ETV Bharat / international

মধ্যপ্ৰাচ্যৰ যুদ্ধ : মধ্যস্থতাকাৰীৰ ৰূপত ড’নাল্ড ট্ৰাম্প, আৰম্ভ ‘প্ৰজেক্ট ফ্ৰিডম’

এই পদক্ষেপে হৰমুজ জলদ্বীপত আবদ্ধ হৈ ৰোৱা ইন্ধন পৰিবাহী জাহাজসমূহ মুকলি কৰাত সহায় কৰিব বুলি ট্ৰাম্পে জনাইছে ৷

US ISRAEL WAR ON IRAN
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ((File/AP))
author img

By ETV Bharat Assamese Team

Published : May 6, 2026 at 12:20 PM IST

3 Min Read
Choose ETV Bharat

ৱাশ্চিংটন: মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মধ্যস্থতাকাৰীৰ ৰূপত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ ইৰাণৰ সৈতে কোনো চুক্তি স্বাক্ষৰ কৰিলে যদি এই যুদ্ধৰ অন্ত পৰে, তেন্তে সেয়া কৰিবলৈ প্ৰস্তুত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী ৷ হৰমুজ জলদ্বীপত আমেৰিকাই সামৰিক অভিযান বন্ধ কৰাৰ এদিন পিছতে অৰ্থাৎ মঙলবাৰে এই কথা জানিবলৈ দিয়ে ড’নাল্ড ট্ৰাম্পে ৷

ইতিমধ্যে আৰম্ভ হৈছে ড’নাল্ড ট্ৰাম্পৰ ‘প্ৰজেক্ট ফ্ৰিডম’ ৷ হৰমুজ জলদ্বীপত আবদ্ধ হৈ থকা ইন্ধন পৰিবাহী জাহাজসমূহ মুকলি কৰিবলৈ সোমবাৰৰ পৰা এই পদক্ষেপ আৰম্ভ কৰা হৈছে ৷ হৰমুজ জলদ্বীপ হৈছে উপসামুদ্ৰিক সংকীৰ্ণ পথ, যাক ইৰাণে নিজৰ দখলত ৰাখিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীগৰাকীয়ে সামাজিক মাধ্যম ট্ৰুথ (Truth) ছ’চিয়েলত দেশখনৰ সামৰিক অভিযানৰ সন্দৰ্ভত কয় যে পাকিস্তান আৰু অন্যান্য দেশসমূহৰ অনুৰোধৰ পিছত তেওঁ সম্প্ৰতি ইয়াক স্থগিত ৰাখিছে ৷ টেহৰাণৰ সৈতে এক সম্পূৰ্ণ আৰু চূড়ান্ত চুক্তিৰ দিশে ট্ৰাম্পে অগ্ৰসৰ হোৱা বুলিও জানিবলৈ দিয়ে ৷

ট্ৰাম্পে কয়, ‘‘আমি পাৰস্পৰিকভাৱে একমত হৈছো যদিও অভিযান সম্পূৰ্ণৰূপে চলি থাকিব ৷ কিন্তু প্ৰজেক্ট ফ্ৰিডমক সাময়িকভাৱে কিছু সময়ৰ বাবে স্থগিত ৰখা হ’ব ৷ কোনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনাৰে এই কাম কৰা হৈছে । ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ অন্ত পেলাবলৈ প্ৰয়োজনীয় চুক্তিত ইৰাণে যাতে স্বাক্ষৰ কৰে, সেয়া নিশ্চিত কৰিবলৈ তথা চাপ বৰ্তাই ৰাখিবলৈ ৱাশ্চিংটনে ইৰাণৰ বন্দৰসমূহত আধিপত্য বিস্তাৰ কৰি ৰাখিছে ৷

হৰমুজ জলদ্বীপক লৈ সময়ে সময়ে উত্তেজনাৰ সৃষ্টি হৈছিল ৷ বিশেষকৈ আমেৰিকাই ইৰাণৰ সাতখনকৈ জাহাজত আক্ৰমণ কৰাৰ দাবী উত্থাপনৰ লগতে ইৰাণে কেইবাখনো অসামৰিক জাহাজত আক্ৰমণ চলোৱা বুলি দাবী কৰা হৈছিল ৷

আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই মঙলবাৰে কয় যে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে চলোৱা আক্ৰমণ সম্পূৰ্ণ হৈছে, যাক তেওঁলোকে ‘‘অপাৰেশ্ব’ন এপিক ফিউৰি’’ আখ্যা দিছে ৷ ৰুবিঅ’ৰ এই মন্তব্যৰ প্ৰায় এমাহৰ ভিতৰত যুদ্ধবিৰতিৰ প্ৰসংগটো উত্থাপন হৈছিল ।

হোৱাইট হাউছত সংবাদ মাধ্যমৰ আগত ৰুবিঅ’ই কয়, ‘‘ৰাষ্ট্ৰপতিয়ে কংগ্ৰেছত অৱগত কৰাৰ দৰে অপাৰেশ্ব’ন এপিক ফিউৰিৰ ইতিমধ্যে সামৰণি পৰিছে ৷ আমি ইয়াৰ সেই পৰ্যায়টো শেষ কৰিলোঁ ।’’ অৱশ্যে ৰুবিঅ’ই হৰমুজ জলদ্বীপত চলোৱা সামৰিক অভিযান মূল যুদ্ধৰ অংশ নাছিল বুলি জানিবলৈ দিয়ে ।

তেওঁ লগতে কয়, ‘‘এয়া কোনো আক্ৰমণাত্মক অভিযান নহয়, বৰং এয়া এক প্ৰতিৰক্ষামূলক অভিযান আৰু ইয়াৰ অৰ্থ অতি সহজ ৷ যেনে - প্ৰথমতে আমাক গুলী নচলোৱালৈ আমি গুলীচালনা নকৰো ।’’

উল্লেখ্য যে, ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ চলাই দেশখনৰ শীৰ্ষ নেতাসকলক হত্যা কৰাৰ লগতে গুৰুত্বপূৰ্ণ সামৰিক আৰু অৰ্থনৈতিক স্থানসমূহ ধ্বংস কৰে ৷ অৱশ্যে ইয়াৰ ফলত ইছলামিক ৰিপাব্লিকৰ পতন হোৱা নাছিল । ইৰাণে সমগ্ৰ অঞ্চলটোত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ আক্ৰমণৰে প্ৰত্যুত্তৰ দিয়ে ৷ ৮ এপ্ৰিলত ট্ৰাম্পে ইৰাণৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰে ৷

ৰুবিঅ’ই কয় যে আমেৰিকাই যুদ্ধৰ প্ৰকৃত উদ্দেশ্যত উপনীত হৈছে । এই যুদ্ধই বিশ্বব্যাপী প্ৰভাৱ পেলোৱাৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়াও ইৰাণৰ সৈতে আলোচনাৰ ভিত্তিত যুদ্ধৰ সামৰণি পৰাটোক পছন্দ কৰিছে ।

লগতে পঢ়ক: সংযুক্ত আৰব আমিৰশ্বাহীৰ ফুজাইৰাত ইৰাণৰ ড্ৰ’ণ আক্ৰমণত আহত তিনিগৰাকী ভাৰতীয়