ভাৰতীয় জাহাজত আক্ৰমণৰ চেষ্টা চলোৱা ইৰাণক সকীয়ালে ট্ৰাম্পে
ভাৰতীয় জাহাজ ইৰাণে আক্ৰমণ কৰাৰ অভিযোগ ট্ৰাম্পৰ ৷ আমেৰিকাৰ অভিযোগক ‘ভিত্তিহীন’ আখ্যা টেহৰাণৰ ৷

Published : June 13, 2026 at 10:25 AM IST
নতুন দিল্লী: হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতীয় জাহাজত ইৰাণে ড্ৰ’ন আক্ৰমণ কৰাৰ অভিযোগ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঘটনা সম্পূৰ্ণ অগ্ৰহণযোগ্য বুলি অভিহিত কৰিছে ৷
ওমানৰ উপকূলত এই সপ্তাহত ভাৰতীয় ক্ৰুসহ তিনিখন জাহাজত আক্ৰমণ কৰা হৈছিল ৷ ইয়াৰে এখন জাহাজত বুধবাৰে তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু ঘটিছিল ৷
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত পোষ্ট কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, "যোৱা নিশা হৰমুজ জলদ্বীপ অতিক্ৰম কৰা ভাৰতীয় জাহাজসমূহৰ ওপৰত তেওঁলোকৰ (ইৰাণৰ) ড্ৰ’ন আক্ৰমণ সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় । তেওঁলোকে নিজৰ কাৰ্য সোনকালে শুধৰাই লোৱাটো ভাল ।"
শান্তি চুক্তিৰ সন্দৰ্ভত টেহৰাণে দিয়া বক্তব্যক সমালোচনা কৰি ট্ৰাম্পে কয়, "ইৰাণে 'ফেক নিউজ'ক যিবোৰ চৰ্ত দিছিল, তাৰ লগত লিখিতভাৱে চুক্তিবদ্ধ হোৱা কথাবোৰৰ কোনো সম্পৰ্ক নাই । তেওঁলোকে কোৱা সকলো কথাই, চুক্তিখনৰ বিষয়ে তেওঁলোকৰ দুৰ্বল আৰু কৰুণ বক্তব্যকে ধৰি, সত্যৰ লগত কোনো সম্পৰ্ক নাই । তেওঁলোকৰ সৈতে মোকাবিলা কৰাটো অতি কঠিন । তেওঁলোকৰ সৈতে কোনো সৎ চুক্তি বা আলোচনা হ'ব নোৱাৰে । আচৰিত !"
The U.S. president's accusation against Iran regarding an Indian vessel in the Strait of Hormuz is simply baseless. It is an attempt to divert public attention from the brutal fact that the U.S. has attacked 3 Indian vessels in less than a week and killed 3 innocent Indian… https://t.co/2UiXWAMulM
— Iran in India (@Iran_in_India) June 12, 2026
ইফালে, ভাৰতত থকা ইৰাণৰ দূতাবাসে শনিবাৰে হৰমুজ জলদ্বীপত ভাৰতীয় জাহাজত আক্ৰমণৰ সন্দৰ্ভত ট্ৰাম্পৰ অভিযোগ খাৰিজ কৰি ইয়াক ‘ভিত্তিহীন’ বুলি অভিহিত কৰে । ভাৰতীয় নাৱিক কঢ়িয়াই অনা বাণিজ্যিক জাহাজত শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ পৰাও ৱাশ্বিংটনে মনোযোগ বিচলিত কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে দূতাবাসে ।
ইৰাণৰ দূতাবাসে কয় যে এসপ্তাহ নৌহওঁতেই আমেৰিকাই তিনিখন ভাৰতীয় জাহাজত আক্ৰমণ চলাই তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হয়; দূতাবাসে এই কাৰ্যক ‘নিষ্ঠুৰ’ আৰু ‘লজ্জাজনক’ বুলি অভিহিত কৰে ।
ভাৰতত থকা ইছলামিক ৰিপাব্লিক অৱ ইৰাণৰ দূতাবাসে অফিচিয়েল এক্স একাউণ্টত এটা পোষ্ট কৰি কয়, "হৰমুজ জলদ্বীপত ভাৰতীয় জাহাজখন সন্দৰ্ভত ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যি অভিযোগ উত্থাপন কৰিছে সেয়া সম্পূৰ্ণ ভিত্তিহীন ৷ এসপ্তাহ নৌহওঁতেই আমেৰিকাই তিনিখন ভাৰতীয় জাহাজত আক্ৰমণ কৰি তিনিজন নিৰীহ ভাৰতীয় নাৱিকক হত্যা কৰা এই নিৰ্মম সত্যৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস ৷ এয়া অতি লজ্জাজনক !"
ইফালে ভাৰতে এই বিষয়টো আমেৰিকাৰ আগত উত্থাপন কৰি বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণক ‘অতি চিন্তনীয়’ বুলি অভিহিত কৰে ৷ শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমেৰিকাৰ চাৰ্জ ডি এফেয়াৰ্ছ জেছন মিক্সক মাতি আনি কয় যে ওমানৰ উপকূলত ভাৰতীয় ক্ৰুৰ বাণিজ্যিক জাহাজত আমেৰিকাৰ সেনাই কৰা ‘ভয়াবহ আৰু মাৰাত্মক’ আক্ৰমণ ‘গ্ৰহণযোগ্য নহয়’ ৷

