ছুপাৰ মাৰ্কেটত সংঘটিত বিস্ফোৰণত শিশুসহ ২৩ জনৰ মৃত্যু
মেক্সিকোত সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত কেইবাজনো লোকৰ মৃত্যু হৈছে ৷ অৱশ্যে কোনো সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

Published : November 2, 2025 at 9:29 PM IST
মেক্সিকো চহৰ: শনিবাৰে এক বৃহৎ বিস্ফোৰণে জোকাৰি যায় মেক্সিকোৰ ছ’নোৰা প্ৰদেশৰ হাৰ্মোচিলোৰ ৱাল্ডোছ ছুপাৰ মাৰ্কেট । এই বিস্ফোৰণত ২৩ জন লোক নিহত হোৱাৰ লগতে ১১ জন আহত হয় । নিহতসকলৰ ভিতৰত কেইবাটাও শিশু আছিল ।
বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে কোনোধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা নুই কৰিছে প্ৰশাসনীয় বিষয়াসকলে । আৰক্ষীয়ে সমগ্ৰ দিশৰ পৰা এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । ঘটনাত শোকপ্ৰকাশ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে ।
Mis sentidas condolencias a las familias y seres queridos de las personas fallecidas en el incendio ocurrido en una tienda en el centro de Hermosillo.
— Claudia Sheinbaum Pardo (@Claudiashein) November 2, 2025
He estado en contacto con el gobernador de Sonora, Alfonso Durazo, para apoyar en lo que se necesite. Instruí a la secretaria de…
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এখন ডিপাৰ্টমেণ্টেল ষ্টোৰত সংঘটিত এই বিস্ফোৰণত চাৰিটা শিশুসহ কমেও ২৩ জন লোক নিহত হয় । বাতৰি অনুসৰি শনিবাৰে বিয়লি চহৰখনৰ মাজমজিয়াৰ এই ডিপাৰ্টমেণ্টেল ষ্টোৰখনতে বিস্ফোৰণটো সংঘটিত হয় ।
বিস্ফোৰণৰ ফলত সূত্ৰপাত ঘটা জুয়ে মুহূৰ্ততে অট্টালিকাটোৰ লগতে সমীপৰ বাহনসমূহলৈ বিয়পি পৰাটো প্ৰত্যক্ষদৰ্শীয়ে জনোৱা বুলি সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰিছে ।
ইয়াৰ ফলত ষ্টোৰৰ ভিতৰত কেইবাজনো লোক আবদ্ধ হৈ পৰে । তাৰপিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই ১২ জন আহত লোকক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে । প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে এটা বিকল ট্ৰেন্সফ’ৰ্মাৰৰ ধোঁৱাৰ ফলত জুইৰ সূত্ৰপাত ঘটে ৷
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আহতসকল জুইৰ সংস্পৰ্শলৈ আহিছিল । এই ঘটনাক সন্ত্ৰাসবাদীৰ আক্ৰমণ বুলি দাবী কৰিব খোজা নাই স্থানীয় প্ৰশাসনে ৷
স্থানীয় বিষয়াসকলে জনোৱা মতে, ছেপ্টেম্বৰৰ আৰম্ভণিতে মেক্সিকো চহৰত এখন গেছ টেংকাৰৰ বিস্ফোৰণৰ ফলত তিনিজন লোকৰ মৃত্যু ঘটাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হৈছিল ৷ ইয়াৰে ১৯ জনৰ অৱস্থা আছিল সংকটজনক ৷
মেক্সিকোৰ ৰাজধানীখনৰ চৰকাৰী মুৰব্বী ক্লাৰা ব্ৰুগাডা মলিনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয়, ‘‘জাৰাগোজা ৰোডৰ কনকৰ্ডিয়া দলঙৰ তলত সংঘটিত হৈছে এই বিস্ফোৰণ । স্থানীয় সময় অনুসৰি নিশা প্ৰায় ২.২০ বজাত ৪৯,৫০০ লিটাৰ ক্ষমতাসম্পন্ন এখন ট্ৰাক ৰাজপথত বাগৰি পৰে । আহতসকলক বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হয় । আঠাইশ খনকৈ বাহনো ক্ষতিগ্ৰস্ত হৈছে আৰু আহতসকলৰ ভিতৰত ১৯ জনৰ অৱস্থা সংকটজনক ।’’
ছ’নোৰা ৰাজ্যৰ ৰাজ্যপাল আলফনছ’ ডুৰাজোৱে এক ভিডিঅ’ বাৰ্তাযোগে মৃত্যুৰ সংখ্যা ঘোষণা কৰি এনেদৰে কয়, ‘‘দুখৰ বিষয় যে বহু ভুক্তভোগী নাবালক আছিল । জীৱিতসকলক হাৰ্মোচিলো চহৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।’’ তেওঁ লগতে কয়, ‘‘মই এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ আৰু দায়ীসকলক চিনাক্ত কৰিবলৈ বিস্তৃত আৰু স্বচ্ছ তদন্তৰ নিৰ্দেশ দিছো ।’’
লগতে পঢ়ক: ৮০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে হোৱাইট হাউছলৈ আহি আছে ছিৰিয়াৰ ৰাষ্ট্ৰপতি

