ETV Bharat / international

নেপালৰ ধাডিঙত ভয়ংকৰ বাছ দুৰ্ঘটনা, ১৮ গৰাকী যাত্ৰীৰ মৃত্যু

দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে সোতৰটা মৃতদেহ ৷ আনহাতে, বাছখনৰ পৰা ২৮ জন আহত যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰা হৈছে ।

নেপাল বাছ দুৰ্ঘটনা
প্ৰতিকী ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 10:08 AM IST

2 Min Read
Choose ETV Bharat

কাঠমাণ্ডু(নেপাল): ভাৰতৰ চুবুৰীয়া ৰাজ্য নেপালত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে ১৮ জন লোকে ৷ নেপালৰ ধাডিং জিলাৰ গাজুৰিৰ সমীপত সোমবাৰে পুৱা এখন যাত্ৰীবাহী বাছ ত্ৰিশুলি নদীত পৰি এই দুৰ্ঘটনাটো সংঘটিত হয় ৷

ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল৷

সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখপাত্ৰ বিষ্ণুপ্ৰসাদ ভট্টই জনোৱা মতে, কাঠমাণ্ডুৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ পশ্চিমে পৃথ্বী ঘাইপথৰে পোখৰাৰ পৰা কাঠমাণ্ডুলৈ আহি থকা এখন বাছ ত্ৰিশুলী নদীত বাগৰি পৰি ২৬ জন যাত্ৰী আহত হয় ।

দুৰ্ঘটনাস্থলীৰ পৰা ইতিমধ্যে সোতৰটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ আনহাতে, বাছখনৰ পৰা ২৮ জন আহত যাত্ৰীক উদ্ধাৰ কৰা হৈছে । আহত যাত্ৰীসকলক উন্নত চিকিৎসাৰ বাবে স্থানীয় বহুকেইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সমান্তৰালকৈ দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানৰ বাবে নেপাল সেনা, সশস্ত্ৰ আৰক্ষী বাহিনী আৰু নেপাল আৰক্ষী মোতায়েন কৰা হৈছে । এই কথা জানিবলৈ দিয়ে নেপালৰ সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখপাত্ৰগৰাকীয়ে ৷

নিহতসকলৰ ভিতৰত নিউজীলেণ্ডৰ পৰা অহা এজন পুৰুষ যাত্ৰীও আছে । আনহাতে, আহতসকলৰ ভিতৰত এগৰাকী জাপানী আৰু এগৰাকী ডাচ্চ মহিলা থকা বুলিও জানিব পৰা গৈছে ৷ অৱশ্যে দুৰ্ঘটনাটোৰ সঠিক কাৰণ এতিয়াও পোহৰলৈ অহা নাই ৷

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে যাত্ৰীবাহী বাছখনে অত্যধিক গতি লোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে ৷ ঘটনাটোৱে সমগ্ৰ এলেকাটোত শোকৰ ছা পেলাইছে৷

লগতে পঢ়ক: দিল্লীত বৰ্ণ নিৰ্যাতনৰ সন্মুখীন উত্তৰ-পূবৰ যুৱতী, অপমানসূচক মন্তব্যৰে গালি-গালাজ