বাংলাদেশলৈ প্ৰত্যাৱৰ্তন ঘটাই কাৰাবাস খাতিবলৈ সাজু শ্বেখ হাছিনা
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত ৰাজ আতিথ্য লাভ কৰা বুলি তেওঁৰ পুত্ৰই জানিবলৈ দিছে ৷

Published : August 6, 2026 at 1:47 AM IST
নতুন দিল্লী: বাংলাদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাই ডিচেম্বৰ মাহত বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই কথা পুনৰবাৰ উল্লেখ কৰি নেত্ৰীগৰাকীয়ে ভাৰতক বাংলাদেশৰ “শ্ৰেষ্ঠ বন্ধু” আখ্যা দিয়ে ।
বুধবাৰে দক্ষিণ এছিয়াৰ বিদেশী সংবাদদাতা ক্লাবৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি হাছিনাই কয়, ‘‘মই বাংলাদেশলৈ উভতি যাব বিচাৰো কাৰণ দেশখনৰ জনসাধাৰণ নিৰাপত্তা, উন্নয়ন, সমৃদ্ধি আৰু শান্তি লাভ কৰাৰ যোগ্য । তেওঁলোকক এনে এখন দেশৰ দৰকাৰ যিয়ে সুৰক্ষা দিয়ে, এক এনে অৰ্থনীতিৰ প্ৰয়োজন যিয়ে সুযোগ দিয়ে আৰু এক এনে গণতান্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰয়োজন যিয়ে অধিকাৰ প্ৰদান কৰে ।’’ এক অডিঅ’ লিংকৰ জৰিয়তে শ্বেখ হাছিনাই ভাৰ্চুৱেলী সংবাদ মাধ্যমক সম্বোধন কৰে ।
নেত্ৰীগৰাকীয়ে কয়, ‘‘মই জানো যে মোক আটক কৰা হ'ব পাৰে অথবা কাৰাগাৰলৈ পঠিওৱাৰ সম্ভাৱনা আছে ৷ তেওঁলোকে হয়তো বিচৰা মতেই ৰুজু কৰা গোচৰত দিয়া ৰায় বাহাল ৰাখিবলৈ চেষ্টা কৰিব । কিন্তু ভয়ে জনসাধাৰণৰ প্ৰতি থকা মোৰ কৰ্তব্য নিৰ্ধাৰণ কৰিব নোৱাৰে । মোৰ জীৱন বহু পূৰ্বৰে পৰা ব্যক্তিগত সুৰক্ষাৰ বিবেচনাৰ বাহিৰত ৷’’
উল্লেখ্য যে, ২০২৪ চনত বাংলাদেশৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত দেশৰ পৰা পলায়ন কৰাৰ পিছৰে পৰা আৱামী লীগৰ নেত্ৰী তথা নিৰ্বাসিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত আশ্ৰয় লৈ আছে । এবছৰৰ পাছত তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰা হৈছিল ৷ বাংলাদেশত হোৱা এই হিংসাত্মক পৰিস্থিতিৰ ফলত প্ৰায় ১৪০০ লোকে প্ৰাণ হেৰুৱাইছিল ৷ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰি হাছিনাই এই অভিযোগ খণ্ডন কৰিছে ৷
লগতে অভিযোগ কৰে যে ২০২৪ চনৰ ছাত্ৰ প্ৰতিবাদ শান্তিপূৰ্ণ নহয়, বৰং এক পৰিকল্পিত অভিযান আছিল ৷ এই প্ৰতিবাদৰ জৰিয়তে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ দাবীৰে কৰা প্ৰতিবাদক শাসন ব্যৱস্থা পৰিৱৰ্তনৰ লক্ষ্যৰে একাংশই হিংসাত্মক ৰাজনৈতিক আহিলালৈ ৰূপান্তৰিত কৰিছিল ।
তেওঁ কয়, ‘‘এই অভিযানৰ জৰিয়তে আসন সংৰক্ষণ ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ তদুপৰি চৰকাৰৰ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে হিংসাত্মক ঘটনাসমূহক ‘ৰাজনৈতিক অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰা দেখা হৈছিল ।’’
হাছিনাক শাসনৰ গাদীৰ পৰা পদচ্যুত কৰাৰ পিছত ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এক অন্তৱৰ্তীকালীন চৰকাৰে দেশখন শাসনৰ দায়িত্ব লয় । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংসদীয় নিৰ্বাচনৰ পিছত তাৰিক ৰহমানৰ নেতৃত্বত বাংলাদেশ জাতীয়তাবাদী পাৰ্টী(বিএনপি) ক্ষমতালৈ আহে । অৱশ্যে হাছিনাৰ আৱামী লীগক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷
যোৱা দুবছৰৰ জীৱনৰ কিছু আভাস দি ভিডিঅ’ লিংকৰ জৰিয়তে সংবাদ মাধ্যমক সম্বোধন কৰা শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জয়ে কয় যে তেওঁৰ মাতৃক ভাৰত চৰকাৰে ৰাজ আতিথ্য প্ৰদান কৰিছে ।
শ্বেখ হাছিনাৰ কাৰ্যকালত ভাৰত-বাংলাদেশৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক থকা দেখা গৈছিল ৷ তেওঁ ভাৰতক নিজৰ ভাল বন্ধু বুলি গণ্য কৰিছিল । কিন্তু ভাৰতত আশ্ৰয় লোৱাৰে পৰা দুয়োখন দেশৰ সু-সম্পৰ্কত একপ্ৰকাৰৰ যতি পৰিছে ৷ ঢাকাই বাৰে বাৰে ভাৰত চৰকাৰক চাপ প্ৰয়োগ কৰি হাছিনাক প্ৰত্যাৰ্পণৰ বাবে দাবী জনাই আহিছে । দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি হাছিনাই কয়, ‘‘১৯৭১, ১৯৭৫ চন আৰু এতিয়াও ভাৰত বাংলাদেশৰ বাবে সদায়ে অতি ভাল বন্ধু হৈ আহিছে ৷’’
১৯৭৫ চনৰ ১৫ আগষ্টত ঢাকাত সামৰিক অভ্যুত্থানৰ সময়তে হাছিনাৰ দুজনকৈ ভাতৃ আৰু পিতৃ শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ কথা সুঁৱৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আবেগিক হৈ পৰে । তেওঁ কয়, ‘‘১৯৭১ চনত মই মোৰ মাৰ সৈতে কাৰাগাৰত আছিলো । মোৰ ল'ৰাটো বন্দী অৱস্থাতে জন্ম হৈছিল । ১৯৭৫ চনত মই মোৰ পৰিয়ালক হেৰুৱাইছিলো । মই ছবছৰ নিৰ্বাসনত কটালোঁ । ঘৰলৈ উভতি অহাৰ পিছত মই সামৰিক শাসক, একনায়কত্ববাদ আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজিছিলো । মোক ১৯ বাৰকৈ হত্যাৰ চেষ্টা চলোৱা হৈছিল । আনকি ২০০৪ চনত হোৱা গ্ৰেণেড আক্ৰমণেও মোক বাধা দিব পৰা নাছিল ৷ গতিকে নিজৰ ভৱিষ্যতক লৈ মই চিন্তিত নহয় ।’’
আৱামী লীগ আৰু বিএনপিয়ে ইটোৱে আনটোৰ বিৰুদ্ধে দমন আৰু অপশাসনৰ অভিযোগ উত্থাপন কৰিছে । নেত্ৰীগৰাকীয়ে কয়, ‘‘আৱামী লীগ চৰকাৰৰ কাৰ্যকালৰ তুলনাত জিডিপিৰ বৃদ্ধি হ্ৰাস পাইছে । উদ্যোগৰ উৎপাদন তীব্ৰভাৱে হ্ৰাস হৈছে । ৫৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে উদ্যোগ খণ্ডত ঋণাত্মক বৃদ্ধি দেখা গৈছে । চাকৰি সৃষ্টি স্তব্ধ হৈ পৰিছে । ২ কোটিতকৈ অধিক লোক নতুনকৈ নিবনুৱা হৈ পৰিছে । ৫০০ৰো অধিক উদ্যোগ, কাৰখানা বন্ধ হৈ গৈছে । আধাতকৈ অধিক উদ্যোগপতি আৰু ব্যৱসায়ৰ গৰাকী হয় কাৰাগাৰত আছে, নহয় বলপূৰ্বকভাৱে তেওঁলোকক লুকাই থাকিবলৈ বাধ্য কৰোৱা হৈছে ৷’’
তেওঁ আন্তঃৰাষ্ট্ৰীয় সমাজ আৰু বাংলাদেশৰ সকলো বন্ধু-বান্ধৱীক বাংলাদেশৰ জনসাধাৰণৰ সৈতে গণতন্ত্ৰ, ন্যায়, শান্তিৰ যুঁজখনৰ বাবে একত্ৰিত হ’বলৈ আহ্বান জনায় । তেওঁ কয়, ‘‘দক্ষিণ এছিয়া, বংগোপ সাগৰ, উন্নয়নৰ অংশীদাৰ আৰু গণতন্ত্ৰ, আইনৰ শাসন আৰু ন্যায়ত বিশ্বাস কৰা সকলো দেশবাসীৰ বাবে এখন সুস্থিৰ বাংলাদেশ গুৰুত্বপূৰ্ণ ।’’
লগতে আৱামী লীগৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগতে ৰাজনৈতিক কাৰাবন্দীসকলক মুকলি কৰি দিবলৈ নেত্ৰীগৰাকীয়ে দাবী উত্থাপন কৰে । অৱশ্যে সংবাদ মাধ্যমৰ এই অনুষ্ঠানত শ্বেখ হাছিনাই দিয়া মন্তব্যৰ সৈতে ভাৰত চৰকাৰৰ কোনো সম্পৰ্ক নাই বুলি দেশখনে দাবী কৰিলেও ঢাকাই কয় যে ইয়াৰ ফলত ভাৰত-বাংলাদেশৰ সম্পৰ্কত যতি পৰাৰ সম্ভাৱনা আছে ৷

