ETV Bharat / international

মই শান্তিৰ নোবেল বঁটা লাভ নকৰাটো নৰৱেৰ বাবে এক বৃহৎ লাজৰ বিষয় : ট্ৰাম্প

এতিয়ালৈ ৮ খন যুদ্ধ বন্ধ কৰাৰো দাবী ট্ৰাম্পৰ । চিৰবৈৰী পাকিস্তানৰ সৈতে ভাৰতৰ যুদ্ধ বন্ধ কৰাৰো দাবীত অটল ৷

President Donald Trump smiles during a meeting with oil executives in the East Room of the White House, Friday, Jan. 9, 2026, in Washington
চিৰবৈৰী পাকিস্তানৰ সৈতে ভাৰতৰ যুদ্ধ বন্ধ কৰাৰ দাবীত অটল ট্ৰাম্প (AP)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 11:37 AM IST

3 Min Read
Choose ETV Bharat

ৱাশ্বিংটন : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে পুনৰ দাবী কৰিছে যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ বন্ধ কৰিছে । দুয়োখন পাৰমাণৱিক শক্তিয়ে যুদ্ধখন ডাঙৰ কৰাৰ বাবে সাজু আছিল বুলিও তেওঁ দাবী কৰে । ট্ৰাম্পে লগতে কয় যে যোৱা বছৰ সংঘৰ্ষত ৮ খন বিমান ধ্বংস কৰা হৈছিল । ভাৰত আৰু পাকিস্তানৰ মাজত মে' মাহত সংঘৰ্ষ বন্ধ কৰি দিয়া বুলি ট্ৰাম্পে এতিয়ালৈকে প্ৰায় ৭০ বাৰৰো অধিক দাবী কৰিলে ।

বৃহস্পতিবাৰে এক সাক্ষাৎকাৰত ট্ৰাম্পে কয়, "মই ৮ খন যুদ্ধ বন্ধ কৰিছোঁ । ৮ আৰু এক চতুৰ্থাংশ, কাৰণ আপোনালোকে জানে থাইলেণ্ড আৰু কম্বোডিয়াই পুনৰ এই কামত আগবাঢ়িছে ।" তেওঁ লগতে কয় যে তত্ত্বগতভাৱে প্ৰতিখন যুদ্ধ বন্ধ কৰাৰ বাবে তেওঁ নোবেল বঁটা লাভ কৰিব লাগে ।

ট্ৰাম্পে কয়, "কাৰণ এই যুদ্ধবোৰৰ কিছুমান ৩০ বছৰ ধৰি চলি আছিল । ভাৰত, পাকিস্তানে ইয়াক আৰু ডাঙৰ কৰিবলৈ সাজু আছিল । এই দুখন পাৰমাণৱিক দেশ । মই সেইখন বন্ধ কৰি দিলোঁ । ৮ খন বিমান ধ্বংস কৰা হ'ল । সঁচাকৈয়ে মই ইয়াক বন্ধ কৰি দিলোঁ । ই এক বৃহৎ যুদ্ধ আছিল ।"

উল্লেখ্য যে ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত লক্ষ্য কৰি ভাৰতে যোৱা ৭ মে'ত অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰিছিল । ৪ দিন ধৰি সীমা অতিক্ৰম কৰি তীব্ৰ ড্ৰোণ আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ অন্তত সংঘাতৰ অন্ত পেলাবলৈ ১০ মে'ত ভাৰত আৰু পাকিস্তানে এক বুজাবুজিত উপনীত হয় ।

সংঘৰ্ষ সমাধানৰ ক্ষেত্ৰত তৃতীয় পক্ষৰ কোনো ধৰণৰ হস্তক্ষেপ ভাৰতে ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে । কিন্তু ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আছে যে তেওঁ এই ক্ষেত্ৰত মধ্যস্থতাকাৰী আছিল ।

ইফালে ট্ৰাম্পে সাক্ষাৎকাৰত কয় যে ৩০ বছৰ ধৰি যুঁজি থকা কংগো আৰু ৰুৱাণ্ডাৰ মাজত যুদ্ধও তেওঁ বন্ধ কৰি দিছিল । তেওঁ কয়, "মই ইয়াক বন্ধ কৰি দিলোঁ । মই ইমানবোৰ যুদ্ধ বন্ধ কৰিলোঁ । গতিকে ই ইমান ভাল কথা । ই মোক ইমান সন্তোষ দিয়ে । নোবেল বঁটাৰ বাবে নহয়, কিন্তু লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰাৰ বাবে আৰু সেইটোৱেই মোক সঁচাকৈয়ে সন্তোষ দিয়ে ।"

ট্ৰাম্পক যোৱা বছৰ শান্তিৰ নোবেল বঁটা উছৰ্গা কৰা ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক'ৰিনা মাচাডোৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে তেওঁ (মাৰিয়া ক'ৰিনা মাচাডো) নিজৰ দেশক মুক্ত কৰাৰ বাবে তেওঁক (ট্ৰাম্প) এই সন্মান দিব বিচাৰে ।

ইফালে ট্ৰাম্পে লগতে কয় যে তেওঁ শান্তিৰ নোবেল বঁটা লাভ নকৰাটো নৰৱেৰ বাবে এক বৃহৎ লাজৰ বিষয় হৈ পৰিছে । ট্ৰাম্পে কয়, "মই নাজানো ইয়াৰ সৈতে নৰৱেৰ কি সম্পৰ্ক ? কিন্তু তাতেই কমিটীখন আছে, বহুত নৰৱেৰ লোক আছে আৰু ই নৰৱে দেশৰ বাবে এক অতি ডাঙৰ লাজৰ কথা হৈ পৰিছে ।"

লগতে পঢ়ক :শান্তিচুক্তি নাকচৰ পিছতে ইউক্ৰেইনত মিছাইলেৰে আক্ৰমণ ৰাছিয়াৰ