শান্তিচুক্তি নাকচৰ পিছতে ইউক্ৰেইনত মিছাইলেৰে আক্ৰমণ ৰাছিয়াৰ
ৰাষ্ট্ৰপতি পুটিনৰ বাসগৃহত হোৱা ড্ৰোণ আক্ৰমণৰ প্ৰত্যুত্তৰত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশাটোৰ ভিতৰতে কৌশলগত লক্ষ্যৰ বিৰুদ্ধে অৰেশ্বনিক ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে ।

Published : January 9, 2026 at 6:07 PM IST
কিয়েভ(ৰাছিয়া): যুদ্ধৰ পিছৰ শেহতীয়া শান্তিৰক্ষা পৰিকল্পনা নাকচ কৰাৰ পিছত ইউক্ৰেইনত আক্ৰমণ চলাই ৰাছিয়াই নিশাটোৰ ভিতৰতে নিজৰ হাইপাৰছ’নিক অৰেশ্বনিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে । এই আক্ৰমণৰ ফলত ৰাজধানী কিয়েভৰ এপাৰ্টমেণ্ট ব্লকত সংঘটিত অগ্নিকাণ্ডত কমেও চাৰিজন লোকৰ মৃত্যু ঘটে ৷
চাৰি বছৰীয়া বৰ্ষপূৰ্তিৰ দিন কাষ চপাৰ লগে লগে যুদ্ধৰ অন্ত পেলাবলৈ সকলো প্ৰচেষ্টা চলাই থকা ইউক্ৰেইন আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰ দেশসমূহে এই সপ্তাহত এই কথাত সন্মত হৈছে যে যিকোনো যুদ্ধবিৰতিৰ পিছত ইউৰোপে সৈন্য নিয়োগ কৰিব ।
কিন্তু ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত নাটোৰ প্ৰতিৰক্ষা চুক্তিৰ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ আংশিকভাৱে আক্ৰমণ আৰম্ভ কৰা বুলি কোৱা মস্কোৱে ইউক্ৰেইনত কোনো পশ্চিমীয়া বাহিনী নিয়োজিত হোৱাৰ ধাৰণাটো বাৰে বাৰে নাকচ কৰি আহিছে ।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই বৃহস্পতিবাৰে সকীয়াই দি ইউক্ৰেইন আৰু ইয়াৰ আমেৰিকান আৰু ইউৰোপীয় মিত্ৰ দেশসমূহক “যুদ্ধৰ অক্ষ” বুলি অভিহিত কৰি কয় যে এনে সৈন্যক “বৈধ সামৰিক লক্ষ্য” বুলি গণ্য কৰা হ’ব ।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ মাৰাত্মক সংঘাতত কূটনীতিবিদসকলে অগ্ৰগতি লাভৰ বাবে যুঁজি থকাৰ সময়তে ৰাছিয়াই দৈনিক ইউক্ৰেইনত বোমাবৰ্ষণ কৰি আছে ।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৰেশ্বনিক হাইপাৰছ’নিক মিছাইলটো নিশাটোৰ ভিতৰতে “কৌশলগত লক্ষ্য”ৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বুলি সদৰী কৰে ৷ সমান্তৰালকৈ বিগত ডিচেম্বৰ মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাসগৃহত হোৱা ড্ৰোণ আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ চলোৱা বুলিও কয় ৷ ইউক্ৰেইনে সেই আক্ৰমণৰ আঁৰত থকাটো অস্বীকাৰ কৰিছে ।
মস্কোৱে এই আক্ৰমণৰ আন কোনো সবিশেষ জনোৱা নাই যদিও ইউক্ৰেইনে কয় যে পশ্চিম চহৰ লভিভৰ ওচৰত হাইপাৰছ’নিক গতিৰে যাত্ৰা কৰা বেলিষ্টিক মিছাইলৰ দ্বাৰা এটা “আন্তঃগাঁথনিৰ সুবিধা” আঘাত কৰা হৈছে ।
কিয়েভত হোৱা ড্ৰোণ আক্ৰমণত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে জৰুৰীকালীন উদ্ধাৰ কৰ্মীকে ধৰি কমেও ২৪ জন আহত হয় বুলি আৰক্ষীয়ে জনায় । চহৰখনৰ আৱাসিক এলেকাত দ্বিতীয়বাৰৰ বাবে হোৱা এই আক্ৰমণত নিহত হয় এজন চিকিৎসক ।
মেয়ৰ ভিটালি ক্লিচ্কোৱে “শত্ৰুৰ বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ” বুলি অভিহিত কৰা সময়ত একাংশ এলেকা আন্ধাৰত ডুব যায় । সীমান্তৰ সিপাৰে ৰাছিয়াৰ বেলগ’ৰডত গৱৰ্ণৰগৰাকীয়ে কয় যে ইউক্ৰেইনৰ আক্ৰমণত অঞ্চলটোৰ বিদ্যুৎ যোগান ব্যাহত হোৱাত ডেৰ লাখতকৈ অধিক লোক এন্ধাৰত ডুব যায় ৷
ভিয়াচেছলাভ গ্লাডকোভে কয় যে প্ৰায় ২ লাখ লোক পানী যোগানৰ পৰা বঞ্চিত হৈছে । ৰাছিয়াৰ বোমাৰু বিমানে উৰা মাৰিছে বুলি নিশ্চিত হোৱাৰ পিছত শুকুৰবাৰে পুৱা ইউক্ৰেইনৰ সেনাই সমগ্ৰ দেশখনক ক্ষেপণাস্ত্ৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, পশ্চিম চহৰ লভিভত প্ৰতি ঘণ্টাত প্ৰায় ১৩ হাজাৰ কিলোমিটাৰ (৮ হাজাৰ মাইল) বেগত যাত্ৰা কৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰই মাজনিশাৰ ঠিক পূৰ্বে “আন্তঃগাঁথনিৰ সুবিধা”ত আঘাত হানে ।
আঞ্চলিক সামৰিক প্ৰশাসনে পিছত কয় যে বিকিৰণৰ মাত্ৰা স্বাভাৱিক পৰিসৰৰ ভিতৰত আছে । ২০২৪ চনৰ শেষৰফালে ৰাছিয়াই গতানুগতিক ৱাৰহেড থকা অৰেশ্বনিক এখন ব্যৱহাৰ কৰি মধ্য ইউক্ৰেইনৰ ড্নিপ্ৰ’ চহৰত আক্ৰমণ চলাইছিল ।
যিকোনো চুক্তিৰ পৰা যথেষ্ট দূৰৈত
ৰাছিয়াৰ শেহতীয়া আক্ৰমণৰ পিছতে বৃহস্পতিবাৰে কিয়েভত থকা আমেৰিকাৰ দূতাবাসে আগন্তুক কেইদিনমানৰ ভিতৰত যিকোনো সময়তে এক বৃহৎ বিমান আক্ৰমণ হোৱাৰ সম্ভাৱনা জাৰি কৰি সতৰ্কতাবাণী প্ৰদান কৰে ।
ড্নিপ্ৰ’পেট্ৰ’ভস্ক আৰু জাপ’ৰিজিয়া অঞ্চলৰ শক্তিৰ সুবিধাসমূহক লক্ষ্য কৰি আক্ৰমণৰ পিছত ইউক্ৰেইনে এতিয়াও লাখ লাখ ঘৰলৈ গৰম আৰু পানী যোগান পুনৰ স্থাপনৰ বাবে সংগ্ৰাম কৰি আছিল । ড্নিপ্ৰ’পেট্ৰ’ভস্কৰ ৰাজধানী ড্নিপ্ৰ’ৰ মেয়ৰ বৰিছ ফিলাটভে কয় যে এই শীতৰ সময়তো বহু পৰিয়াল বিদ্যুৎবিহীন হৈ পৰিছিল ৷
জেলেনস্কিয়ে আমেৰিকাৰ নিৰাপত্তাৰ নিশ্চয়তাৰ বাবে কিয়েভ আৰু ৱাশ্বিংটনৰ মাজত হোৱা চুক্তিখন চূড়ান্ত কৰিবলৈ সাজু বুলি কোৱাৰ বিপৰীতে জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে স্বীকাৰ কৰিছে যে ৰাছিয়াৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধবিৰতি চুক্তি এতিয়াও যথেষ্ট দূৰৈত ।
ইউৰোপীয় নেতা আৰু আমেৰিকাৰ দূতে ইউক্ৰেইনৰ বাবে যুদ্ধৰ পিছৰ নিশ্চয়তাত আমেৰিকাৰ নেতৃত্বত নিৰীক্ষণ ব্যৱস্থা আৰু বহুজাতিক বাহিনী অন্তৰ্ভুক্ত হ’ব বুলি এই সপ্তাহত ঘোষণা কৰাৰ পিছত মস্কোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পেৰিছ শীৰ্ষ সন্মিলনৰ পিছত প্ৰথম প্ৰতিক্ৰিয়াত ৰাছিয়াই এই পৰিকল্পনাক “বিপজ্জনক” আৰু “ধ্বংসাত্মক” বুলি অভিহিত কৰে । যাৰ ফলত মূল আঞ্চলিক বিষয়সমূহো সমাধান নোহোৱা যেন লাগে ।
ইউক্ৰেইনৰ প্ৰায় ২০ শতাংশ দখল কৰা ৰাছিয়াই যিকোনো চুক্তিৰ অংশ হিচাপে ডনবাছ অঞ্চলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ দাবী জনাইছে, যিটো কিয়েভে নাকচ কৰে । ৰাছিয়াৰ বাহিনীয়ে বৃহস্পতিবাৰে ড্নিপ্ৰ’পেট্ৰ’ভস্ক অঞ্চলৰ আন এখন গাঁও দখল কৰা বুলি দাবী কৰে, কাৰণ তেওঁলোকৰ লাহে লাহে অগ্ৰগতি অব্যাহত আছে ৷
লগতে পঢ়ক: চৰকাৰবিৰোধী প্ৰতিবাদত ইৰাণত উত্তেজনা তুংগত: দেশজুৰি স্তব্ধ টেলিফোন-ইণ্টাৰনেট সেৱা

