আকাশতে মুখামুখি সংঘৰ্ষ, ধ্বংস দুখনকৈ যুদ্ধ বিমান
নৌসেনাৰ ইএ১৮-জি গ্ৰ’লাৰ ধ্বংস হোৱাৰ দৃশ্য সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷

Published : May 18, 2026 at 12:02 PM IST
বয়ছ : লোকাৰণ্য খেলপথাৰ ৷ কিয়নো সকলো আহিছে এয়াৰ শ্ব’ চাবলৈ ৷ কিন্তু এয়া কি... হঠাতে সংঘটিত হ’ল অঘটন ৷ মাজ আকাশতে দুখন যুদ্ধ বিমানৰ মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস হয় দুখন যুদ্ধ বিমান ৷
অৱশ্যে এই দুয়োখন যুদ্ধ বিমানৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় চাৰিগৰাকী বিমানত থকা সদস্য ৷ লোকচক্ষুৰ সমুখতে যুদ্ধ বিমান ধ্বংস হোৱাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে ৷
2 US Navy jets collide midair during Idaho air show; All 4 crew members eject safely
— ANI Digital (@ani_digital) May 18, 2026
Read @ANI Story | https://t.co/WcwaxV3zju #NavyJetsCollision #CrewMembers #Safe #MidAirCollision pic.twitter.com/2yNtPaf60k
আচলতে, পশ্চিম আইডাহ’ৰ মাউণ্টেন হোম বায়ুসেনা ঘাটিত দেওবাৰে এয়াৰ শ্ব’ৰ আয়োজন কৰা হয় ৷ এই এয়াৰ শ্ব’ৰ সময়তে দুখন যুদ্ধ বিমানৰ সংঘৰ্ষ হয় যদিও বিমানকেইখনত থকা চাৰিওজন বিমান সদস্যই নিৰাপদে বাহিৰলৈ আহিবলৈ সক্ষম হয় ৷ এই তথ্য সদৰী কৰিছে বিভাগীয় বিষয়াসকলে ।
🇺🇸 Two planes collide at Idaho air show; 4 crew ejectpic.twitter.com/90j3wBmRKb
— U.S.A.I. 🇺🇸 (@researchUSAI) May 18, 2026
আমেৰিকাৰ পেছিফিক ফ্লীটৰ বায়ুসেনাৰ মুখপাত্ৰ কমাণ্ডাৰ আমেলিয়া উমায়ামে কয়, ‘‘ৱাশ্বিংটনৰ হুইডবে দ্বীপত ইলেক্ট্ৰনিক এটেক স্কোয়াড্ৰন ১২৯ৰ পৰা আমেৰিকাৰ নৌসেনাৰ ইএ১৮-জি গ্ৰ’লাৰ দুখনে এয়াৰ শ্ব’ প্ৰদৰ্শন কৰি থকাৰ সময়তে এই সংঘৰ্ষত লিপ্ত হয় ৷’’
উমায়ামে জানিবলৈ দিয়া মতে, উক্ত দুৰ্ঘটনাটোৰ তদন্ত চলি আছে । বেছৰ বিষয়াসকলে জনোৱা মতে, ক্ৰু সদস্যসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ । আন কোনো লোক আহত হোৱাৰ খবৰ লাভ কৰা নাই । আনহাতে, এয়াৰ শ্ব’ অনুষ্ঠানটোৰ পৰিকল্পনাত সহায় কৰা আইডাহ’ৰ ছিলভাৰ উইংছৰ বিপণন সঞ্চালক কিম চাইকেছে কয়, “সকলোৱে নিৰাপদ আৰু মই ভাবো যে সেইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ।’’
ধ্বংসপ্ৰাপ্ত বিমান
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে বিমান ঘাটিটোত লকডাউন ঘোষণা কৰা হয় । আনকি বাকী থকা এয়াৰ শ্ব’ও বাতিল কৰা হয় । এয়াৰ শ্ব’ চাবলৈ অহা লোকসকলৰ কেমেৰাত ইতিমধ্যে বন্দী হোৱা ভিডিঅ’ দৃশ্যাংশৰ পৰা এইটো অনুমান কৰিব পাৰি যে বয়ছৰ পৰা প্ৰায় ৫০ মাইল (৮০ কিলোমিটাৰ) দক্ষিণে থকা এটা ঘাটিৰ ওচৰত বিমানকেইখন পৰি যায় আৰু যুদ্ধ বিমানকেইখনৰ পৰা চাৰিটা পেৰাচুট খোল খায় ।
ইএ-১৮জি গ্ৰ’লাৰ হৈছে অত্যাধুনিক ইলেক্ট্ৰনিক যুদ্ধ ব্যৱস্থাৰ এখন এফ/এ-১৮ ছুপাৰ হৰ্নেট যুঁজাৰু বিমান । আয়োজকসকলে কয় যে এই প্ৰদৰ্শনীখন - য’ত আকাশত প্ৰদৰ্শন আৰু পেৰাচুট জাম্প অন্তৰ্ভুক্ত কৰা হৈছে ৷

