সামৰিক আইন জাপি দিয়াৰ অভিযোগ; দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি য়ুনক ৫ বছৰৰ কাৰাদণ্ড
শুকুৰবাৰে ৰায় প্ৰদান কৰা গোচৰটোত ছিউলৰ কেন্দ্ৰীয় জিলা আদালতে তেওঁক কৰ্তৃপক্ষই আটক কৰাৰ প্ৰচেষ্টাক অৱজ্ঞা কৰাকে ধৰি অন্যান্য অভিযোগৰ বাবে শাস্তি প্ৰদান কৰে ।

Published : January 16, 2026 at 1:01 PM IST
ছিউল : দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি য়ুন চুক য়লক পাঁচ বছৰৰ কাৰাদণ্ড । সামৰিক আইন জাপি দিয়াৰ সৈতে জড়িত কিছুমান অভিযোগত দক্ষিণ কোৰিয়াৰ এখন আদালতে শুকুৰবাৰে তেওঁক পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । ২০২৪ চনৰ শেষৰ ফালে য়ুনে জাৰি কৰা সামৰিক আইন জাপি দিয়া আৰু অন্যান্য অভিযোগক লৈ হোৱা আঠটা অপৰাধমূলক বিচাৰৰ বিৰুদ্ধে এইটো প্রথম ৰায়দান ৷
তেওঁৰ বিৰুদ্ধে উত্থাপিত আটাইতকৈ উল্লেখযোগ্য অভিযোগত অভিযোগ কৰা হৈছে যে তেওঁ নিজৰ সামৰিক আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে জড়িত বিদ্ৰোহৰ নেতৃত্ব দিছিল আৰু ইয়াৰ বাবে সম্ভাৱ্য মৃত্যুদণ্ডৰ শাস্তিৰ বিধান আছে । শুকুৰবাৰে ছিউলৰ কেন্দ্ৰীয় জিলা আদালতে তেওঁক অন্যান্য অভিযোগৰ বাবে শাস্তি দিয়াৰ সিদ্ধান্ত লয় । ইয়াৰ ভিতৰত আছে কৰ্তৃপক্ষই তেওঁক আটক কৰাৰ প্ৰচেষ্টাক অৱজ্ঞা কৰা ।
য়ুনে অৱশ্যে এই ৰায়দানৰ প্ৰতি ৰাজহুৱাভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । কিন্তু ইয়াৰ পূৰ্বে যেতিয়া এগৰাকী স্বতন্ত্ৰ অধিবক্তাই উক্ত অভিযোগসমূহৰ বাবে য়ুনক ১০ বছৰৰ কাৰাদণ্ডৰ দাবী জনাইছিল, তেতিয়া য়ুনৰ প্ৰতিৰক্ষা দলে তেওঁৰ ওপৰত ৰাজনৈতিকভাৱে প্ৰৰোচিত আৰু ইমান বেছি পৰিমাণৰ শাস্তি দাবী কৰাৰ আইনী ভিত্তিৰ অভাৱ বুলি অভিযোগ কৰে ।
২০২৪ চনৰ ডিচেম্বৰ মাহত হ্ৰস্বকালীনভাৱে সামৰিক আইন জাপি দিয়াৰ পিছত যুনৰ বিৰুদ্ধে অভিযোগনামা দাখিল, গ্ৰেপ্তাৰ আৰু ৰাষ্ট্ৰপতি পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।
আনহাতে, য়ুনে কয় যে তেওঁৰ উদ্দেশ্য দেশখনক দীৰ্ঘ সময়ৰ বাবে সামৰিক শাসনৰ অধীনত ৰখাটো নাছিল । তেওঁ কয় যে তেওঁৰ এই পদক্ষেপ কেৱল উদাৰবাদ-নিয়ন্ত্ৰিত সংসদৰ বিপদৰ বিষয়ে জনসাধাৰণক অৱগত কৰাহে আছিল, যিয়ে তেওঁৰ এজেণ্ডাত বাধাৰ সৃষ্টি কৰিছিল । কিন্তু তদন্তকাৰীয়ে য়ুনৰ এই পদক্ষেপক তেওঁৰ শাসনক শক্তিশালী আৰু দীঘলীয়া কৰাৰ প্রয়াস হিচাপে গ্ৰহণ কৰে আৰু তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ, ক্ষমতাৰ অপব্যৱহাৰ আৰু অন্যান্য অপৰাধমূলক অপৰাধৰ অভিযোগ উত্থাপন কৰে ৷

