ইটিভি ভাৰতৰ সৈতে শ্বেখ হাছিনাৰ আছুতীয়া বাৰ্তালাপ : বাংলাদেশৰ নিৰ্বাচনত অস্তিত্বৰ সংকটত ভূগিব নতুন চৰকাৰে
বাংলাদেশী লোকসকলে পছন্দৰ ৰাজনৈতিক দলটোক সমৰ্থন কৰিব নোৱাৰিলে ভোটদানৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই দাবী বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ৷

Published : February 9, 2026 at 12:53 AM IST
হায়দৰাবাদ: ২০২৪ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগৰ চৰকাৰখনক উৎখাত কৰাৰ পিছত বাংলাদেশে প্ৰথমবাৰৰ বাবে ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত ভোটদান কৰিব ।
বাংলাদেশ নেচনেলিষ্ট পাৰ্টী(বি এন পি) আৰু জামাত-ই-ইছলামী(জি আই বি) য়ে নিৰ্বাচনত যুঁজ দিয়া মূল দুটা দল হিচাপে আত্মপ্ৰকাশ কৰিছে । হাছিনাৰ বাংলাদেশ আৱামী লীগক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰা হৈছে ।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ প্ৰতিবেদন অনুসৰি ছাত্ৰ সমাজৰ প্ৰতিবাদত ১৪০০ জন লোকৰ মৃত্যু ঘটাৰ বাবে হাছিনাৰ চৰকাৰক দোষাৰোপ কৰা হৈছিল ৷ ২০২৪ চনৰ আগষ্ট মাহত কেইবাসপ্তাহ ধৰি চলি থকা হিংসাত্মক প্ৰতিবাদ আৰু পদত্যাগৰ পিছত হাছিনাই ভাৰতলৈ পলায়ন কৰে । অৱশেষত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনাৰ শাস্তি ঘোষণা কৰে । সম্প্ৰতি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ নেতৃত্বত আছে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছ ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শ্বেখ হাছিনাই আগন্তুক নিৰ্বাচন, তেওঁৰ বিৰুদ্ধে দিয়া ৰায়, বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণ আৰু ভৱিষ্যত বাংলাদেশৰ নেতাসকলক দিয়া পৰামৰ্শৰ বিষয়ত নিজৰ মতামত ব্যক্ত কৰে ।
এই আছুতীয়া সাক্ষাৎকাৰৰ কিছু অংশ এনেধৰণৰ:
প্ৰশ্ন) আৱামী লীগৰ অনুপস্থিতিত বাংলাদেশত অনুষ্ঠিত হোৱা নিৰ্বাচনক আন্তঃৰাষ্ট্ৰীয় সমাজে কেনেদৰে ব্যাখ্যা কৰিব লাগে ?
শ্বেখ হাছিনা: আন্তঃৰাষ্ট্ৰীয় সমাজে এই কাৰ্যবিধিসমূহক ইতিমধ্যে স্বীকৃতি দিছে আৰু দি থাকিব ৷ এয়া কোনো গণতান্ত্ৰিক ইচ্ছাৰ প্ৰকৃত প্ৰকাশ নহয়, অবৈধ ব্যৱস্থাক বৈধতা প্ৰদানৰ লক্ষ্যৰে গঠিত এক বাস্তৱিক অভিব্যক্তি ৷ এই নিষেধাজ্ঞাৰ সমৰ্থনত একমাত্ৰ কণ্ঠস্বৰ হৈছে ইয়াৰ অস্তিত্বৰ পৰা লাভৱান হোৱাসকল । সাধাৰণ বাংলাদেশীক তেওঁলোকৰ মৌলিক গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, যাতে ইউনুছ প্ৰশাসনে বাংলাদেশৰ ওপৰত নিজৰ দখল সুদৃঢ় কৰিব পাৰে ।
তথ্যবোৰ বিবেচনা কৰক ৷ এখন অনিৰ্বাচিত চৰকাৰ, যাৰ বাবে কোনো বাংলাদেশীয়ে কেতিয়াও ভোট দিয়া নাই, আমাৰ ইতিহাসত গণতান্ত্ৰিকভাৱে ৯ বাৰ নিৰ্বাচিত হোৱা দলটোক নিষিদ্ধ কৰাৰ অধিকাৰ নিজে লৈছে আৰু ইচ্ছাকৃতভাৱে লাখ লাখ লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে ৷ আনহাতে প্ৰকৃত নিৰ্দলীয় প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়া হৈছে, ৰাজনৈতিক প্ৰতিবন্ধকতাৰ বাবে দলসমূহে নিৰ্বাচনৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছে । বি এন পি বা জামাতৰ সৈতে জড়িত গোটৰ লোকৰ বাহিৰে মনোনয়ন পত্ৰ ক্ৰয় কৰিবলৈ চেষ্টা কৰা যিকোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
ঐতিহাসিকভাৱে যেতিয়া বাংলাদেশী লোকসকলে নিজৰ পছন্দৰ দলটোক ভোট দিব নোৱাৰে, তেতিয়া তেওঁলোকে একেবাৰেই ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে । এই প্ৰক্ৰিয়াৰ জৰিয়তে যিখন চৰকাৰ গঠন হ’ব, সেয়া তাৎক্ষণিকভাৱে সংকটৰ সন্মুখীন হ’ব ৷
ইয়াত কঠিন সিদ্ধান্ত লোৱাৰ, বিনিয়োগ আকৰ্ষণ কৰাৰ, স্থিতিশীলতা বজাই ৰখাৰ আৰু যিকোনো বৈধতাৰ সৈতে শাসন কৰাৰ প্ৰভাৱশালী ক্ষমতা নাথাকিব । ই সেই জনসংখ্যাক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰিব নোৱাৰে, যাক উদ্দেশ্যৰ ভিত্তিত বাদ দিয়া হৈছিল ৷
এই প্ৰকাশ্য উলংঘাৰ পিছতো ৰাষ্ট্ৰসংঘই দুখঃজনকভাৱে পৰ্যবেক্ষক পঠিয়াবলৈ অস্বীকাৰ কৰিছে । আন্তঃৰাষ্ট্ৰীয় সমাজে সমৰ্থন কৰা বুলি দাবী কৰা মৌলিক মানদণ্ডৰ ওপৰত দৃঢ়তাৰে থিয় দিব লাগিব, নিৰ্বাচনত প্ৰকৃত পছন্দ থাকিব লাগিব আৰু ডাঙৰ ডাঙৰ দলসমূহ নিষিদ্ধ কৰাটো গণতন্ত্ৰৰ সৈতে বিসংগতিপূৰ্ণ । মই গণতান্ত্ৰিক দেশসমূহক আহ্বান জনাম যে এই নিৰ্বাচনসমূহ নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰা একে মানদণ্ডৰে মূল্যায়ন কৰক ।
প্ৰশ্ন) ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহক দমন কৰাৰ নিৰ্দেশ দিয়াৰ বাবে ন্যায়াধিকৰণে আপোনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে দোষী সাব্যস্ত কৰাৰ লগতে আপোনাক মৃত্যুদণ্ড দিয়া আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ ৰায়ক আপুনি কেনেদৰে বিশ্লেষণ কৰিব ?
শ্বেখ হাছিনা: এই ৰায় ন্যায় নাছিল, বৰং ই ৰাজনৈতিক হত্যাকাণ্ড আৰু মই ইয়াক সম্পূৰ্ণৰূপে নস্যাৎ কৰো । প্ৰমাণসমূহৰ ভিতৰত আছে - প্ৰসংগৰ বাহিৰ কৰা টুকুৰা তথ্য, বৰ্তমানৰ প্ৰশাসনক সন্তুষ্ট কৰিবলৈ হেঁচাত পৰি কাম কৰা চৰকাৰী কৰ্মচাৰীৰ বেনামী সাক্ষ্য আৰু যিবোৰ ৰেকৰ্ডিঙৰ সত্যতা কেতিয়াও প্ৰমাণিত হোৱা নাই আৰু যিবোৰক ইচ্ছাকৃতভাৱে ভুলকৈ উপস্থাপন কৰা হৈছে ।
কাৰ্যবাহী প্ৰক্ৰিয়াসমূহ অভূতপূৰ্ব গতিত মোৰ অনুপস্থিতিত চলিছিল ৷ আনহাতে ৰাজনৈতিকভাৱে মোৰ বিৰোধীসকলে আদালতত নিজৰ মিত্ৰসকলক নিযুক্তি দিছিল আৰু মোক মোৰ পছন্দৰ আইনী প্ৰতিনিধিত্বৰ পৰা বঞ্চিত কৰিছিল । আৱামী লীগৰ প্ৰতি সহানুভূতিশীল প্ৰতিৰক্ষা অধিবক্তাসকলক আঁতৰাই পেলোৱাৰ লগতে তেওঁলোকৰ ঠাইত নূন্যতম আইনী জ্ঞান থকা ব্যক্তিক নিযুক্তি দিয়া হৈছিল । আনকি কাৰ্যবিধি আৰম্ভ হোৱাৰ আগতেই চৰকাৰী বিষয়াসকলে মোক ৰাজহুৱাভাৱে দোষী ঘোষণা কৰিছিল, যাৰ ফলত নিৰ্দোষী বুলি দাবী কৰিব পৰা কোনো ভিত্তি নাছিল ।
ন্যায়াধিকৰণে নিজেই অনিৰ্বাচিত চৰকাৰৰ অধীনত কাম কৰে, যাৰ কোনো গণতান্ত্ৰিক কাৰ্যভাৰ নাই । বৰ্তমানৰ প্ৰশাসনৰ সৈতে জড়িতসকলে কৰা অত্যাচাৰক আওকাণ কৰি আৱামী লীগৰ সদস্যসকলৰ বিৰুদ্ধে গোচৰ চলাইছে ৷ যেনে - নিৰ্যাতন, অগ্নিসংযোগ কাণ্ডত জড়িত আৰু ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত গ্ৰেপ্তাৰ প্ৰতিদিনে বাংলাদেশী লোকসকলে প্ৰত্যক্ষ কৰিয়েই আছে ।
স্পষ্টকৈ ক’বলৈ গ’লে মই কেতিয়াও কাকো হত্যা কৰা নাই, সামৰিক বা আইন প্ৰয়োগকাৰী সংস্থাকো এনে কৰিবলৈ নিৰ্দেশ দিয়া নাই । হিংসা আৰু চৰকাৰী গাঁথনি ধ্বংস হোৱাৰ সময়ত মই এজন দায়িত্বশীল প্ৰধানমন্ত্ৰী হিচাপে কাম কৰিছিলো আৰু শৃংখলা পুনৰুদ্ধাৰ কৰাৰ লগতে ৰক্তপাত বা জীৱন-সম্পত্তিৰ ক্ষতি কম কৰিবলৈ চেষ্টা কৰিছিলো । সেই সময়ত দ্ৰুতগতিত পৰিৱৰ্তিত আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতি আছিল আৰু আইন-শৃংখলা সম্পূৰ্ণৰূপে বিনষ্ট হৈছিল । কিন্তু ইয়াক নিৰ্বাচিত চৰকাৰে নিজৰ মানুহক আক্ৰমণ কৰাৰ প্ৰয়াস বুলি কোৱাটো ভিত্তিহীন আৰু অসত্য । আচলতে চৰকাৰত থকাৰ সময়ত মোৰ শেষৰ এটা কাম আছিল মৃত্যুৰ কাৰণসমূহৰ সন্দৰ্ভত তদন্ত ঘোষণা কৰা আৰু ৰাষ্ট্ৰসংঘক স্থলভাগত হোৱা পৰিঘটনাসমূহ পৰ্যবেক্ষণ কৰিবলৈ আমন্ত্ৰণ জনোৱা । ইয়াৰ দ্বাৰা আমি বুজিব পাৰিলোহেঁতেন যে ভয়ংকৰভাৱে এই জীৱন হেৰুওৱাৰ বাবে কোন দায়ী । দুৰ্ভাগ্যজনকভাৱে ইউনুছে ক্ষমতাৰ গাদী দখল কৰাৰ পিছতহে এই তদন্তৰ কথা বাতিল কৰে, কাৰণ নিঃসন্দেহে তেওঁ জানিছিল যে ইয়াৰ দ্বাৰা তেওঁক দোষী সাব্যস্ত কৰা হ’ব ।
প্ৰশ্ন) খবৰ অনুসৰি বাংলাদেশত এমাহতকৈও অধিক সময়ৰ ভিতৰত কমেও ১১ জন সংখ্যালঘু হিন্দু ব্যক্তিক হত্যা কৰা হৈছে । ধৰ্মীয় সংখ্যালঘুৰ বাবে বাংলাদেশ এতিয়া অসুৰক্ষিত বুলি আপুনি ভাবেনে ?
শ্বেখ হাছিনা: এখন ধৰ্মনিৰপেক্ষ গণৰাজ্য দেশ হিচাপে বাংলাদেশ প্ৰতিষ্ঠা হৈছিল, য’ত সকলো ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে একেলগে থাকিব পাৰিছিল । আজি সেই সহাৱস্থান ধ্বংস হৈছে । ইউনুছৰ শাসনকালৰ প্ৰথম কেইসপ্তাহমানত হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, খিলঞ্জীয়া সম্প্ৰদায়ক লক্ষ্য কৰি ২০০০ ৰো অধিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল । এই আক্ৰমণবোৰ বন্ধ হোৱা নাই, বৰঞ্চ এয়া বৃদ্ধিহে পাইছে । বিশ্ব হতবাক হৈ পৰিছিল, যেতিয়া এজন হিন্দু শ্ৰমিকক তেওঁৰ সহযোগীসকলে ৰাজহুৱাভাৱে মুকলিকৈ প্ৰহাৰ কৰাৰ পাছত অগ্নিসংযোগ কৰি হত্যা কৰিছিল আৰু তেওঁক এডাল গছত বান্ধি ৰাখিছিল । মানৱ অধিকাৰ সংস্থাসমূহে এনে অসংখ্য গোচৰৰ নথিভুক্ত কৰিছে আৰু সাংবাদিকসকলক মৌন হৈ থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো সত্য উদঙাই দি আহিছে । তথাপিও অপৰাধীসকলে কোনো শাস্তি লাভ কৰা নাই ৷ কিয়নো ইউনুছ চৰকাৰে এই বৰ্বৰ কাৰ্যৰ বাবে দায়ী অশুভ শক্তিসমূহক কোনো শাস্তি প্ৰদান নকৰি অধিক সাহসী কৰি তুলিছে ।
আজি আমি যি দেখিবলৈ পাইছো, সেয়া হৈছে দেশখনে নিজৰ আটাইতকৈ মৌলিক কৰ্তব্য পালন নকৰাৰ স্পষ্ট ফল ৷ সেয়া হৈছে সকলো নাগৰিকক সমানে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত হোৱা ব্যৰ্থতা ৷ যেতিয়া এখন চৰকাৰে চৰমপন্থীক কেবিনেটৰ পদ দিয়ে, দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে আৰু দোষীক শাস্তিৰ সলনি মুকলিকৈ ফুৰা-চকা কৰাত অনুমতি প্ৰদান কৰে, তেতিয়া ই এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে । আমাৰ সংবিধানত সন্নিৱিষ্ট ধৰ্মনিৰপেক্ষ নীতিসমূহ ৰক্ষাৰ বাবে আমি যি প্ৰচেষ্টা চলাইছো, সেইবোৰ বিভাজন আৰু ভয়ৰ পৰা লাভৱান হোৱাসকলে পদ্ধতিগতভাৱে ধ্বংস কৰি আছে ।
প্ৰশ্ন) বাংলাদেশৰ কৌশলগত দৃষ্টিভংগীত ভাৰত, পাকিস্তান আৰু চীন সকলোৰে গভীৰ প্ৰভাৱ আছে । অতীতলৈ ঘূৰি চাই আপুনি ভাবেনে বাংলাদেশৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বাহ্যিক হেঁচাত আহিছিল নেকি, নে দেশত ক্ষমতাৰ ব্যৱহাৰৰ ধৰণৰ পৰাই আহিছিল আৰু পাকিস্তানৰ সৈতে অন্তৱৰ্তীকালীন প্ৰশাসনৰ ঘনিষ্ঠতাৰ বিষয়ে আপোনাৰ মূল্যায়ন কি ?
শ্বেখ হাছিনা: আমাৰ পথ প্ৰদৰ্শক নীতি সদায় সকলোৰে সৈতে বন্ধুত্ব আৰু কোনো এজনৰ প্ৰতি ঘৃণা । ভূগোল, ইতিহাস আৰু পাৰস্পৰিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি বাণিজ্য, সংযোগ আৰু আঞ্চলিক স্থিতিশীলতা আদিৰ ক্ষেত্ৰত আমি ভাৰতৰ সৈতে গভীৰ অংশীদাৰিত্ব স্থাপন কৰিছো । অৰ্থনৈতিক উন্নয়নৰ বাবে চীন আৰু পাকিস্তানৰ সৈতে আমি সদায় গঠনমূলক সহযোগিতা আগবঢ়াই আহিছো ।
বাংলাদেশক সকলো চুবুৰীয়া দেশৰ সৈতে সুস্থিৰ সম্পৰ্কৰ প্ৰয়োজন । বৰ্তমান প্ৰশাসনে পাকিস্তানৰ প্ৰতি কৰা খৰখেদা প্ৰচেষ্টাক লৈ মোক যিয়ে চিন্তিত কৰিছে সেয়া হ’ল এয়া সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস নহয়, বৰঞ্চ হতাশাজনক আৰু কোনো গণতান্ত্ৰিক নিৰ্দেশনা নোহোৱাকৈ আমাৰ বৈদেশিক নীতি সলনি কৰাৰ এয়া এক অদূৰদৰ্শী প্ৰচেষ্টা । ১৯৭১ চনৰ গণহত্যাক পাকিস্তানে কেতিয়াও স্বীকাৰ কৰা নাই, তথাপিও ইউনুছে ইছলামাবাদক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে ৷ আনহাতে তেওঁৰ সমৰ্থকসকলে ভাৰতীয় কূটনৈতিক চৌহদত আক্ৰমণ কৰি বিচ্ছিন্নতাবাদী গোটক আশ্ৰয় দিয়াৰ ভাবুকি দিছে । এইটো কৌশলগত ভাৰসাম্য ৰক্ষা নহয়; ই হৈছে প্ৰয়োজনীয় যিকোনো উপায়েৰে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ চেষ্টা কৰা প্ৰশাসনৰ অসাৱধানতাৰে কৰা কাৰ্য ।
ভৱিষ্যত প্ৰজন্মক প্ৰভাৱিত কৰা কৌশলগত সিদ্ধান্ত মতাদৰ্শগত স্বাৰ্থৰ সেৱা কৰা অনিৰ্বাচিত চৰকাৰে লোৱা উচিত নহয় । এই প্ৰশাসনৰ ভিতৰৰ চৰমপন্থীসকলে আমাৰ ধৰ্মনিৰপেক্ষ ভেটি আৰু আঞ্চলিক অংশীদাৰিত্ব ধ্বংস কৰাৰ সপোন দেখে, কিন্তু তেওঁলোকে ইতিহাসৰ বিৰুদ্ধে যুঁজি আছে । বাংলাদেশী নাগৰিকে পুনৰ মুক্তভাৱে ভোটদান কৰিব পাৰিলে আমাৰ বৈদেশিক নীতিয়ে সাময়িকভাৱে ক্ষমতা দখল কৰাসকলৰ কল্পনাৰ ওপৰত নহয়, ভৌগোলিক বাস্তৱতা আৰু ঐতিহাসিক জ্ঞানৰ ওপৰত ভিত্তি কৰি জাতীয় স্বাৰ্থৰ সেৱা কৰিব ।
প্ৰশ্ন) ২০২৪ চনৰ জুলাই মাহত আপোনালোকৰ চৰকাৰৰ বিৰুদ্ধে ইনকিলাব মঞ্চ আন্দোলনৰ নেতৃত্ব দিয়া মোটালেব শিকদাৰ আৰু শ্বৰীফ ওছমান হাদীৰ দৰে নেশ্যনেল চিটিজেন পাৰ্টীৰ নেতাক গুলীয়াই হত্যা কৰাৰ ঘটনাই ইতিমধ্যে বাংলাদেশ কঁপাই তুলিছে । যিসকল বাংলাদেশী যুৱচামে আপোনাৰ পিতৃক প্ৰতিষ্ঠাপক নায়ক হিচাপে চিনি পায়, কিন্তু আপোনাক মূলতঃ শাসক হিচাপেহে চিনি পায়, তেওঁলোকে পক্ষত বা বিপক্ষত ভোট দিব নোৱাৰিলে, তেওঁলোকক কি ক’ব ?
শ্বেখ হাছিনা: শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ড মৰ্মান্তিক আৰু নিন্দনীয় ৷ অন্তৱৰ্তীকালীন চৰকাৰৰ শাসনত বাংলাদেশত বিৰাজমান অবৈধতা আৰু নিৰ্বাচনী হিংসাৰ আন এক উদাহৰণ । বি এন পি, জামাত আৰু হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰা এন চি পিৰ প্ৰাৰ্থীৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাক বিশ্বাসযোগ্যভাৱে তদন্ত কৰাৰ পৰিৱৰ্তে কৰ্তৃপক্ষই গোটক আৱামী লীগক দোষাৰোপ কৰিবলৈ, বাতৰি কাকতৰ কাৰ্যালয় জ্বলাই দিবলৈ, কূটনৈতিক মিছনত আক্ৰমণ কৰিবলৈ অনুমতি দিলে । এয়া ন্যায় নহয়, পৰিকল্পিত অৰাজকতাহে ৷
বাংলাদেশৰ ইতিহাসত আৱামী লীগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে । আমাক ৯ বাৰ নিৰ্বাচনী আয়োগৰ দ্বাৰা স্বীকৃতি দিয়া হৈছিল । যেতিয়া বিৰোধী দলসমূহে বৰ্জন কৰিবলৈ বাছি লৈছিল, যেনেকৈ বি এন পিয়ে কেইবাবাৰো কৰিছিল, তেতিয়া ভোটাৰক আমাৰ নহয়, অৰ্থপূৰ্ণ পছন্দৰ পৰা বঞ্চিত কৰাটো তেওঁলোকৰ সিদ্ধান্ত আছিল । আমি কেতিয়াও আমাৰ বিৰোধীক নিৰ্বাচনত অংশগ্ৰহণ কৰাত বাধা দিয়া নাই । আমি কেতিয়াও লাখ লাখ নাগৰিকক তেওঁলোকৰ ৰাজনৈতিক মতামতৰ বাবে কৰায়ত্ত কৰা নাই । আমি কেতিয়াও সংবিধান ফালি পেলোৱা নাছিলো আৰু আমাৰ লগত মতানৈক্য থকাসকলক বাদ দিছিলো ।
গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু বহুত্ববাদৰে পৰিপূৰ্ণ এখন স্বাধীন বাংলাদেশৰ বাবে পিতৃয়ে প্ৰাণ আহুতি দিছিল । সেই ভেটিটো শক্তিশালী কৰাৰ বাবে ৰাজনৈতিক অংশগ্ৰহণক উৎসাহিত কৰা, সাধাৰণ মানুহৰ উপকাৰিতাৰ নীতি প্ৰণয়ন কৰা, উল্লেখযোগ্য গতিৰে অৰ্থনীতি বৃদ্ধি কৰা, লাখ লাখ লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই অনাৰ বাবে মই মোৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছো আৰু সকলো ধৰ্মৰ লোকে যাতে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিব পাৰে তাৰ বাবে তেওঁ নিজকে উৎসৰ্গা কৰিছিল । এইবোৰ কোনো এজন ব্যক্তিৰ কৃতিত্ব নাছিল । সাধাৰণ বাংলাদেশী জনসাধাৰণৰ সাফল্য আছিল ।
আমাৰ অঞ্চলৰ বহুতৰে দৰে বাংলাদেশৰ যুৱক-যুৱতীসকলো অৰ্থনৈতিক সুযোগৰ অভাৱত হতাশ হোৱাটো দেখা যায় । তেওঁলোকে সপোন দেখে এখন ন্যায়পৰায়ণ আৰু প্ৰতিষ্ঠিত সমাজৰ, যিয়ে তেওঁলোকক সুযোগ প্ৰদান কৰে । কিন্তু তেওঁলোকে নিজেই দেখিব পাৰে যে আজিৰ বাংলাদেশ যে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া আদৰ্শ সমাজ নহয় । নিবনুৱা সমস্যা বাঢ়িছে, মতানৈক্যক নিৰ্মমভাৱে দমন কৰা হৈছে, ৰাজনৈতিক আনুগত্য কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধত পৰিণত হৈছে, গণতান্ত্ৰিক অংশগ্ৰহণ নিয়ন্ত্ৰণ কৰিছে এটি সৰু অভিজাত শ্ৰেণীয়ে, ধৰ্মীয় সংখ্যালঘুসকলে ভয়ত জীয়াই থাকে আৰু হিংসা এতিয়া দৈনন্দিন বাস্তৱ । ১৯৭১ চনত মোৰ পিতৃ আৰু তেওঁৰ প্ৰজন্মই যুঁজ দিয়া এইবোৰ মূল্যবোধ নহয় ।
প্ৰশ্ন) উপকূলীয় অঞ্চলত পৰিৱেশ সুৰক্ষাৰ ওপৰত আপুনি প্ৰায়ে গুৰুত্ব দিছে । চেণ্ট মাৰ্টিন দ্বীপটোক প্ৰায়ে পৰিৱেশগত ৰত্ন হিচাপে বৰ্ণনা কৰা হয় আৰু কৌশলগত মহলত ইয়াৰ বিষয়েও বহুলভাৱে আলোচনা কৰা হয় । আপোনাৰ কাৰ্যকালত বংগোপ সাগৰৰ নিৰাপত্তা স্থাপত্যত ইয়াৰ প্ৰাসংগিকতা কেনেদৰে মূল্যায়ন কৰিছিল ?
শ্বেখ হাছিনা: ছেইণ্ট মাৰ্টিন দ্বীপ সঁচাকৈয়ে পৰিৱেশগত সম্পদ; ই আমাৰ একমাত্ৰ অমূল্য দ্বীপ আৰু অনন্য সাগৰীয় জৈৱ বৈচিত্ৰ্যৰ অদ্বিতীয় ঘৰ, যিটো আমি সুৰক্ষিত কৰিবলৈ অক্লান্তভাৱে কাম কৰিছো । উপকূলীয় অঞ্চল পৰিচালনাৰ পৰা আৰম্ভ কৰি জলবায়ু অভিযোজনৰ ক্ষেত্ৰত আমাৰ নেতৃত্বলৈকে পৰিৱেশ সুৰক্ষা আমাৰ শাসনৰ মূলতে আছে । কাৰণ, সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম ।
আমি সদায় আমাৰ ভূখণ্ড আৰু সামুদ্ৰিক অঞ্চলৰ সৈতে জড়িত প্ৰশ্নসমূহৰ কাষ চাপি আহিছো এটা স্পষ্ট নীতিৰে ৷ বাংলাদেশৰ সাৰ্বভৌমত্ব আলোচনাৰ অবিহনে আৰু আমাৰ কৌশলগত সম্পদে আমাৰ দেশ আৰু ইয়াৰ জনসাধাৰণৰ স্বাৰ্থৰ সেৱা কৰিব লাগিব ।
প্ৰশ্ন) আপুনি আন যিকোনো নেতাতকৈ বেছি দিন বাংলাদেশত শাসন কৰিছিল । পিছলৈ ঘূৰি চালে বিশ্বাসযোগ্য বিৰোধীৰ বাবে পৰ্যাপ্ত ৰাজনৈতিক স্থান সৃষ্টি নকৰাৰ বাবে আপুনি আক্ষেপ কৰেনে আৰু যদি আপুনি ভৱিষ্যতৰ বাংলাদেশী নেতাসকলক পৰামৰ্শ দিব লাগে, তেন্তে তেওঁলোকক কিহৰ প্ৰতি আটাইতকৈ বেছি সতৰ্ক কৰি দিব ?
শ্বেখ হাছিনা: বাংলাদেশৰ জনসাধাৰণে বাৰে বাৰে আমাৰ ওপৰত আস্থা ৰাখি দেশখনক সমৃদ্ধিৰ দিশে আগুৱাই নিবলৈ আৱামী লীগক ৯ বাৰ নিৰ্বাচন কৰিছে ৷ আমি অসাংবিধানিক উপায়েৰে ক্ষমতা দখল কৰা নাছিলো, আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো আৰু বাৰে বাৰে জয়ী হৈছিলো । যদি বিৰোধী দলসমূহে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লয় আৰু সমৰ্থকসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰে, তেন্তে সেয়া তেওঁলোকৰ সিদ্ধান্ত । আমি তেওঁলোকক নিৰ্বাচনত অংশগ্ৰহণ কৰাত বাধা দিয়া নাছিলো । তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু তাৰ পিছত তেওঁলোকৰ অনুপস্থিতিৰ বাবে আমাক দোষাৰোপ কৰা হৈছিল ৷
আমাৰ কাৰ্যকালত আমি সমালোচনাক আদৰণি জনাইছিলো আৰু মুকলি আলোচনাক উৎসাহিত কৰিছিলো । সাংবাদিকসকলে ভয় নোহোৱাকৈ কাম কৰিছিল ৷ বিৰোধী কণ্ঠক সুৰক্ষা দিয়া হৈছিল আৰু গোচৰ জাপি দিয়া হোৱা নাছিল । এই কথাটোক আজিৰ পৰিস্থিতিৰ লগত তুলনা কৰক, য’ত শ শ সাংবাদিকে চাকৰি হেৰুৱাইছে, সংবাদ মাধ্যমৰ কাৰ্যালয় জ্বলাইছে, এটা সম্পূৰ্ণ ৰাজনৈতিক দল নিষিদ্ধ কৰা হৈছে আৰু তেওঁলোকৰ ৰাজনৈতিক মতামতৰ ভিত্তিত ষড়যন্ত্ৰমূলক অভিযোগত আটক কৰা হৈছে ১৫২ হাজাৰৰো অধিক লোক ।
কোনো চৰকাৰেই দোষমুক্ত নহয় । গণতন্ত্ৰৰ বাবে অহৰহ সতৰ্কতা, নম্ৰতা আৰু শুনিবলৈ ইচ্ছাৰ প্ৰয়োজন । গণতান্ত্ৰিক নীতিক সম্পূৰ্ণৰূপে নাকচ কৰাসকলক ৰেহাই দি স্থিতিশীলতা লাভ কৰিব নোৱাৰি । উগ্ৰবাদক সংযমলৈ সলনি কৰিব নোৱাৰি । শক্তিশালী প্ৰতিষ্ঠান আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি অটল দায়বদ্ধতাৰ জৰিয়তেহে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যাব ।
বাংলাদেশৰ নেতৃত্ব দিয়া যিকোনো ব্যক্তিয়ে কেতিয়াও পাহৰিব নালাগে যে বৈধতা ৰাইজৰ পৰাই আহে । যি মুহূৰ্তত এজন নেতাই বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে তেওঁলোকৰ ক্ষমতা কেৱল তেওঁলোকৰ পদৰ পৰাই উদ্ভৱ হৈছে, সেই মুহূৰ্ততে তেওঁলোকৰ বিফলতা আৰম্ভ হয় ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ মালয়েছিয়া ভ্ৰমণ : বিভিন্ন খণ্ডত সহযোগিতাৰ ওপৰত আলোচনা

