২০০০ টা এপাৰ্টমেণ্ট থকা অট্টালিকাত অগ্নিকাণ্ড; ৪০ৰো অধিক লোকৰ মৃত্যু
চীনৰ হংকং চহৰত ভয়ংকৰ অগ্নিকাণ্ড । মেৰামতি চলি থকা অট্টালিকাত হঠাৎ লাগিল জুই । অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত ।

Published : November 27, 2025 at 8:27 AM IST
|Updated : November 27, 2025 at 10:06 AM IST
হংকং : হংকঙৰ বিশাল হাউচিং কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ড । বুধবাৰে সংঘটিত এই অগ্নিকাণ্ডত ৪৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ইফালে শ শ লোক নিৰুদ্দেশ হৈছে । বুধবাৰে বিয়লি প্ৰায় ২০০০ টা এপাৰ্টমেণ্ট থকা ৮ টা অট্টালিকাৰ এটা হাউচিং কমপ্লেক্সত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ই বিশ্বৰ ঘন জনবসতিপূৰ্ণ আৰু ওখ আৱাসিক ব্লকৰ ভিতৰত অন্যতম চহৰখনৰ উত্তৰ দিশত থকা টাই প' জিলাৰ এই ৱাং ফুক ক'ৰ্ট ।
অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিৰ্বাপনৰ পিছতো বৃহস্পতিবাৰে পুৱালৈ কেইবাটাও এপাৰ্টমেণ্ট জ্বলিয়ে আছিল । আৰক্ষীয়ে জনোৱা মতে এই ঘটনাত জড়িত ৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তাত মেৰামতিৰ কাম চলি আছিল আৰু জ্বলি থকা সামগ্ৰী তাতেই এৰি গৈছিল অভিযুক্তসকলে । যাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে মেৰামতিৰ কামত ব্যৱহৃত বাঁহত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল আৰু সেই জুই ৱাং ফুক ক'ৰ্টৰ সমগ্ৰ এপাৰ্টমেণ্টবোৰত বিয়পি পৰিছিল ।
বাঁহবোৰ জ্বলি গোটেই অট্টালিকাবোৰ ধোঁৱাময় কৰিছিল । ইউয়েন উপাধিৰ ৬৫ বছৰীয়া এজন লোকে ভয়ংকৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰি কয় যে তেওঁ এই কমপ্লেক্সত ৪ দশকৰো অধিক সময় বাস কৰি আছে । তেওঁৰ বহু চুবুৰীয়া বৃদ্ধ আৰু হয়তো তেওঁলোকৰ হাতত মোবাইল নাথাকিবও পাৰে ।
#WATCH | China | Firefighting operations are underway and bodies are still being recovered after a huge fire that broke out at a residential apartment complex in Hong Kong yesterday, claiming the lives of 44 people, with 300 people still missing.
— ANI (@ANI) November 27, 2025
According to the Police, the… https://t.co/58KmXpq6uE pic.twitter.com/IqXAwDCLk5
ইউয়েনে সংবাদ মাধ্যমক কয় যে মেৰামতিৰ বাবে খিৰিকী বন্ধ হৈ আছিল, (কিছুমান লোকে) জুই লাগিছে বুলি নাজানিছিল আৰু চুবুৰীয়াই ফোন কৰাৰ পিছত হে ঘৰৰ পৰা ওলাই আহিছিল ।
আনহাতে বৃহস্পতিবাৰে পুৱা হংকঙৰ অগ্নিনিৰ্বাপক বাহিনীয়ে মৃত্যুৰ সংখ্যা ৪৪ লৈ বৃদ্ধি পোৱাৰ কথা অৱগত কৰে । অগ্নিনিৰ্বাপক বাহিনীৰ শীৰ্ষ বিষয়া এণ্ডি ইয়ঙে জনোৱা মতে নিহতসকলৰ ভিতৰত এগৰাকী ৩৭ বছৰীয়া অগ্নিনিৰ্বাপক বাহিনীৰ লোকো আছে । উদ্ধাৰ অভিযানৰ সময়ত সহকৰ্মীৰে যোগাযোগ বিচ্ছিন্ন হৈ যোৱাত প্ৰায় আধা ঘণ্টাৰ অন্তত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।
স্থানীয় নেতা জন লীয়ে কয় যে ২৭৯ গৰাকী লোকৰ কোনো সন্ধান নাই । অৱশ্যে পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে কয় যে তেওঁলোকে ইতিমধ্যে কিছুমানৰ সৈতে যোগাযোগ স্থাপন কৰিছে । এই অগ্নিকাণ্ডৰ পিছত ৯০০ৰো অধিক লোকে অস্থায়ী শিবিৰত আশ্ৰয় লৈছে বুলি তেওঁ উল্লেখ কৰে ।
অস্থায়ী শিবিৰৰ এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে কিমান লোক সন্ধানহীন, সেয়া এতিয়াও স্পষ্ট নহয় । কিয়নো বহু নিশালৈ পৰিয়ালৰ লোকে সন্ধানহীন লোকৰ তথ্য দিছে । ইফালে অট্টালিকাবোৰ যথেষ্ট ওখ হোৱাৰ বাবে উদ্ধাৰ অভিযানত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথা স্বীকাৰ কৰি অগ্নিনিৰ্বাপক বাহিনীয়ে ।
এই ঘটনাই সমগ্ৰ চীনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰপতি ঝি জিনপিঙে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । ক্ষতিগ্ৰস্ত পৰিয়াল আৰু আত্মীয়লৈ তেওঁ সহানুভূতি প্ৰকাশ কৰিছে । লগতে জুই নিৰ্বাপন কৰাৰ লগতে হতাহত আৰু লোকচানৰ পৰিমাণ হ্ৰাস কৰাৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে ।
বহু চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে । ভুক্তভোগী পৰিয়ালসমূহক চৰকাৰী সাহায্য প্ৰদানৰো দাবী জনাইছে বিভিন্নজনে ।
লগতে পঢ়ক :সন্দেহজনক পৰিস্থিতিত ইমৰাণ খানৰ মৃত্যু; স্পষ্ট কৰিলে ফেক্ট-চেক ইউনিটে

