ETV Bharat / international

অৱশেষত সম্পূৰ্ণৰূপে মুকলি হৰমুজ প্ৰণালী, ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ ঘোষণা: ট্ৰাম্পৰ ধন্যবাদ

আৰাঘচিয়ে কয় যে হৰমুজ প্ৰণালীৰ মাজেৰে সকলো বাণিজ্যিক জাহাজৰ বাবে পথ সম্পূৰ্ণৰূপে মুকলি ঘোষণা কৰা হৈছে ।

Strait Of Hormuz
ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি (AP file photo)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 8:41 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অৱশেষত মধ্যপ্ৰাচ্যত উদিত হৈছে আশাৰ ৰবি । লগে লগে পশ্চিম এছিয়াত স্থায়ী শান্তি স্থাপনৰ আশাৰ ৰেঙনি পৰিছে ।

কিয়নো ইৰাণে সম্পূৰ্ণৰূপে মুকলি কৰিছে হৰমুজ প্ৰণালী । যাৰবাবে অঞ্চলটোত স্থায়ী শান্তি স্থাপনৰ পথ প্ৰশস্ত হোৱাৰ আশা কৰা হৈছে ।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে শুকুৰবাৰে নিজৰ এটা X পোষ্টত কয়, “লেবাননত যুদ্ধবিৰতিৰ সৈতে সংগতি ৰাখি ইৰাণ ইছলামিক ৰিপাব্লিকানৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাই ইতিমধ্যে ঘোষণা কৰা সমন্বিত পথত, যুদ্ধবিৰতিৰ বাকী সময়ছোৱাৰ বাবে হৰমুজ প্ৰণালীৰ মাজেৰে সকলো বাণিজ্যিক জাহাজৰ পথ সম্পূৰ্ণৰূপে মুকলি ঘোষণা কৰা হৈছে ।”

উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লেবানন আৰু ইজৰাইলৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰাৰ এদিন পিছতে আৰাঘচিৰ এই গুৰুত্বপূৰ্ণ ঘোষণাটো আহে ।

ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত এটা পোষ্ট শ্বেয়াৰ কৰি ইৰাণৰ ঘোষণাক আদৰণি জনায় যে যুদ্ধবিৰতিৰ সময়ছোৱাত হৰমুজ প্ৰণালী জাহাজ চলাচলৰ বাবে মুকলি থাকিব ।

"ইৰাণে এইমাত্ৰ ঘোষণা কৰিছে যে ইৰাণ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰিছে আৰু ইয়াৰ মাজেৰে সম্পূৰ্ণভাৱে যাতায়াতৰ বাবে সাজু । ধন্যবাদ !" ট্ৰাম্পে এই মন্তব্য কৰে ।

উল্লেখ্য যে পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা আৰম্ভ হৈছে । আমেৰিকাই যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতে পাকিস্তানী মধ্যস্থতাকাৰীৰ উপস্থিতিত ইছলামাবাদত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ বৈঠক । কিন্তু এই বৈঠকত কোনো সমাধানসূত্ৰ ওলোৱা নাছিল । ইৰাণে বাৰে বাৰে উল্লেখ কৰি আহিছে যে লেবাননত ইজৰাইলৰ আক্ৰমণ চলি থকা পৰ্যন্ত এই আলোচনা সম্ভৱ নহয় ।

ইয়াৰ মাজতে বৃহস্পতিবাৰে আমেৰিকাই লেবাননত যুদ্ধবিৰতি ঘোষণা কৰে । তাৰ এদিন পিছতে ইৰাণে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । এতিয়া ইৰাণৰ এই ঘোষণাৰ পিছত আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনাৰ পথ প্ৰশস্ত হোৱা বুলি একাংশই অনুভৱ । অৱশ্যে পৰৱৰ্তী সময়ত ই কোন পৰ্যায়লৈ আগবাঢ়ে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :মোদীলৈ ট্ৰাম্পৰ ফোন...পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা
লগতে পঢ়ক :১০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মত ইজৰাইল আৰু লেবানন : ড’নাল্ড ট্ৰাম্প