ইউক্ৰেইনৰ ওপৰত পুনৰ ৰাছিয়াৰ আক্ৰমণ; চাৰিজন নিহত, কেইবাজনো আহত
ৰাছিয়াই ২৪২ ড্ৰ’ণ, ১৩ বেলিষ্টিক মিছাইল, ২২ ক্ৰুজ মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ দাবী জেলেনস্কিৰ

By ANI
Published : January 9, 2026 at 5:37 PM IST
কিয়ভ (ইউক্ৰেইন) : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে শুকুৰবাৰে দাবী কৰে যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত নিশাটোৰ ভিতৰতে এক বৃহৎ আকাশী আক্ৰমণ চলায় । এই আক্ৰমণত ২৪২টা ড্ৰ’ণ, ১৩টা বেলিষ্টিক মিছাইল আৰু ২২টা ক্ৰুজ মিছাইল নিক্ষেপ কৰা হয় । আক্ৰমণত কমেও চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।
এটা X পোষ্টত জেলেনস্কিয়ে কয় যে এই আক্ৰমণত কিয়ভ আৰু দেশৰ আন কেইবাটাও অঞ্চলক তীব্ৰভাৱে লক্ষ্য কৰি লোৱা হৈছিল । প্ৰচণ্ড শীতৰ সময়ছোৱাত অসামৰিক আন্তঃগাঁথনি আৰু শক্তিৰ কেন্দ্ৰসমূহৰ ক্ষতিসাধন হৈছে ।
উল্লেখ্য যে বিগত চাৰি বছৰ ধৰি পূব ইউৰোপত এই যুদ্ধ চলি আছে । তেওঁ লগতে এই কথাও নিশ্চিত কৰে যে কেৱল ৰাজধানীতে এগৰাকী এম্বুলেন্স কৰ্মীকে ধৰি চাৰিজন লোকৰ মৃত্যু হৈছে ।
"কিয়ভ আৰু সমগ্ৰ অঞ্চলটোত ৰাছিয়াৰ বৃহৎ আক্ৰমণৰ পৰৱৰ্তী পৰিস্থিতিৰ সৈতে এতিয়াও মোকাবিলা কৰি থকা হৈছে । সকলো প্ৰয়োজনীয় সেৱা নিয়োগ কৰা হৈছে । বিছটা আৱাসিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে ।" লিভ অঞ্চলৰ লগতে দেশৰ অন্য প্ৰান্ততো পুনৰুদ্ধাৰ অভিযান চলি থকাৰ কথা উল্লেখ কৰি জেলেনস্কিয়ে কয় ।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে এই আক্ৰমণত আন কেইবাজনো লোক আহত হৈছে । এই আক্ৰমণত ৰাছিয়াই এটা আৱাসিক অট্টালিকাত দ্বিতীয়বাৰৰ বাবে আক্ৰমণ চলায় । প্ৰাৰম্ভিক আক্ৰমণৰ পিছত সাহায্যকাৰী দলে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ সময়তে এই অট্টালিকাক পুনৰ লক্ষ্য কৰি লোৱা হয় ।
"দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে জানিব পৰা মতে, কেৱল ৰাজধানীতে চাৰিজন লোকৰ মৃত্যু হৈছে । ইয়াৰে ভিতৰত এজন এম্বুলেন্সৰ ক্ৰুও আছে । তেওঁলোকৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ । কেইবাজনো লোক আহত হৈছে । ইয়াৰ উপৰি এটা আৱাসিক অট্টালিকাত দ্বিতীয়বাৰৰ বাবে আক্ৰমণ সংঘটিত হৈছিল- ঠিক সেই মুহূৰ্তত, যেতিয়া প্ৰথম আক্ৰমণৰ পিছত সাহায্যকাৰী দলে তাত সহায় আগবঢ়াই আছিল ।" পোষ্টটোত জেলেনস্কিয়ে উল্লেখ কৰে ।
আক্ৰমণৰ সবিশেষ প্ৰদান কৰি জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই ২৪২ টা ড্ৰ’ণ, ১৩টা বেলিষ্টিক মিছাইল শক্তিকেন্দ্ৰ আৰু অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি নিক্ষেপ কৰে । ইয়াৰ উপৰি এটা অৰেশ্বনিক মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল আৰু ২২টা ক্ৰুজ মিছাইলো নিক্ষেপ কৰে ।
তেওঁ কয় যে অভূতপূৰ্ব ঠাণ্ডাৰ সময়তো চলোৱা এই আক্ৰমণৰ সময়ে দেখুৱাইছে যে ইয়াক ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিকৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাবলৈ কৰা হৈছিল ।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "এই আক্ৰমণ ঠিক সেই সময়ত সংঘটিত হৈছিল, যেতিয়া তীব্ৰ ঠাণ্ডাৰ সময় চলি আছে । সাধাৰণ মানুহৰ স্বাভাৱিক জীৱন-যাত্ৰাক পোনপটীয়াকৈ লক্ষ্য কৰি লৈছে । বৰ্তমান জনসাধাৰণৰ বাবে উষ্ণতা আৰু বিদ্যুৎ যোগান পুনৰুদ্ধাৰৰ বাবে সম্ভৱপৰ সকলো কাম কৰা হৈছে ।"
জেলেনস্কিয়ে লগতে প্ৰকাশ কৰে যে আক্ৰমণৰ সময়ত ইউক্ৰেইনত থকা কাটাৰৰ দূতাবাসৰ এটা অট্টালিকাও ৰাছিয়াৰ ড্ৰ’ণে ক্ষতিগ্ৰস্ত কৰে । তেওঁ এইটো কথাও উল্লেখ কৰে যে যুদ্ধবন্দী আৰু সাধাৰণ নাগৰিকৰ মুক্তি নিশ্চিত কৰাৰ বাবে ৰাছিয়াৰ সৈতে মধ্যস্থতা কৰি কাটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
জেলেনস্কিয়ে কয়, "বিশ্বৰ তৰফৰ পৰা স্পষ্ট প্ৰতিক্ৰিয়াৰ প্ৰয়োজন । বিশেষকৈ আমেৰিকাৰ পৰা, যাৰ সংকেতৰ প্ৰতি ৰাছিয়াই বাস্তৱিকতে মনোযোগ দিয়ে ।" তেওঁ এই কথাটো গুৰুত্ব দিয়ে যে ৰাছিয়াই প্ৰতিবাৰে কূটনীতিৰ সলনি 'হত্যা আৰু বুনিয়াদী আন্তঃগাঁথনি ধ্বংস' কৰিবলৈ বিচাৰি লোৱাৰ পৰিণাম ভুগিব লাগিব ।
তেওঁ কয় যে এই শেহতীয়া আক্ৰমণ ইউক্ৰেইনৰ অংশীদাৰসকলৰ বাবে এক 'স্পষ্ট সতৰ্কবাণী' যে ইউক্ৰেইনৰ আকাশী প্ৰতিৰক্ষা শক্তিশালী কৰাটো স্থায়ী অগ্ৰাধিকাৰ হৈয়ে আছে । তেওঁ লগতে কয় আৱণ্টন, উৎপাদন বা চুক্তিত উপনীত হোৱাত বিলম্ব নকৰিবলৈও আহ্বান জনায় । জেলেনস্কিয়ে লগতে কয় যে ইউক্ৰেইনে সকলো স্তৰৰ অংশীদাৰসকলক এই আক্ৰমণ আৰু প্ৰয়োজনীয় সঁহাৰিৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰিব ।
জেলেনস্কিয়ে শেষত কয়, "আজি আমি সকলো স্তৰৰ অংশীদাৰসকলক কি হৈছে আৰু আমাক কি সঁহাৰিৰ ব্যৱস্থাৰ প্ৰয়োজন সেই বিষয়ে অৱগত কৰিম ।"

