসিত আৰ্কটিক দ্বীপটোৰ ওপৰত ডেনমাৰ্কৰ সাৰ্বভৌমত্ব গুৰুত্বহীন কৰাৰ লগতে আমেৰিকাৰ প্ৰভূত্ব বিস্তাৰ কৰিবলৈকে পাতিছে পাং । ডেনমাৰ্কে আমেৰিকাৰ প্ৰস্তাৱৰ পিচতেই হুংকাৰ দিয়াত ৰাষ্ট্ৰপতি ট্ৰাম্পে বল প্ৰয়োগ কৰি হ'লেও পুনৰ গ্ৰীণলেণ্ড দখল কৰিব বুলি সকীয়াই দিছে ।
যোৱা সপ্তাহত আমেৰিকাই ভেনিজুৱেলাত ৰাষ্ট্ৰপতিগৰাকীক উৎখাত কৰাৰ পিচত দেশখনত লাভৱান হ’বলৈ বিচৰা তেলৰ কাৰ্যবাহীসকলৰ সৈতে হোৱাইট হাউছৰ বৈঠকত ট্ৰাম্পে কয়, "তেওঁলোকে ভালেই পাওক বা নাপাওক,আমি গ্ৰীণলেণ্ডৰ ওপৰত কিবা এটা কৰিবলৈ ওলাইছো ।"
গ্ৰীণলেণ্ডৰ বিষয়ে প্ৰশ্ন সোধাত ট্ৰাম্পে কয়, "আপোনালোকে জানে যে সহজ পদ্ধতিৰে মই এখন চুক্তি কৰিব বিচাৰিম; কিন্তু আমি যদি সহজ পদ্ধতিৰে কৰিব নোৱাৰোঁ তেন্তে কঠিন পদ্ধতিৰে কৰিম ।" ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আৰ্কটিকত ৰাছিয়া আৰু চীনৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এই খনিজ সমৃদ্ধ দ্বীপটো নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ । "আমি ৰাছিয়া বা চীনে গ্ৰীণলেণ্ড দখল কৰাটো নিবিচাৰো আৰু আমি নকৰিলে তেওঁলোকে সেইটোৱেই কৰিব । গতিকে আমি গ্ৰীণলেণ্ডৰ সৈতে কিবা এটা কৰিম, হয় ভাল ধৰণেৰে নহয়, অধিক কঠিন ধৰণেৰে ।"
বিগত কেইবা বছৰত দুয়োখন দেশে আৰ্কটিক অঞ্চলত সামৰিক কাৰ্যকলাপ বৃদ্ধি কৰিছে যদিও দুয়োখন দেশেই এই বিশাল বৰফৰ দ্বীপটোৰ ওপৰত কোনো দাবী উত্থাপন কৰা নাই । ইতিমধ্যে আমেৰিকাৰ সামৰিক ঘাটি থকা গ্ৰীণলেণ্ড নিয়ন্ত্ৰণ কৰিবলৈ ট্ৰাম্পে দিয়া ভাবুকিত ডেনমাৰ্ক আৰু ইউৰোপৰ অন্যান্য মিত্ৰ দেশসমূহে আশ্চৰ্য প্ৰকাশ কৰিছে । ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছেনে সকীয়াই দিছে যে গ্ৰীণলেণ্ড আক্ৰমণ 'সকলো' অৰ্থাৎ নাটো আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ নিৰাপত্তা গাঁথনিৰ অন্ত পেলাব ।
২০০৩ চনত ইৰাক বিতৰ্কিত আক্ৰমণত আমেৰিকাৰ সৈতে যোগ দিয়া মিত্ৰ দেশ ডেনমাৰ্কৰ উদ্বেগক ট্ৰাম্পে সহজভাৱে লয় । ট্ৰাম্পে কয়, "মই আপোনালোকক ক’ব লাগিব, ময়ো ডেনমাৰ্কৰ অনুৰাগী আৰু আপুনি জানে, তেওঁলোকে মোৰ লগত বহুত ভাল কাম কৰিছে ।"
"কিন্তু ৫০০ বছৰ পূৰ্বে তেওঁলোকৰ তাত পদাৰ্পণ কৰা বুলি কোৱাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে সেই ভূমিৰ গৰাকী । অহা সপ্তাহত ডেনমাৰ্কৰ বৈদেশিক মন্ত্ৰী আৰু গ্ৰীণলেণ্ডৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব বিদেশ সচিব মাৰ্কো ৰুবিঅ’ ।"

