প্ৰধানমন্ত্ৰী মোদীৰ ছুইডেন ভ্ৰমণক মাইলৰ খুঁটি আখ্যা ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ, দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ আশা
ক্ৰীষ্টাৰছনে কয় যে ইউৰোপীয় সংঘ, ছুইডেন আৰু ভাৰতে শক্তিশালী অংশীদাৰিত্বৰ অপৰিসীম সম্ভাৱনাক স্বীকাৰ কৰিছে ।

By ANI
Published : May 18, 2026 at 8:05 AM IST
গোটেনবাৰ্গ: ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে দেওবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছুইডেন ভ্ৰমণে ভাৰত-ছুইডেনৰ সম্পৰ্কৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে, একে সময়তে ভাৰত আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক আৰু কৌশলগত সহযোগিতা যথেষ্ট গভীৰ কৰাৰ উচ্চাকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
ভলভো গ্ৰুপে আয়োজন কৰা ইউৰোপীয় চিইঅ’ ঘূৰণীয়া মেজমেলত ভাষণ দি ক্ৰীষ্টাৰছনে কয় যে যি সময়ত বিশ্ব ক্ৰমান্বয়ে জটিল আৰু অভাৱনীয় পৰিস্থিতিৰ মাজলৈ গতি কৰিছে, সেই সময়ত ইউৰোপীয় সংঘ, ছুইডেন আৰু ভাৰতে শক্তিশালী অংশীদাৰিত্বৰ অপৰিসীম সম্ভাৱনাক স্বীকাৰ কৰিছে । ক্ৰমবৰ্ধমান অৰ্থনৈতিক সহযোগিতাৰ ওপৰত আলোকপাত কৰি ক্ৰীষ্টাৰছনে কয় যে অহা পাঁচ বছৰৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ দুগুণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে দুয়োখন দেশে ।
Happy to join @SwedishPM & @narendramodi in Gothenburg.
— Ursula von der Leyen (@vonderleyen) May 17, 2026
Our 🇪🇺🇮🇳 agreement - the mother of all deals! - heralds a new era in our relations.
We're working hard to have it applied this year.
To fast-forward its benefits for our people & businesses ↓ https://t.co/CeT3TV1Ec7
"যিসময়ত সমগ্ৰ বিশ্ব স্পষ্টভাৱে আজিৰ দৰে জটিল আৰু অভাৱনীয় পৰিস্থিতিৰ মাজলৈ গতি কৰিছে, সেই সময়ত ইউৰোপীয় সংঘ, ছুইডেন আৰু ভাৰত সকলোৱে আমাৰ অংশীদাৰিত্ব গভীৰ কৰাৰ ক্ষেত্ৰত নিহিত হৈ থকা অপৰিসীম সম্ভাৱনাক স্বীকাৰ কৰে । প্ৰধানমন্ত্ৰী মোদী, আপোনাৰ ভ্ৰমণে ভাৰত-ছুইডেনৰ সম্পৰ্কৰ ইতিহাসত আন এক মাইলৰ খুঁটি চিহ্নিত কৰিছে ৷ অহা পাঁচ বছৰৰ ভিতৰত আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ দুগুণ কৰাৰ এক যৌথ উচ্চাকাংক্ষা আছে । বৰ্তমানৰ পৰিস্থিতিত ই খুব সোনকালেই বাস্তৱত পৰিণত হ'ব পাৰে ।” ছুইডেনৰ প্ৰধানমন্ত্ৰীয়ে কয় ।
ক্ৰমবৰ্ধমান অৰ্থনৈতিক সহযোগিতাৰ ওপৰত আলোকপাত কৰি ছুইডেনৰ প্ৰধানমন্ত্ৰীয়ে কয় যে অহা পাঁচ বছৰৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ দুগুণ কৰাৰ উচ্চাকাংক্ষা ৰাখিছে দুয়োখন দেশে । ক্ৰীষ্টাৰছনে শেহতীয়াকৈ সম্পাদিত ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিকো প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদী আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েনক এই চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে কৃতিত্ব প্ৰদান কৰে ।
‘‘ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ নিৰ্ণায়ক সিদ্ধান্তৰ মূল কাৰণ হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ভন ডেৰ লেয়েনৰ দূৰদৰ্শিতা, দৃঢ়তা আৰু ব্যক্তিগত নেতৃত্ব । এই মুক্ত বাণিজ্য চুক্তিক মই পথৰ শেষ বুলি নহয়, নতুন যাত্ৰাৰ আৰম্ভণি বুলি গণ্য কৰোঁ । প্ৰধানমন্ত্ৰী মোদী, মই জানো ২০৪৭ বৰ্ষটোৱে ভাৰতত এক বিশেষ অৰ্থ বহন কৰে, এই উপলক্ষে আপুনি এটা স্পষ্ট দৃষ্টিভংগী ৰচনা কৰিছে । ২০৪৭ চনলৈকে আৰু তাৰ পাছতো এই যাত্ৰাত বিকশিত ভাৰত, ছুইডেন আৰু সমগ্ৰ ইউৰোপীয় সংঘই ভাৰতৰ অংশীদাৰ হ’ব ৷’’ তেওঁ কয় ।
Vi har en gemensam ambition att fördubbla vår bilaterala handel och våra investeringar inom fem år. Med nuvarande hastighet tror jag att det kan bli verklighet ännu tidigare.
— Ulf Kristersson (@SwedishPM) May 17, 2026
Sverige är ett litet land men en stor handelsnation. Tack vare premiärminister Modi och EU-kommissionens… pic.twitter.com/7YzZcarWrk
ইফালে, ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েনেও মুখ্য কাৰ্যবাহী বিষয়াৰ ঘূৰণীয়া মেজমেলত ভাষণ দি কয় যে চলিত বৰ্ষৰ আৰম্ভণিতে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলন দ্বিপাক্ষিক সম্পৰ্কৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হৈছে । তেওঁ লগতে কয় যে বছৰৰ শেষৰ ফালে অভিলেখ গতিৰে চুক্তিখন স্বাক্ষৰ আৰু কাৰ্যকৰী কৰাৰ বাবে দুয়োপক্ষই প্ৰতিশ্ৰুতিবদ্ধ ।
ভন ডেৰ লেয়েনে কয়, "আপুনি (নৰেন্দ্ৰ মোদীয়ে) আমাৰ যুগান্তকাৰী ইউৰোপীয় সংঘ-ভাৰত শীৰ্ষ সন্মিলনৰ বাবে নতুন দিল্লীত মোক আতিথ্য দিয়াৰ মাত্ৰ কেইমাহমান হ'ল । আমি সঁচাকৈয়ে আমাৰ ঐতিহাসিক বাণিজ্যিক চুক্তি সমাপ্ত কৰাত সফল হ'লোঁ - আমি ইয়াক সকলো চুক্তিৰ মাতৃ বুলি কওঁ ৷ আমি বছৰৰ শেষৰ ফালে চুক্তিখনত স্বাক্ষৰ কৰি অভিলেখ গতিৰে সম্পূৰ্ণ কাৰ্যক্ষম কৰি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।"
ভন ডেৰ লেয়েনে আৰু আগন্তুক পাঁচ বছৰত ভাৰতৰ সৈতে অৰ্থনৈতিক আদান-প্ৰদান দুগুণ কৰাৰ বাবে ছুইডেনৰ দায়বদ্ধতাক আদৰণি জনায় আৰু ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইউৰোপৰ অন্যান্য ৰাষ্ট্ৰসমূহে ছুইডেনৰ আদৰ্শ অনুসৰণ কৰিব বুলি আশা প্ৰকাশ কৰে ।
Gothenburg, Sweden | In a packed evening session that brought together some of Europe's most powerful boardrooms, Prime Minister Narendra Modi took the stage at the European Round Table for Industry (ERT) to issue a call to action — invest in India, and invest now.
— ANI (@ANI) May 18, 2026
The PM laid… pic.twitter.com/zP4isnM1X3
"বাণিজ্য চুক্তিয়ে দুৱাৰ মুকলি কৰিলে; বিনিয়োগ চুক্তিয়ে আমাক এই দুৱাৰেদি আগুৱাই লৈ যাব । এই ভেটিৰ পৰাই ছুইডেনৰ দৰে সদস্য ৰাষ্ট্ৰই ভাৰতৰ সৈতে অধিক শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তুলিব পাৰে । নতুন কৌশলগত অংশীদাৰিত্বই ইয়াৰ প্ৰমাণ । ঠিক এইটোৱেই হ'ব লাগে: অহা ৫ বছৰত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক বিনিময় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি । সেইটোৱেই হৈছে ইউৰোপৰ প্ৰয়োজনীয় উচ্চাকাংক্ষা । মই আশা কৰিছোঁ যে আন সদস্য ৰাষ্ট্ৰসমূহে ছুইডেনৰ আদৰ্শ অনুসৰণ কৰিব ।" ডেৰ লেয়েনে কয় ।

