ETV Bharat / international

নৱবৰ্ষ উদযাপনৰ প্ৰাকক্ষণত সংঘটিত অগ্নিকাণ্ডত শতাধিকৰ মৃত্যুৰ আশংকা

লে কনষ্টেলেশ্যন বাৰ এণ্ড লাউঞ্জ নামৰ বাৰখনত সংঘটিত হৈছে এই শোকাবহ ঘটনা ৷

FIRE AT SWISS ALPINE RESORT BAR
ঘটনাস্থলী পৰিদৰ্শন আৰক্ষীৰ (AP)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 11:21 PM IST

3 Min Read
Choose ETV Bharat

ক্ৰেনছ-মণ্টানা(ছুইজাৰলেণ্ড): ছুইজাৰলেণ্ডৰ চুইছ আল্পছৰ ক্ৰেন্স-মণ্টানাৰ লে কনষ্টেলেশ্যন বাৰ এণ্ড লাউঞ্জত নৱবৰ্ষ উদযাপনৰ সময়তে সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ পৰৱৰ্তী সময়ত অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটো আৰক্ষী বিষয়াসকলে পৰিদৰ্শন কৰে ।

বৃহস্পতিবাৰে মাজনিশা ছুইজাৰলেণ্ডৰ আলপাইন ৰিজ’ৰ্টৰ এখন বাৰত নৱবৰ্ষলৈ মাথোঁ কেইটামান মুহূৰ্ত বাকী থকা অৱস্থাত সংঘটিত হয় এই বৃহৎ অগ্নিকাণ্ড । য’ত বহুলোকৰ মৃত্যু ঘটাৰ আশংকা কৰাৰ লগতে শতাধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা কৰা হৈছে ৷ ইয়াৰে অধিকাংশই গুৰুতৰভাৱে আহত বুলি আৰক্ষীয়ে সদৰি কৰিছে ।

ক্ৰেন্স-মণ্টানা নামৰ ৰিজ’ৰ্টখন স্কিইং আৰু গলফৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে বিখ্যাত ৷ নিশাটোৰ ভিতৰতে শতাধিক লোকে নৱবৰ্ষ উদযাপনৰ বাবে ভিৰ কৰা লে কনষ্টেলেশ্যন নামৰ বাৰখন কিছু মুহূৰ্তৰ ভিতৰতে পৰ্যবসিত হয় ছুইজাৰলেণ্ডৰ অন্যতম ভয়াৱহ অগ্নিকাণ্ডস্থলীলৈ ৷

ভেলেইছ কেণ্টনৰ শীৰ্ষ আৰক্ষী বিষয়া ফ্ৰেড্ৰিখ গেইছলাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে বাৰখনত থকা কেইবা শতাধিক লোকৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে ।

গেইছলাৰে কয় যে ভুক্তভোগীসকলক চিনাক্ত কৰি তেওঁলোকৰ পৰিয়ালক খবৰ দিয়াৰ কাম অব্যাহত আছে ৷ কিন্তু এইখিনি কৰিবলৈ সময় লাগিব আৰু কিমান সংখ্যক লোকে এই ঘটনাত প্ৰাণ হেৰুৱালে তাৰ সঠিক হিচাপ এতিয়াই ক’ব পৰা নাযাব ৷

ভেলেছ কেণ্টনৰ এটৰ্নী জেনেৰেল বিট্ৰিছ পিল’ডে কয় যে উদ্ধাৰকাৰীসকলে এতিয়াও ধ্বংসস্তুপত প্ৰৱেশ কৰিব পৰা নাই ৷ যাৰ বাবে অগ্নিকাণ্ডৰ কাৰণ নিৰ্ণয় কৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই ৷

পিল’ডে কয়, ‘‘কোনো সময়তে কোনো ধৰণৰ আক্ৰমণৰ প্ৰশ্নই উত্থাপন নহয় ।’’

এটি সুন্দৰ সন্ধিয়া শোকস্থলীলৈ পৰিণত

বিষয়াসকলে জনোৱা মতে, হেলিকপ্টাৰ আৰু এম্বুলেন্সৰ সহায়ত অতি ক্ষিপ্ততাৰে উদ্ধাৰ অভিযান চলোৱা হৈছে ৷

ফ্ৰান্সৰ সম্প্ৰচাৰক বি এফ এম টিভিক জনোৱা মতে, দুগৰাকী মহিলাই ভিতৰত থকাৰ সময়তে বাৰখনৰ এজন কৰ্মচাৰীৰ কান্ধত এগৰাকী বাৰখনত কাম কৰা যুৱতী আছিলে ৷ দুয়োগৰাকীয়ে নৃত্য কৰি থকা অৱস্থাত যুৱতীগৰাকীয়ে হাতত লৈ ফুৰা বটলটোত জ্বলি থকা চাকিটোৰ পৰাই জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

আন এজন প্ৰত্যক্ষদৰ্শীয়ে বি এফ এম টিভিৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘‘তাত উপস্থিত থকা লোকসকলে অগ্নিকাণ্ডৰ পৰা হাত সাৰিবলৈ খিৰিকী ভাঙি পলায়ন কৰে, যাৰ ফলত তেওঁলোক গুৰুতৰভাৱে আহত হয় । আতংকিত অভিভাৱকসকলেও নিজৰ সন্তান তাত উপস্থিত আছে নেকি, সেয়া চাবলৈ বাৰৰ ভিতৰলৈ আহে ৷’’ তেওঁ লগতে কয় যে প্ৰায় বিশগৰাকী মানুহে বাৰৰ ভিতৰৰ পৰা বাহিৰলৈ দৌৰি প্ৰাণৰক্ষা কৰে ৷

তদন্তকাৰী বিষয়াসকলে গেছ লিক হৈ অগ্নিকাণ্ডটো অধিক ভয়াবহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷

ভেলাইছ কেণ্টনৰ স্থানীয় প্ৰশাসনৰ মুৰব্বী মাথিয়াছ ৰেনাৰ্ডে কয়, ‘‘এই সন্ধিয়াটো উদযাপন আৰু সংহতিৰ মুহূৰ্ত হ’ব লাগিছিল যদিও ই এক দুঃস্বপ্নলৈ পৰিণত হ’ল ।’’

ৰেনাৰ্ডে লগতে কয় যে আহতৰ সংখ্যা ইমানেই বেছি আছিল যে স্থানীয় চিকিৎসালয়খনৰ আই চি ইউ আৰু অপাৰেশ্যন থিয়েটাৰ এনে লোকেৰে ভৰি পৰিছিল ৷

উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ ছিয়েৰৰ পৰা ৫ কিলোমিটাৰ (৩ মাইল)তকৈও কম দূৰত্বত অৱস্থিত ক্ৰেনছ-মণ্টানাত ২০১২ চনত বেলজিয়ামৰ পৰা অহা এখন বাছ ছুইজাৰলেণ্ডৰ এটা সুৰংগত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাটাও শিশুকে ধৰি ২৮ জন লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক