ETV Bharat / international

ছাৰ্কৰ আৱেগ জীয়াই আছে: জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত দক্ষিণ এছিয়াই বাংলাদেশৰ শোকৰ সমভাগী হোৱা সন্দৰ্ভত ইউনুছ

মুখ্য উপদেষ্টাৰ কাৰ্যালয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ প্ৰতি ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে দেখুওৱা সন্মানত ইউনুছ 'গভীৰভাৱে আপ্লুত' হৈছে ।

YUNUS ON SAARC
মহম্মদ ইউনুছ ফাইল ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 9:51 AM IST

3 Min Read
Choose ETV Bharat

ঢাকা : বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বৃহস্পতিবাৰে কয় যে 'ছাৰ্কৰ আৱেগ জীয়াই আছে' । দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি দেশখনৰ 'দুখ আৰু বেদনা'ৰ সমভাগী হোৱা বুলি উল্লেখ কৰি তেওঁ এই মন্তব্য কৰে । উল্লেখ্য যে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰকে ধৰি সমগ্ৰ দক্ষিণ এছিয়াৰ শীৰ্ষ নেতাসকলে বুধবাৰে ঢাকাত বেগম খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে ।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত মুখ্য উপদেষ্টা কাৰ্যালয়ে কয় যে তিনিবাৰৰ প্ৰধানমন্ত্ৰী তথা বিশ্বৰ দ্বিতীয়গৰাকী মহিলা মুছলমান চৰকাৰৰ মুৰব্বীগৰাকীৰ প্ৰতি ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে দেখুওৱা সন্মানে ইউনুছক 'গভীৰভাৱে আপ্লুত' কৰিছে । দক্ষিণ এছিয়াৰ ভ্ৰমণকাৰী নেতাসকলৰ সৈতে অনুষ্ঠিত বৈঠকৰ সময়ত ইউনুছে বাৰে বাৰে 'ছাউথ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেচন' (South Asian Association for Regional Cooperation, SAARC)ক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলিও কোৱা হৈছে ।

মালদ্বীপৰ উচ্চ শিক্ষা, শ্ৰম আৰু দক্ষতা বিকাশ মন্ত্ৰী আলী হাইদৰ আহমেদৰ সৈতে অনুষ্ঠিত বৈঠকত তেওঁ কয়, "কালি অন্ত্যেষ্টিক্ৰিয়াত আমি ছাৰ্কৰ প্ৰকৃত মনোভাবৰ সাক্ষী হৈছিলোঁ । ছাৰ্কৰ আৱেগ এতিয়াও জীয়াই আছে ।" আনহাতে, শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথৰ সৈতে অনুষ্ঠিত বৈঠকৰ সময়ত ইউনুছে কয় যে বুধবাৰে দেখা গ'ল যে ছাৰ্ক 'কাৰ্যকৰী' হৈ আছে ।

তেওঁ হেৰাথক কয়, "আমি একেলগে আমাৰ দুখ আৰু বেদনাৰ সমভাগী লৈছিলোঁ ।" উল্লেখ্য যে এই আঞ্চলিক গোটটোত আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা আছে । আনহাতে, নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সমান্তৰালকৈ ছাৰ্কৰ নেতাসকলৰ অনানুষ্ঠানিক সমাবেশ আহ্বান কৰাৰ প্ৰচেষ্টাও ইউনুছে স্মৰণ কৰে ।

দক্ষিণ এছিয়াৰ প্ৰায় দুই বিলিয়ন লোকৰ বাবে ছাৰ্কক এক অৰ্থপূৰ্ণ মঞ্চ হিচাপে পুনৰুজ্জীৱিত কৰা হ’ব বুলি আশা প্ৰকাশ কৰি তেওঁ কয়, "মই মাত্ৰ পাঁচ মিনিটৰ বাবে হ’লেও ছাৰ্কৰ নেতাসকলৰ মাজত এক প্ৰীতি সন্মিলন অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ ।" উল্লেখ্য যে ২০১৬ চনৰ পৰা ছাৰ্ক বহুলাংশে নিষ্ক্ৰিয় হৈ আছে । ২০১৪ চনত কাঠমাণ্ডুত অনুষ্ঠিত অন্তিমখন শীৰ্ষ সন্মিলনৰ পিছত দ্বিবাৰ্ষিক শীৰ্ষ সন্মিলন স্থবিৰ হৈ পৰিছে ।

২০১৬ চনত ছাৰ্ক সন্মিলন ইছলামাবাদত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু সেই বছৰৰ ১৮ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰৰ উৰিত থকা ভাৰতীয় সেনাৰ শিবিৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে 'সাম্প্ৰতিক পৰিস্থিতি'ৰ বাবে শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব নোৱৰাৰ কথা প্ৰকাশ কৰে । বাংলাদেশ, ভূটান আৰু আফগানিস্তানেও ইছলামাবাদৰ বৈঠকত অংশ ল’বলৈ অস্বীকাৰ কৰাৰ পিছতে এই সন্মিলন বাতিল কৰা হয় ।

পাকিস্তানে ব্লকৰ অন্যান্য সদস্যৰ বিৰুদ্ধেও বিভিন্ন ধৰণে সন্ত্ৰাসবাদী 'উপাদান' ব্যৱহাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ কোনো তাৎক্ষণিক সম্ভাৱনা নুই কৰিছিল । জয়শংকৰ, হেৰাথ আৰু আহমেদৰ উপৰি পাকিস্তান ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিক আৰু নেপালৰ বৈদেশিক মন্ত্ৰী বালা নন্দ শৰ্মায়ো দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে ঢাকাত মৃত্যু হোৱা খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ।

লগতে পঢ়ক :সম্পৰ্কৰ অৱনতি স্বত্বেও জিয়াৰ অন্ত্যেষ্টিক্ৰিয়ালৈ জয়শংকৰৰ ঢাকা ভ্ৰমণৰ গুৰুত্ব
লগতে পঢ়ক :বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু