ETV Bharat / international

নেপালত জলপ্ৰলয়: তিব্বতৰ পৰা বিধ্বংসী ৰূপ লৈ নামি আহিল পানীৰ ধল, এফালৰ পৰা ঢাঁহি-মুহি নিলে সকলো

ভোটেকোশী নৈৰ সংহাৰী ৰূপ । ৮ গৰাকী লোকৰ মৃত্যু । ভাৰতকে ধৰি বিভিন্ন দেশৰ প্ৰায় ৩০০ পৰ্যটক নিৰুদ্দেশ ।

Representational Image
নেপালত আকস্মিক বান (IANS)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 2:59 PM IST

|

Updated : August 26, 2026 at 6:13 PM IST

4 Min Read
Choose ETV Bharat

কাঠমাণ্ডু (নেপাল) : উত্তৰ নেপালত ভয়ংকৰ বান পৰিস্থিতি । হঠাৎ অহা মহাপ্ৰলয়ে সীমান্ত অঞ্চল তচনচ কৰি থৈ গ'ল । বুধবাৰে পুৱাই অহা বানে সীমান্তৰ বিভিন্ন অঞ্চল ক্ষতিসাধন কৰাৰ লগতে নামনিৰ একাধিক জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে । বানৰ ফলত ৮ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ।

বিষয়াসকলে জনোৱা মতে প্ৰায় ৩৮৪ গৰাকী লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে । ভাৰত, আমেৰিকা, ব্ৰিটেইন আৰু মালয়েছিয়াকে ধৰি বিভিন্ন দেশৰ প্ৰায় ২৯১ গৰাকী পৰ্যটক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ।

তিব্বতৰ পৰা অহা ভোটেকোশী নৈৰ বাঢ়নি পানীয়ে ৰাছুৱা জিলাৰ টাইমুৰে আৰু ছাইপ্ৰুবেছি অঞ্চলত ধ্বংসলীলা চলায় । নেপাল সেনাই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই বানে যান-বাহনৰ লগতে বহু সা-সম্পত্তিৰ ক্ষতিসাধন কৰিছে । বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা ৰাছুৱা জিলা তিব্বত সীমান্তৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ দূৰত্বত কাঠমাণ্ডুৰ উত্তৰ-পূবত অৱস্থিত ।

নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে এক বিবৃতিত কৈছে যে ৰাছুৱা, নুৱাকোট, ধাডিং, চিটাৱান আৰু গোৰ্খাৰ নৈপৰীয়া লোকসকলক অধিক সতৰ্কতা অৱলম্বন কৰি পৰৱৰ্তী জাননী নিদিয়ালৈকে সুৰক্ষিত স্থানত আশ্ৰয় লোৱাৰ আহ্বান জনোৱা হৈছে ।

ৰাছুৱাৰ সহকাৰী মুখ্য জিলা বিষয়া ধ্ৰুৱ প্ৰসাদ অধিকাৰীয়ে কয় যে বান পৰিস্থিতি অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাৰ ফলত দুটাকৈ বসতি অঞ্চল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে । ৰাছুৱাৰ এগৰাকী শুল্ক বিষয়া ৰাজেন্দ্ৰ ধুংগনাই কয় যে শুল্ক বিভাগৰ কাৰ্যালয়ৰ চৌহদত থকা অসংখ্য বাহন আৰু সামগ্ৰী বানে উটুৱাই লৈ গৈছে । সদ্য নিৰ্মিত এখন দলঙো ধ্বংস হৈছে ।

ৰাছুৱাৰ মুখ্য জিলা বিষয়া নৰেন্দ্ৰ পাৰিয়াৰে ফোনযোগে সংবাদ মাধ্যমক জনাইছে, "ৰাছুৱাত হঠাৎ হোৱা বানে ছাইপ্ৰুবেছিকে ধৰি ব্যৱসায়িক অঞ্চলৰ ক্ষতিসাধন কৰিছে । বানৰ ক্ষয়-ক্ষতিৰ সঠিক তথ্য এতিয়াও পোৱা নাই ।" তেওঁ লগতে কয়, "ইয়াত বৰষুণ হোৱা নাই । ইয়াত প্ৰখৰ ৰ'দ দি আছে । ওপৰত হিমবাহ বিস্ফোৰণ নে কি হৈছে সেয়া স্পষ্ট নহয় । বান হঠাতে আহিছিল । দেখা গৈছে যে বানে বসতিস্থলত প্ৰভাৱ পেলাইছে ।"

ইফালে নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে বিধ্বংসী বানৰ পৰিপ্ৰেক্ষিতত ৰাছুৱা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত নেপালী সেনা, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নেপাল আৰক্ষীৰ জোৱানক মোতায়েন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তোলা হৈছে ।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়া মতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা আৰু পিছৰ পৰ্যায়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰা হৈছে ।

ইতিমধ্যে নেপালী সেনাই ত্ৰিশুলী নদীৰ সমীপৰ অঞ্চললৈ দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰি অনুসন্ধান আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰিছে । ত্ৰিশুলীৰ জিলা চিকিৎসালয়ৰ ফালে জৰুৰীকালীন চিকিৎসাৰ বাবে উদ্ধাৰকাৰী দলেৰে সজ্জিত সেনাৰ এখন হেলিকপ্টাৰ (এম আই ১৭) সাজু কৰি ৰখা হৈছে বুলিও সেনাই এক বিবৃতিত প্ৰকাশ কৰিছে ।

কিন্তু বিধ্বংসী বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সবিশেষ এতিয়াও পোৱা হোৱা নাই । নেপালৰ সেনাই জনোৱা মতে ক্ষয়-ক্ষতি সন্দৰ্ভত তথ্য সংগ্ৰহৰ কাম চলি আছে । লক্ষণীয়ভাৱে এবছৰ পূৰ্বে ভোটে কোশীৰ বানে ৰাছুৱাত প্ৰায় ১০ গৰাকী লোকৰ প্ৰাণ লৈছিল । বৰফে আৱৰি থকা এটা হ্ৰদৰ পৰা হঠাৎ পানী নিষ্কাশন হোৱাৰ পৰিণতি স্বৰূপে এই বান পৰিস্থিতিৰ সৃষ্টি হৈছে । অৱশ্যে বুধবাৰে ৰাছুৱাত হোৱা বানক লৈ এতিয়াও ৰহস্য অব্যাহত আছে । কিয়নো জলবিজ্ঞান আৰু বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে নিশ্চিত কৰিছে যে বুধবাৰে ৰাছুৱাত অহা প্ৰলয়ৰ কাৰণ বৰষুণ নাছিল ।

লগতে পঢ়ক :

চিকিৎসালয়ৰ মহিলা ৱাৰ্ডত অগ্নিকাণ্ড : ১৫টি শিশুৰ মৃত্যু !

Last Updated : August 26, 2026 at 6:13 PM IST