জাবৰৰ বৃহৎ স্তূপ খহি ৩০ জন লোকৰ মৃত্যু
নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জাবৰৰ বৃহৎ স্তূপ এটা খহি ওচৰৰ তম্বু আৰু জুপুৰিবোৰ পুতি পেলায় ।

Published : August 24, 2026 at 10:42 AM IST
ক’নাক্ৰি (গিনি) : পশ্চিম আফ্ৰিকাৰ দেশ গিনিৰ ৰাজধানী ক’নাক্ৰিত দেওবাৰে পুৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হৈ ৩০ জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ গিনি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি নিশাটোৰ ভিতৰতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জাবৰৰ বৃহৎ স্তূপ এটা খহি ওচৰৰ তম্বু আৰু জুপুৰিবোৰ পুতি পেলায় ।
চৰকাৰী বিবৃতি অনুসৰি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ২ বজাত ক’নাক্ৰিৰ গবেছিয়া অঞ্চলত এই ঘটনা সংঘটিত হয় । বিভাগীয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি এই দুৰ্ঘটনাত ৩০ জন লোকৰ মৃত্যু হৈছে । ৬ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে ১৬ জন সামান্য আঘাতপ্ৰাপ্ত হয় । কেইবাটাও ঘৰ ধ্বংসপ্ৰাপ্ত হয় ৷ ভূমিস্খলনৰ স্থানত জীৱিত লোকক বিচাৰি প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।
সামৰিক অভিযান্ত্ৰিক বেটেলিয়নৰ অনাময় বিষয়া লেফটেনেণ্ট কৰ্ণেল বাল্ডে মামাডু বাইলোৱে জনোৱা মতে, চহৰখনৰ সৰ্ববৃহৎ মুকলি আৱৰ্জনা পেলোৱা ঠাইখন দেওবাৰে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷
আৱৰ্জনা পেলোৱা ঠাইখনৰ ওচৰত বসবাস কৰা স্থানীয় লোকসকলক খালী কৰিবলৈ জাননী দিয়া হৈছিল বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ এই জাননীৰ ফলত বহুতে অঞ্চলটো এৰি যাবলৈ বাধ্য হৈছিল যদিও আন বহু লোক এই দুৰ্ঘটনাৰ সময়ত তাতেই আছিল বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷
ঘটনাস্থলীত উপস্থিত থকা টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচন আৰু বিকেন্দ্ৰীকৰণ মন্ত্ৰী ডায়েনেবু টুৰে অঞ্চলটোত থকা বাকী পৰিয়ালসমূহক অন্য স্থানলৈ স্থানান্তৰিত কৰাটো নিশ্চিত কৰাৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক : পেৰুত ইউৰোপীয় পৰ্যটক কঢ়িয়াই অনা বিমান দুৰ্ঘটনাগ্ৰস্ত; নিহত ১৩ জন

