ইণ্ডোনেছিয়াত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প, ছুনামিৰ সতৰ্কবাণী
শক্তিশালী ভূমিকম্পই জোকাৰি গ'ল পূব ইণ্ডোনেছিয়া । এজন লোকৰ মৃত্যু । কেইবাটাও অট্টালিকাৰ ক্ষতি ।

Published : April 2, 2026 at 1:24 PM IST
নতুন দিল্লী : পূব ইণ্ডোনেছিয়াত এক শক্তিশালী ভূমিকম্প । বৃহস্পতিবাৰে পুৱা ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি যায় সমগ্ৰ পূব ইণ্ডোনেছিয়া । যাৰ ফলত উত্তৰ সুলাৱেছি প্ৰদেশত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও অট্টালিকাৰ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে । স্থানীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু ইণ্ডোনেছিয়াৰ উদ্ধাৰ সংস্থাই এতিয়াও আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই যদিও আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে ভূমিকম্পৰ কেন্দ্ৰবিন্দু মলুকা সাগৰৰ ৩৫ কিলোমিটাৰ গভীৰতাত আছিল ।
এগৰাকী স্থানীয় বিষয়াই এ এফ পিক জনোৱা মতে উত্তৰ সুলাৱেছি প্ৰদেশৰ মানাডো চহৰত এটা অট্টালিকা ভাঙি এজন লোকৰ মৃত্যু হয় । টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, "ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিল আৰু মানাডোৰ আশে-পাশে এজন লোকৰ মৃত্যু হয় আৰু এজন লোকে ভৰিত আঘাত পায় ।"
এই ভূমিকম্পৰ ফলত প্ৰথমে আমেৰিকাৰ নিৰীক্ষণ সংস্থাই ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ১০০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 'বিপজ্জনক ছুনামি'ৰ সম্ভাৱনাৰ বিষয়ে সতৰ্কবাণী দিছিল যদিও পিছত এই সতৰ্কবাণী প্ৰত্যাহাৰ কৰে ।
ইয়াৰ পূৰ্বে হাৱাইস্থিত প্ৰশান্ত মহাসাগৰীয় ছুনামি সতৰ্কবাণী কেন্দ্ৰই এক সতৰ্কবাণী জাৰি কৰিছিল যে বিশেষকৈ ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু মালয়েছিয়াৰ উপকূলীয় অঞ্চলত ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ১০০০ কিলোমিটাৰ ভিতৰত বিপজ্জনক ছুনামিৰ সম্ভাৱনা আছে ।
ইণ্ডোনেছিয়াৰ বি এম কে জি ভূতাত্ত্বিক সংস্থাৰ মতে কম্পনৰ এঘণ্টাৰ ভিতৰতে উত্তৰ মিনাহাছাত ৭৫ চেণ্টিমিটাৰ উচ্চতাৰ সাগৰীয় ঢৌ দেখা যায় । বিটুঙত ২০ চেণ্টিমিটাৰ আৰু পশ্চিম হালমাহেৰাত ৩০ চেণ্টিমিটাৰ উচ্চতাৰ সাগৰীয় ঢৌ প্ৰত্যক্ষ কৰে । হনোলুলুৰ পেচিফিক ছুনামি সতৰ্কবাণী কেন্দ্ৰই জনোৱা মতে মালয়েছিয়া, ফিলিপাইনছ, টাইৱান আৰু পাপুয়া নিউগিনিতো মৃদু ছুনামিৰ সম্ভাৱনা আছে যদিও হাৱাই, গুৱাম আৰু অন্যান্য দূৰৱৰ্তী দ্বীপসমূহৰ বাবে কোনো ভাবুকি নাই ।
উল্লেখ্য যে ইণ্ডোনেছিয়া বিশ্বৰ অন্যতম ভূমিকম্প প্ৰবণ অঞ্চল । যাৰ বাবে প্ৰায়ে অঞ্চলটোত সৰু বৰ ভূমিকম্প হোৱা দেখা যায় ।
লগতে পঢ়ক :

