লাইনচ্যুত হৈ দুখন ৰে'লৰ সংঘৰ্ষ; ৩৯ যাত্ৰীৰ মৃত্যু, বহু লোক আহত
দক্ষিণ স্পেইনত দেওবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা । ভুক্তভোগীৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে ।

Published : January 19, 2026 at 11:32 AM IST
|Updated : January 19, 2026 at 1:53 PM IST
বাৰ্চিলোনা (স্পেইন) : দক্ষিণ স্পেইনত শোকাৱহ ৰে'ল দুৰ্ঘটনা । লাইনচ্যুত হৈ এখন দ্ৰুতবেগী ৰে'লে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা ৰে'লত । ফলত প্ৰায় ৩৯ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু যাত্ৰী আহত হয় । দেশখনৰ পৰিবহণ মন্ত্ৰীয়ে এই কথা অৱগত কৰিছে । তেওঁ জনোৱা মতে দেওবাৰে দক্ষিণ স্পেইনৰ মালাগা আৰু মাদ্ৰিদৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা । প্ৰায় ৩০০ যাত্ৰীৰ সৈতে থকা দ্ৰুতবেগী ৰে'লখন কৰ্ডোবাৰ ওচৰত সন্ধিয়া প্ৰায় ৭:৪৫ বজাত দুৰ্ঘটনাত পতিত হয় । মাদ্ৰিদৰ পৰা দক্ষিণ স্পেইনৰ আন এখন চহৰ হুৱেলভালৈ গৈ থকা প্ৰায় ২০০ যাত্ৰী থকা আন এখন ৰে'লত খুন্দা মাৰে বুলি ৰে'ল অপাৰেটৰ এডিআইএফ-এ জনাইছে ।
স্পেইনৰ পৰিবহণ মন্ত্ৰী অস্কাৰ পুয়েণ্টে মাজনিশা এই দুৰ্ঘটনাৰ খবৰ দি মৃতকৰ সংখ্যা ২১ গৰাকী বুলি নিশ্চিত কৰিছে । আনহাতে তেওঁ কয় যে বাকী যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে । অৱশ্যে মন্ত্ৰীগৰাকীয়ে হতাহতৰ সংখ্যা বৃদ্ধি হ'ব পাৰে বুলিও আশংকা ব্যক্ত কৰিছে ।
পুয়েণ্টে কয় যে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই । তেওঁ এই দুৰ্ঘটনাক আচৰিত বুলি অভিহিত কৰে কাৰণ মে' মাহত মেৰামতি কৰা এক সমতল ৰে'ল লাইনত এই দুৰ্ঘটনা সংঘটিত হৈছে । তেওঁ লগতে কয় যে লাইনচ্যুত হোৱা ৰে'লখন ৪ বছৰতকৈও কম পুৰণি । সেই ৰে'লখন ব্যক্তিগত কোম্পানী ইৰিঅ'ৰ আছিল, আনহাতে আনখন ৰে'ল হৈছে ৰেনফে নামৰ স্পেইনৰ এক ৰাজহুৱা ৰে'ল কোম্পানীৰ ।
স্পেইনৰ সামৰিক জৰুৰীকালীন সাহায্য দলসমূহে অন্যান্য উদ্ধাৰকাৰী দলৰ সৈতে অভিযানত যোগ দিছে । স্বাস্থ্যসেৱাৰ বিষয়াসকলকো ৰেড ক্ৰছে সহায় আগবঢ়াইছে । ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে এক্সৰ এটা পোষ্টত কয় যে তেওঁ কৰ্ডোবাৰ পৰা অহা দুৰ্ভাগ্যজনক খবৰটো পাইছে । ইফালে এডিআইএফ-এ কয় যে দুৰ্ঘটনাৰ বাবে মাদ্ৰিদ আৰু আন্দালুছিয়াৰ চহৰসমূহৰ মাজত সোমবাৰে ৰে'ল সেৱা স্তব্ধ হৈ পৰে ।
লগতে পঢ়ক :ছিৰিয়াত আমেৰিকাৰ প্ৰতিশোধমূলক আক্ৰমণ; নিহত আল কায়দাৰ নেতা

