ETV Bharat / international

ইৰাণৰ হৰমুজ প্ৰণালীলৈ সাতখন ৰাষ্ট্ৰই যুদ্ধ জাহাজ প্ৰেৰণৰ আহ্বান ড'নাল্ড ট্ৰাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আহ্বান ৷ ইৰাণৰ হৰমুজ প্ৰণালীলৈ যৌথভাবে সাতখনকৈ ৰাষ্ট্ৰৰ যুদ্ধ জাহাজ প্ৰেৰণ কৰিব লাগে ৷

Warships from seven countries to strait of hormuz
ইৰাণৰ হৰমুজ প্ৰণালীলৈ সাতখন ৰাষ্ট্ৰই যুদ্ধ জাহাজ প্ৰেৰণ কৰিব (AP)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 12:20 PM IST

2 Min Read
Choose ETV Bharat

কাইৰো (ইজিপ্ত): ইৰাণৰ হৰমুজ প্ৰণালীক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশেষ আহ্বান সাতখন ৰাষ্ট্ৰক ৷ ইৰাণৰ হৰমুজ প্ৰণালীলৈ সাতখনকৈ ৰাষ্ট্ৰৰ যুদ্ধ জাহাজ প্ৰেৰণৰ কৰিব লাগে বুলি ট্ৰাম্পে আহ্বান জনাইছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যদিও কোন কোন সাতখন ৰাষ্ট্ৰই যুদ্ধ জাহাজ ইৰাণৰ হৰমুজ প্ৰণালীলৈ প্ৰেৰণ কৰিব লাগে বুলি স্পষ্টকৈ নক’লেও ইৰাণত হোৱা যুদ্ধৰ বাবে বিশ্বজুৰি তেল আৰু গেছৰ নাটনিৰ সমস্যা সমাধানৰ বাবে এই সিদ্ধান্ত লোৱা প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে ৷

কিয়নো বিশ্বৰ এক-পঞ্চমাংশ খাৰুৱা তেল আৰু গেছৰ ব্যৱসায় হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হয় ৷ ট্ৰাম্পে কয়,"মই আহ্বান জনাইছো যে, সেইসমূহ ৰাষ্ট্ৰই নিজৰ সীমা সুৰক্ষাৰ বাবে নিজে ব্যৱস্থা লওঁক, কাৰণ সেইটো তেওঁলোকৰ নিজৰ সীমা ৷ চীনে হৰমুজ প্ৰণালীৰ মাজেৰে বৰ্তমানেও ৯০ শতাংশ তেলৰ সৰবৰাহ কৰি আছে ৷ চীনেও এক প্ৰকাৰ যুদ্ধত জড়িত হৈ পৰিছে ৷ যিটো আমি নিবিচাৰো আৰু যাতে হৰমুজ প্ৰণালীৰে সহজে সকলোৱে খাৰুৱা তেল আৰু গেছৰ ব্যৱসায় কৰিব পাৰে ৷"

ট্ৰাম্পে লগতে কয়,"আন দেশসমূহেও আমাক সহযোগ কৰিব লাগে ৷ ইয়াৰ পূৰ্বে চীন, ফ্ৰান্স, জাপান, দক্ষিণ কোৰিয়া আৰু ব্ৰিটেইনক এই ক্ষেত্ৰত আহ্বান জনোৱা হৈছিল ৷" ইফালে ট্ৰাম্পৰ আহ্বানৰ পাছতে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘচিয়ে চি বি এছক জনাইছিল যে,"টেহৰাণৰ কাষ চাপিছে কেইবাখনো দেশে ৷ তেওঁলোকে জাহাজৰ বাবে নিৰাপদ পথ বিচাৰিছে আৰু এইটো আমাৰ সেনাবাহিনীৰ ওপৰত নিৰ্ভৰ কৰিব ৷"

ইৰাণৰ বিদেশ মন্ত্ৰীয়ে কয়, "আমি হৰমুজ প্ৰণালী সকলোৰে বাবে খুলা ৰাখিব বিচাৰিছো ৷ আমি বিচাৰো আমেৰিকাৰে চৰ্তবিহীনভাবে আলোচনা কৰাটো আৰু যুদ্ধ শেষ হোৱাটো ৷ কিন্তু ইজৰাইল, আমেৰিকাই যুদ্ধ বিচাৰে কাৰণে ২৮ ফ্ৰেব্ৰুৱাৰীত আক্ৰমণ কৰিছিল ৷ আমি ইতিমধ্যে আমেৰিকাৰ সৈতে ইৰাণৰ পাৰমাণৱিক প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰি আছিলো ৷"

তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কয়, "বৰ্তমানলৈকে আমাৰ নিউক্লিয়েৰ প্ৰকল্পৰ কথা ভৱাও নাই আৰু আমাৰ পৰা ইউৰেনিয়াম উদ্ধাৰ কৰিব পৰা নাই ৷ এই ইউৰেনিয়ামৰ দ্বাৰা পাৰমাণৱিক বোমা প্ৰস্তুত কৰা হয় ৷"

লগতে পঢ়ক:

ৰাছিয়া আৰু চীনৰ পৰা সামৰিক সহযোগিতা লাভ ইৰাণৰ, কেৱল শত্ৰুদেশ আৰু তেওঁলোকৰ মিত্ৰসকলৰ বাবে বন্ধ হৰমুজ জলদ্বীপ