নিউয়ৰ্কৰ অনুষ্ঠানত মোহন ভাগৱত : মেডিচন স্কোৱেৰ গাৰ্ডেনত ভাষণ প্ৰদান কৰিব আৰএছএছৰ মুৰব্বীয়ে
স্থানীয় সময়মতে, দিনৰ ২ বজাৰ পৰা (ভাৰতৰ সময় অনুসৰি নিশা ১১:৩০ বজাত) আৰম্ভ হ’ব এই অনুষ্ঠানটো ।

Published : August 29, 2026 at 4:22 PM IST
নতুন দিল্লী: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী মোহন ভাগৱতে শনিবাৰে নিউয়ৰ্কৰ মেডিচন স্কোৱেৰ গাৰ্ডেনত ভাষণ প্ৰদান কৰিব । ‘ইউনিভাৰ্চেল ৱাননেছ’ শীৰ্ষক এক অনুষ্ঠানত আৰএছএছ মুৰব্বীগৰাকীয়ে অংশগ্ৰহণ কৰিব । এই অনুষ্ঠানটোত আমেৰিকাৰ ৩৯খন ৰাজ্যৰ ৫ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে ।
স্থানীয় সময়মতে, দিনৰ ২ বজাৰ পৰা (ভাৰতৰ সময় অনুসৰি নিশা ১১:৩০ বজাত) আৰম্ভ হ’বলগীয়া এই সমাৱেশত ৮৫খন চহৰৰ লোকক একত্ৰিত কৰা হ’ব বুলি অনুষ্ঠানটোৰ মুখপাত্ৰ প্ৰিয়া সামন্তে কয় । তদুপৰি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰা মতে, এই কাৰ্যসূচীৰ বাবে ২০০ৰো অধিক সংগঠনে অংশীদাৰিত্ব কৰিছে ।
#WATCH | RSS Sarsanghchalak Mohan Bhagwat paid a visit to the ISKCON temple in New York during his US trip. As part of the visit, he also took part in a food distribution initiative aimed at helping homeless people in the city. pic.twitter.com/TsIg8HXcAT
— ANI (@ANI) August 28, 2026
এই সন্দৰ্ভত মুখপাত্ৰ সামন্তে কয়, "অনুষ্ঠানটো ভাৰতীয় দৰ্শন ‘বসুধৈৱ কুটুম্বকম’ (পৃথিৱী এক পৰিয়াল)ৰ উদযাপন । আমি সকলোৱে শান্তি-সম্প্ৰীতিৰে জীয়াই থাকিব পাৰো যদিও আমাৰ পাৰ্থক্য আছে ।"এই কাৰ্যসূচী সাংস্কৃতিক আৰু আধ্যাত্মিক উপাদানৰ সৈতে আন্তঃধৰ্মীয় সমাৱেশ হ’ব বুলিও মুখপাত্ৰগৰাকীয়ে কয় ।
আৰএছএছৰ মুৰব্বীগৰাকীয়ে আমেৰিকা, কানাডা আৰু যুক্তৰাজ্য ভ্ৰমণৰ বাবে উপস্থিত হৈছে । এই তিনিওখন দেশৰ ভ্ৰমণৰ অংশ হিচাপে মঙলবাৰে আৰএছএছৰ মুৰব্বীগৰাকী নিউয়ৰ্কত উপস্থিত হয় । উল্লেখ্য যে শনিবাৰৰ অনুষ্ঠানটো আৰএছএছৰ শতবাৰ্ষিক কাৰ্যসূচীৰ অংশৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে ।
#WATCH | RSS Sarsanghchalak Mohan Bhagwat paid a visit to the ISKCON temple in New York during his US trip. As part of the visit, he also took part in a food distribution initiative aimed at helping homeless people in the city. pic.twitter.com/TsIg8HXcAT
— ANI (@ANI) August 28, 2026
মুখপাত্ৰগৰাকীয়ে কয় যে এই কাৰ্যসূচীত ভাৰতীয়-আমেৰিকান যুৱক-যুৱতীসকলে বাদ্যযন্ত্ৰ অবিহনে সংগীত পৰিৱেশন কৰিব । এই অনুষ্ঠানটোৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াই বিশেষ সঁহাৰি লাভ কৰা বুলি উল্লেখ কৰি তেওঁ কয়, "এই অনুষ্ঠানত উপস্থিত থাকিবলৈ কৰা বহতো অনুৰোধ পাইছো । এতিয়া এই প্ৰক্ৰিয়া বন্ধ হৈছে । ব্যক্তিগতভাৱে উপস্থিত থাকিব নোৱাৰাসকলে অনলাইনযোগে অনুষ্ঠানটো উপভোগ কৰিব পাৰিব ।"
#WATCH | US: RSS Sarsanghchalak Mohan Bhagwat today paid a visit to 26 2nd Avenue in New York City, where Swami Prabhupada founded the first ISKCON Temple. As part of the visit, he also took part in a food distribution initiative aimed at helping homeless people in the city.… pic.twitter.com/3zWTZvyrmt
— ANI (@ANI) August 29, 2026
ইপিনে,শুকুৰবাৰে ভাগৱতে নিউয়ৰ্কৰ ইস্কন মন্দিৰটো পৰিদৰ্শন কৰে । তেওঁ গৃহহীন লোকৰ বাবে খাদ্য বিতৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষ্ণ চেতনাই পৃথিৱীৰ সংঘাত আৰু বিভাজন আঁতৰ কৰাত সহায় কৰিব পাৰে বুলি কয় । মন্দিৰত ভক্তসকলক সম্বোধন কৰি ভাগৱতে মতানৈক্য আৰু সংঘাতৰ মাজতো মানুহক একত্ৰিত কৰাৰ ক্ষেত্ৰত চেতনাৰ গুৰুত্বৰ বিষয়ে ব্য়াখ্য়া কৰে । ভাগৱতে কয়, "আজিৰ পৃথিৱীত ইমানবোৰ সংঘাত, ইমানবোৰ দ্বৈতবাদ । একত্ৰিত হোৱা একমাত্ৰ বস্তুটোৱেই হ'ল চেতনা ।" তেওঁ পুনৰ কয়, "সকলো কৃষ্ণৰ অংশ বুলি মানুহৰ হৃদয়ত উপনীত হ'লে ই এখন উন্নত আৰু অধিক সুসম পৃথিৱী সৃষ্টিত অৰিহণা যোগাব পাৰে ।"
ইপিনে, চলিত সপ্তাহৰ আৰম্ভণিতে নিউয়ৰ্ক চহৰৰ মেয়ৰ জোহৰাণ মামদানীয়ে আৰএছএছৰ অনুষ্ঠানটোক সমৰ্থন নকৰে বুলিও কয় যদিও ব্যক্তিগতভাৱে সংগঠিত সমাৱেশ বাতিল কৰাৰ অধিকাৰ চহৰ প্ৰশাসনৰ আছে নে নাই সেই বিষয়ে তেওঁ নিশ্চিত নহয় বুলি স্বীকাৰ কৰে ।
ইফালে, অনুষ্ঠানত উপস্থিত থাকিব লগা আচাৰ্য মহামণ্ডলেশ্বৰ শ্ৰীস্বামী অভ্ধেশানন্দ গিৰিজী মহাৰাজে কয় যে এই অনুষ্ঠানৰ প্ৰতিবাদ কৰাসকলে নিজৰ মতামত প্ৰকাশ আৰু সমালোচনা কৰাৰ অধিকাৰ আছে ।
আৰএছএছ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে ‘সাৰ্বজনীন একতা উদযাপন’ক এক বৈচিত্ৰময়, বহুসংস্কৃতি আৰু বহুধৰ্মীয় দৰ্শকক একত্ৰিত কৰা আন্তঃধৰ্মীয় সমাৱেশ বুলি অভিহিত কৰে । ইপিনে,এই অনুষ্ঠানটোৰ পূৰ্বে হিন্দু আমেৰিকান ফাউণ্ডেচনেও নিৰাপত্তাৰ ক্ষেত্ৰত উপস্থিতসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:বিশ্ব সংস্কৃত দিৱসত ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু পুনৰুজ্জীৱনৰ ওপৰত গুৰুত্ব
নেপাল আৰু তিব্বতত ভয়াৱহ বানত নিহতৰ প্ৰতি শ্ৰদ্ধা নিবেদন দালাই লামাৰ

