ETV Bharat / international

মাতৃয়ে এৰি যোৱা সভাপতিৰ আসনত বহিল খালেদাপুত্ৰ তাৰিক: বাকী আছে এতিয়া প্ৰধানমন্ত্ৰীৰ চকীখন

বিগত ডিচেম্বৰ মাহত তাৰিক ৰহমানে ১৭ বছৰীয়া নিৰ্বাসন শেষ কৰি লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহিছিল ।

Tarique Rahman assumes office as BNP Chairman
খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান (ANI)
author img

By ANI

Published : January 10, 2026 at 7:31 AM IST

2 Min Read
Choose ETV Bharat

ঢাকা: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বি এন পি)ৰ অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ পিছত শুকুৰবাৰে দলটোৰ অধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে ।

এক্সৰ ওপৰত এটা পোষ্টত দলটোৱে কয় যে, "মিষ্টাৰ তাৰিক ৰহমানে বি এন পিৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে । বি এন পিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় নেতা বেগম খালেদা জিয়াৰ বিয়োগৰ পিছত দলৰ অধ্যক্ষৰ পদটো খালী হৈ পৰিছিল ।"

বিগত ৩০ ডিচেম্বৰত দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তাৰিক ৰহমানৰ মাতৃ বেগম খালেদা জিয়াৰ ৮০ বছৰ বয়সত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছিল ।

উল্লেখ্য যে ২০২৪ চনৰ জুলাই মাহৰ বিদ্ৰোহৰ পিছত দেশখনৰ ৰাজনৈতিক পৰিৱেশত এক বৃহৎ পৰিৱৰ্তন আহে ৷ সেই বিদ্ৰোহৰ ফলত ২০০৯ চনৰ পৰা ক্ষমতাত থকা শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগ চৰকাৰৰ পতন ঘটিছিল ।

শেহতীয়াকৈ তাৰিক ৰহমানে বি এন পিৰ অধ্যক্ষ পদ গ্ৰহণ কৰাৰ পিছত ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত তেওঁকেই দলটোৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । বি এন পিয়ে কয় যে দলটোৰ সংবিধান অনুসৰি ৰাষ্ট্ৰীয় স্থায়ী সমিতিৰ এখন বৈঠক অনুষ্ঠিত কৰা হয় আৰু তাতেই তেওঁক অধ্যক্ষৰূপে নিৰ্বাচিত কৰা হয় ।

স্মৰ্তব্য যে বিগত ডিচেম্বৰ মাহত তাৰিক ৰহমানে ১৭ বছৰীয়া নিৰ্বাসন শেষ কৰি নিজৰ দেশলৈ উভতি আহিছিল । ২০০৭-০৮ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰহমানে দেশ এৰি থৈ যায় আৰু মুক্তিৰ পিছৰে পৰাই লণ্ডনত বসতি স্থাপন কৰে ।

যোৱা বছৰ শ্বেখ হাছিনাৰ চৰকাৰ অপসাৰিত হোৱাৰ পিছত আৱামী লীগৰ সময়ছোৱাত দাখিল কৰা কেইবাটাও গোচৰত তাৰিক ৰহমানক দোষমুক্ত কৰা হৈছিল, যাৰ ফলত তেওঁ দেশলৈ উভতি অহাৰ পথ মুকলি হৈ পৰে ।

বৰ্তমান দেশখনৰ মুখ্য উপদেষ্টা তথা নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত থকা দেশখনৰ ৰাজনীতিত তাৰিকৰ প্ৰত্যাৱৰ্তন এক বৃহৎ পৰিৱৰ্তন হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক: বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত আক্ৰমণ; চোৰৰ সন্দেহত খেদি যোৱা যুৱকৰ পানীত ডুবি মৃত্যু