পুনৰ যুদ্ধবিৰতি ঘোষণা কৰিলেও হৰমুজ প্ৰণালীত সামৰিক অৱৰোধ প্ৰত্যাহাৰ কৰা নহয় : ট্ৰাম্প
পুনৰ যুদ্ধবিৰতি ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক ৷

Published : April 22, 2026 at 12:23 PM IST
ৱাচিংটন (আমেৰিকা) : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা ৷ পুনৰ যুদ্ধ বিৰতিৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি সামাজিক মাধ্যমত ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
মঙলবাৰে সামাজিক মাধ্যমত যুদ্ধবিৰতিৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, "ইৰাণ চৰকাৰৰ নেতাসকল দুটা ভাগত বিভক্ত হৈছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ, পাকিস্তানৰ সেনাৰ মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰে অনুৰোধ কৰিছে যে, ইৰাণত আক্ৰমণ কৰিব নালাগে বুলি ৷ তেওঁলোকে কৈছে যে, যুদ্ধ বিৰতিৰ বাবে এক নতুন প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছে ৷"
নেতাগৰাকীয়ে পুনৰ কয়,"যদিও যুদ্ধবিৰতিৰ বাবে আলোচনা চলি থাকিব তথাপিও মই আমাৰ সামৰিক বাহিনীক হৰমুজ প্ৰণালী অৱৰোধ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছো ৷ লগতে সকলো দিশতে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছো ৷ তেওঁলোকৰ যি প্ৰস্তাৱ সেয়া দাখিল নোহোৱালৈকে আৰু আলোচনাৰ দ্বাৰা যিকোনো সিদ্ধান্তত উপনীত নোহোৱালৈকে যুদ্ধবিৰতি বৃদ্ধি কৰা হৈছে ৷"
STATEMENT OF PRESIDENT DONALD J. TRUMP:
— Trump Truth Social Posts On X (@TrumpTruthOnX) April 21, 2026
Based on the fact that the Government of Iran is seriously fractured, not unexpectedly so and, upon the request of Field Marshal Asim Munir, and Prime Minister Shehbaz Sharif, of Pakistan, we have been asked to hold our Attack on the… pic.twitter.com/2c89G1vrtE
উল্লেখ্য যে, যুদ্ধ দুটা সপ্তাহৰ যুদ্ধবিৰতি শেষ হোৱাৰ পাছতে ইৰাণৰ ওপৰত অধিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰি আছিল আমেৰিকা ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ কিন্তু মঙলবাৰে পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমত যুদ্ধবিৰতি ঘোষণাই আন্তৰ্জাতিক মহলত কিছু যোগাত্মক প্ৰভাৱ পেলাইছে ৷
ইফালে ট্ৰাম্পৰ ঘোষণাৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ ছাৰিফে X ত কয়, "মোৰ তৰফৰ পৰা আৰু সেনা মুৰব্বী ফিল্ড মাৰ্শ্বাল আছিম মুনিৰৰ তৰফৰ পৰা ট্ৰাম্পক ধন্যবাদ জনাইছো ৷ আমাৰ কূটনৈতিক প্ৰচেষ্টাৰ ফলত তেওঁ আমাৰ প্ৰস্তাৱক গ্ৰহণ কৰিছে আৰু যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে ৷ আমাৰ প্ৰতি থকা বিশ্বাসৰ বাবে ধন্যবাদ ৷ পাকিস্তানে শান্তি চুক্তিৰ জৰিয়তে যুদ্ধৰ সমাপ্ত হোৱাটো বিচাৰে তাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছো ৷"
On my personal behalf and on behalf of Field Marshal Syed Asim Munir, I sincerely thank President Trump for graciously accepting our request to extend the ceasefire to allow ongoing diplomatic efforts to take their course.
— Shehbaz Sharif (@CMShehbaz) April 21, 2026
With the trust and confidence reposed in, Pakistan…
তেওঁ লগতে কয়,"মই আশা কৰো দুয়ো পক্ষই যুদ্ধবিৰতি মানি চলিব আৰু শান্তি চুক্তি সম্পন্ন হ'ব ৷ ইছলামাবাদত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়লানি আলোচনাতে যুদ্ধবিৰতি তথা শান্তি চুক্তিৰ জৰিয়তে যাতে যুদ্ধৰ সমাপ্তিত হয় তাৰে কামনো কৰো ৷"
লগতে পঢ়ক:পাকিস্তানৰ আকাশত ভাৰতীয় বিমানৰ নিষেধাজ্ঞা পুনৰ এমাহলৈ বৃদ্ধি

